ত্ৰিপুৰাত ডেৰ কোটি মূল্যৰ গাঞ্জা জব্দ...

ত্ৰিপুৰাৰ ধলাই জিলাত বুজন পৰিমাণৰ গাঞ্জা জব্দ
tripura
tripura

ডিজিটেল সংবাদ, শিলচৰ : ত্ৰিপুৰাৰ ধলাই জিলাত বুজন পৰিমাণৰ গাঞ্জা জব্দ ৷ অসম ৰাইফলছ আৰু ত্ৰিপুৰা আৰক্ষীৰ যুটীয়া অভিযানত জব্দ ১.৫ কোটি টকাৰ গাঞ্জা ৷ ধলাইৰ মুংগিয়াকামিত এখন বাহনত চলোৱা হৈছিল অভিযান ৷ বাহন খনৰ পৰা জব্দ ৩৮৬ কেজি গাঞ্জা ৷ জব্দ কৰা গাঞ্জাখিনিৰ মূল্য ১.৫ কোটি টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে ৷

গাঞ্জাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাহন খনৰ চালক লালন ৰয়ক ৷ উল্লেখ্য় যে গোপন তথ্যৰ ভিত্তিত অসম ৰাইফলছৰ ৰাধাননগৰ বেটেলিয়ন আৰু মুংগিয়াকামি আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা অভিযান চলাই বাহন খনৰ পৰা জব্দ কৰে ডেৰ কোটি টকা মূল্যৰ ৩৮৬ কেজি গাঞ্জা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in