দৰঙত বিশ্ব এইডচ দিৱস উদযাপন...

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বৃহস্পতিবাৰে দৰঙতো আয়োজন কৰা হয় বিশ্ব এইডচ দিৱস
darrang
darrang

ডিজিটেল সংবাদ,‌ মঙলদৈ : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বৃহস্পতিবাৰে দৰঙতো আয়োজন কৰা হয় বিশ্ব এইডচ দিৱসৰ কাৰ্য্যসূচী। এই দিৱসৰ লগত সংগতি ৰাখি পুৱা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয়ৰ পৰা এক সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয়। এই কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই। মঙলদৈ চহৰৰ মাজেৰে উলিওৱা এই শোভাযাত্ৰাৰ পিছতে এখনি সজাগতামূলক সভা অনুষ্ঠিত হয়।

সভাত উপস্থিত প্ৰতিগৰাকী লোকেই ভাষণ প্ৰসংগত প্ৰতিৰোধেই এইডচৰ অন্যতম চিকিৎসা বুলি উল্লেখ কৰে। লগতে এই ৰোগৰ লক্ষণ দেখা দিয়া লগে চিকিৎসকৰ ওচৰ চাপিবলৈ অনুৰোধ জনায়। এই সভাত ডাঃ বিনোদ চন্দ্ৰ কলিতা, ডাঃ ৰমেশ ভট্ট, ডাঃ নিৰ্মল কুমাৰ বেৰিয়া, ডাঃ ৰমেশ চন্দ্ৰ গোস্বামী, ডাঃ দাউদ আলিকে ধৰি কেইবাজনো লোকে ভাষণ আগবঢ়ায়।

তেওঁলোকে সকলো স্বাস্থ্য কৰ্মীকে এই সন্দৰ্ভত সজাগ হৈ কাম কৰাৰ লগতে জনসাধাৰণক ইয়াৰ লক্ষণ সন্দৰ্ভত অৱগত কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা মাধ্যম বিশেষজ্ঞ জাহ্নৱী শৰ্মাই আঁতধৰা অনুষ্ঠানটিত জিলা পৰ্যায়ৰ কেইবাগৰাকীও স্বাস্থ্যকৰ্মী, আশা তথা ERADO আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।

শলাগৰ শৰাই আগবঢ়ায় জিলা সামূহিক সংগঠক মল্লিকা দেৱীয়ে। আনহাতে সজাগতামূলক শোভাযাত্ৰাত ডাঃ বিনোদ চন্দ্ৰ কলিতা, ডাঃ ৰমেশ ভট্ট, ডাঃ নিৰ্মল কুমাৰ বেৰিয়া, ডাঃ ৰমেশ চন্দ্ৰ গোস্বামী,ডাঃ দাউদ আলি, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আঁচনি প্ৰবন্ধক নয়না পৰাশৰকে ধৰি অৰ্ধ শতাধিক লোকে অংশ লয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in