/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/37fd65f0-a42c-4dfe-b9ed-22ced317a05d/Mongaldoi.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : ৰাজ্যৰ পঞ্চায়তে পঞ্চায়তে এতিয়া অৰুণোদয় কেলেংকাৰী। এফালে বঞ্চিত হৈছে দুখীয়া-দৰিদ্ৰ, আনফালে আকৌ দায়িত্বত থকা বিষয়াৰ অঙহী-বঙহীয়ে স্থান পাইছে এই আঁচনিত। দৰঙতো অৰুণোদয় আঁচনিৰ নামত সংঘটিত হৈছে কেলেংকাৰী ।
এইবাৰ আঁচনিৰ নামত কেলেংকাৰীৰ অভিযোগ আনিলে খোদ শাসকীয় দলৰ ছিপাঝাৰৰ বিধায়কৰ পৰমানন্দ ৰাজবংশীয়ে। অৰুণোদয় বঞ্চিত একাংশ মহিলাৰ হৈ উত্তৰ বিচাৰি বিধায়ক পৰমানন্দ ৰাজবংশী মঙ্গলবাৰে উপস্থিত হয় উপায়ুক্তৰ কাৰ্যালয়ত। অৰুণোদয় ক্ষেত্ৰত বৃহৎ কেলেংকাৰীৰ অভিযোগ তোলে ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী আৰু দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে ।
মঙ্গলবাৰে আবেলি দুই বিধায়কে দৰঙৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাতেক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰে। অৱশ্যে এইক্ষেত্ৰত মাত্ৰ মহিলা বা বিধায়কে নহয় উপায়ুক্তক অৰুণোদয় আচঁনিত বৃহৎ খেলিমেলিৰ অভিযোগ দিয়ে দৰং জিলাৰ পঞ্চায়ত সমূহৰ সভাপতি সকলেও। ধনৰ বিনিময়ত প্ৰকৃত তালিকাৰ বিপৰীতে নিজৰ পছন্দৰ লোকৰ নাম অন্তৰ্ভূক্তি কৰাৰ অভিযোগ পঞ্চায়তত।
Also Read: ৰাজ্যত বৰদৈচিলাৰ তাণ্ডৱ: ঢকুৱাখনাত ৩০ টা পৰিয়াল গৃহহীন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us