পুনৰ দৰঙলৈ সুনাম কঢ়িয়াই আনিলে মঙলদৈৰ জ্যোতিস্মিতাই

অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা পৰিচালিত প্ৰবীণ পৰীক্ষাত মঙলদৈৰ জ্যোতিস্মিতা তালুকদাৰ প্ৰথম স্থান অধিকাৰ কৰি মঙলদৈলৈ সুনাম কঢ়িয়াই আনে।

author-image
Asomiya Pratidin
New Update
পুনৰ দৰঙলৈ সুনাম কঢ়িয়াই আনিলে মঙলদৈৰ জ্যোতিস্মিতাই

ডিজিটেল সংবাদ,‌মঙলদৈ: দৰঙলৈ সুনাম কঢ়িয়াই আনিসে জ্য়োতিস্মিতাই। অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা পৰিচালিত প্ৰবীণ পৰীক্ষাত মঙলদৈৰ জ্যোতিস্মিতা তালুকদাৰ প্ৰথম স্থান অধিকাৰ কৰি মঙলদৈলৈ সুনাম কঢ়িয়াই আনে।

Advertisment

মঙলদৈ ভেবাৰঘাট নিবাসী তিলক তালুকদাৰ আৰু চন্দামিকা তালুকদাৰৰ সুযোগ্যা কন্যা জ্যোতিস্মিতা তালুকদাৰে এই বৰ্ষত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত বিজ্ঞান শাখাত শিক্ষা গ্ৰহণ কৰি আছে।

উল্লেখযোগ্য যে পূৰ্বেও জ্যোতিস্মিতাই ২০১৮ বৰ্ষত প্ৰৱেশিকা পৰীক্ষা আৰু ২০১৯ বৰ্ষত প্ৰবোধ পৰীক্ষাততো অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

সদ্য ঘোষিত ২০২২ বৰ্ষৰ অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা পৰিচালিত প্ৰবীণ পৰীক্ষাত অসমৰ ২১০৫ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত মঙলদৈৰ জ্যোতিস্মিতা তালুকদাৰে প্ৰথম স্থান অধিকাৰ কৰাত মঙলদৈৰ লগতে জিলাখনত আনন্দৰ জোৱাৰ উঠে।

আৰু পঢ়ক: ৰাষ্ট্ৰীয় স্তৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষাত উজলিল চিৰাঙৰ প্ৰদ্যুম্ন ঘোষাল,স্বৰ্ণ পদক লাভ

assam darrang