/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/2b0bbef9-5f37-4dd3-9fc2-36f67dbf8f8d/Dhumuha.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যত বিগত কেইদিনত বৰদৈচিলাৰ তাণ্ডৱ পৰিলক্ষিত হৈছে। এইবাৰ এজাক বিধ্বংসী ধুমুহাই নিঃশেষ কৰিলে ঢকুৱাখনা মহকুমাৰ পূব ঢকুৱাখনা পঞ্চায়তৰ বিস্তৰ এলেকা। বুধবাৰে পুৱা প্ৰায় ৫-১০ বজাত হঠাৎ তীব্ৰ বেগত অহা এজাক ঘূর্ণী বতাহে পূব ঢকুৱাখনা পঞ্চায়তৰ যোগীসুঁতি আৰু ভলুকাজান গাঁৱৰ প্ৰায় ৩০ টা বাসগৃহ নিমিষতে ভাঙি চুৰমাৰ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/b8fae5c0-02c3-45bc-9017-e3ce3c6fba91/WhatsApp_Image_2023_04_26_at_9_18_51_AM.jpeg)
গাঁও দুখনৰ অম্বেশ্বৰ পেগু, সুৰেশ দলে, জগদীশ দলে, কোলামানো দলে, লক্ষ্য নাথ দলে, লাল বাহাদুৰ দলে, বিদ্ধেশ্বৰ পেগু, জীৱন পেগু, উনৰাম পেগু আদি কৰি প্ৰায় ৩০ গৰাকী ব্যক্তিৰ ঘৰৰ ছাল, টিনপাত, বেৰ আদি উৰুৱাই নিয়ে ধুমুহা জাকে। ধুমুহাৰ কোবত গছ-গছনি ভাঙি সৰ্বশ্ৰান্ত কৰে হোৱাৰ পৰিলক্ষিত হৈছে। উল্লেখ্য যে, ধুমুহাৰ লগতে প্ৰবল শিলাবৃষ্টিয়ে প্ৰায় ২০ মিনিট ধৰি তাণ্ডৱ চলোৱা সময়ত গাঁৱখনৰ এগৰাকী বৃদ্ধাক উদ্ধাৰ কৰিবলৈ যাওঁতে মুহিধৰ পেগু এজন লোক আহত হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/82bdf297-ea69-4971-8f7c-12cc701e2666/WhatsApp_Image_2023_04_26_at_9_18_50_AM.jpeg)
তীব্ৰ বেগী ধুমুহা জাকে চলোৱা অবৰ্ণনীয় সন্ত্ৰাসৰ পাছত লোটাচুৰৰ লাট গাঁও প্ৰধান খগেন পেগু ধুমুহা বিধ্বস্ত এলেকাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ জৰীপ কৰে আৰু ঢকুৱাখনা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অৱগত কৰে। ঘৰ-বাৰী সকলো প্ৰাকৃতিক দুৰ্যোগৰ কৰাল গ্ৰাসত পৰি সৰ্বহাৰা হোৱা বিধ্বস্ত পৰিয়াল সমূহক চৰকাৰী ভাৱে এককালীন অৰ্থ সাহায্য প্ৰদানৰ আহ্বান জনাইছে সচেতন ৰাইজ আৰু মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ ঢকুৱাখনা জিলা সমিতিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/97976639-d660-4f6d-860e-61a52a801bf1/WhatsApp_Image_2023_04_26_at_9_09_58_AM.jpeg)
Also Read: গীনিজ বুকত হেমকোষৰ ব্ৰেইল সংস্কৰণৰ স্থান লাভে গৌৰৱান্বিত কৰিছে দেশবাসীক: ভাৰতেন্দু পাণ্ডে