ৰাষ্ট্ৰীয় স্তৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষাত উজলিল চিৰাঙৰ প্ৰদ্যুম্ন ঘোষাল,স্বৰ্ণ পদক লাভ

কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষাত ঔষধ ৰসায়ন বিজ্ঞান বিভাগত বিশ্ববিদ্যালয়ৰ শীৰ্ষ স্থান লাভ দখলেৰে স্বৰ্ণপদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় স্তৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষাত উজলিল চিৰাঙৰ প্ৰদ্যুম্ন ঘোষাল,স্বৰ্ণ পদক লাভ

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ এগৰাকী মেধা সম্পন্ন ছাত্ৰই ৰাষ্ট্ৰীয় স্তৰত জিলিকি উঠে। কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষাত ঔষধ ৰসায়ন বিজ্ঞান বিভাগত বিশ্ববিদ্যালয়ৰ শীৰ্ষ স্থান লাভ দখলেৰে স্বৰ্ণপদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ১ ডিচেম্বৰ উত্তৰাখণ্ডৰ শ্ৰীনগৰ গড়ৱাল স্থিত হেমৱতী নন্দন বহুগুনা গড়ৱাল কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দশম বাৰ্ষিক দীক্ষান্ত সমাৰোহ অনুষ্ঠানত চিৰাং জিলাৰ কাশিকোত্ৰাৰ মেধাৱী ছাত্ৰ প্ৰদ্যুম্ন ঘোষালে স্নাতকোত্তৰ পৰীক্ষাত ঔষধ ৰসায়ন বিজ্ঞান বিভাগত (Pharmaceutical chemistry) বিশ্ববিদ্যালয়ৰ ভিতৰত শীৰ্ষ স্থান দখল কৰাৰ লগতে স্বৰ্ণপদক লাভ কৰে ।

Advertisment

গুণগত শিক্ষাৰ দিশত অতিকৈ পিচপৰা জিলা হিচাপে চিহ্নিত চিৰাং জিলাৰ পৰা এগৰাকী ছাত্ৰই ৰাষ্ট্ৰীয় স্তৰৰ বিশ্ববিদ্যালয়ত শীৰ্ষস্থান কৰি জিলা খনলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ প্ৰদ্যুম্ন ঘোষাল চিদলী কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় উপাধ্যক্ষ শ্ৰীযুত গৌতম ঘোষাল আৰু শেৱালী ঘোষালৰ একমাত্ৰ পুত্ৰ । বিশ্ববিদ্যালয়ৰ এই দশম বাৰ্ষিক দীক্ষান্ত সমাৰোহত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পাহলে ইণ্ডিয়া ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা ভাৰত চৰকাৰৰ নীতি আয়োগ প্ৰাক্তন উপাধ্যক্ষ ড° ৰাজীব কুমাৰে প্ৰদ্যুম্ন ঘোষালক স্বৰ্ণপদক প্ৰদান কৰে ।

দীক্ষান্ত সমাৰোহ অনুষ্ঠানত হেমৱতী নন্দন বহুগুনা গড়ৱাল কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপ চ্যান্সেলৰ অধ্যাপক অন্নপূৰ্ণা নৌতিয়াল, বিশেষ অতিথি ড° যোগেন্দ্ৰ নাৰায়ণ, আই এ এছ (অৱসৰপ্ৰাপ্ত) তথা মাননীয় চ্যান্সেলৰ হেমৱতী নন্দন বহুগুনা গড়ৱাল কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু বিশিষ্ট ঢোল বাদক শ্ৰীসোহনলাল অতিথি হিচাপে উপস্থিত থাকে। প্ৰদ্যুম্নই বি, চি, চি, কেম্পাছ শ্ৰীনগৰ গড়ৱাল উত্তৰাখণ্ডৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই দীক্ষান্ত সমাৰোহ কাৰ্যসূচীত সোণৰ পদক লাভ কৰে, উল্লেখ্য যে এই দীক্ষান্ত সমাৰোহত প্ৰদ্যুম্নৰ লগতে অইন ৮২ গৰাকী গৱেষকক পি এইচ ডি ডিগ্ৰী আৰু ৪৩ টা স্বৰ্ণ পদক প্ৰদান কৰা হয়।

আৰু পঢ়ক: ৬০ সংখ্যক নাগালেণ্ড প্ৰতিষ্ঠা দিৱস, উপ-ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰিলে হৰ্ণবিল ফেষ্টিভেল

assam chirang