দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উপলক্ষে আলোচনা সত্ৰ...

দৰং জিলা সাহিত্য সভা সোণালী জয়ন্তী বৰ্ষীয় কাৰ্যসূচী হিচাপে বিদ্যায়তনিক উপ-সমিতিৰ তত্বাৱধানত দৰং একাডেমীৰ উদ্যোগত আয়োজন কৰা হয় বিশেষ আলোচনা সত্ৰ...

author-image
Asomiya Pratidin
New Update
দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উপলক্ষে আলোচনা সত্ৰ...

ডিজিটেল সংবাদ,‌ মঙলদৈ : দৰং জিলা সাহিত্য সভা তথা দৰং একাডেমীৰ উদ্যোগত দৰঙত এক বিশেষ আলোচনা সত্ৰ। খাদ্য বিসংগতিৰ বাবে দৰঙত মানৱ সম্পদৰ বিস্তৰ ক্ষতি। মানুহৰ গড় আয়ু মাত্ৰ ৬১ বছৰ। খাদ্যৰ বিসংগতি আৰু উপযুক্ত খাদ্যৰ অভাৱত এনে ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে। যদিও কেইবিধমান খাদ্য সামগ্ৰী বিদেশলৈ ৰপ্তানি হৈছে তথাপি আমি অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰা খাদ্য সামগ্ৰী কম মূল্যত পোৱা বাবে ব্যৱহাৰ কৰিব লগা হৈছে।

Advertisment

দৰঙৰ মানুহৰ জনমূৰি আয় মাত্ৰ ৫৯.৭ শতাংশ। সোমবাৰে দৰং জিলা সাহিত্য সভা সোণালী জয়ন্তী বৰ্ষীয় কাৰ্যসূচী হিচাপে বিদ্যায়তনিক উপ-সমিতিৰ তত্বাৱধানত দৰং একাডেমীৰ উদ্যোগত আয়োজন কৰা আলোচনা সত্ৰত মূল বক্তৃতা প্ৰদান কৰি মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰী মুৰব্বী অধ্যাপক পৰেশ কুমাৰ শৰ্মাই এই মন্তব্য কৰে।ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত আলোকপাত কৰি তেওঁ ছাত্ৰ-ছাত্ৰী সকলক ৰাষ্ট্ৰীয় শিক্ষানীতিক আকোঁৱালি লৈ নিজৰ লগতে দৰং জিলাৰ সৰ্বাঙ্গীণ উন্নয়নত আগবাঢ়ি যাবলৈ আহ্বান জনায়।

সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক গৌতমানন্দ গোস্বামী আৰু বিদ্যায়তনিক উপ সমিতিৰ আহ্বায়ক প্ৰফুল্ল দেৱশৰ্মাই আঁত ধৰা আলোচনা সত্ৰ আৰম্ভণিতে চিৰ চেনেহী মোৰ ভাষা জননী গীত পৰিৱেশন কৰা হয়। দৰং একাডেমীৰ অধ্যক্ষা মীৰা কুমাৰী ডেকাই আদৰণি ভাষণ প্ৰদান কৰা আলোচনা সত্ৰত একাডেমীৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

কৌপাতী বল্লভ ভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষা কুঞ্জ দেৱীয়ে সঞ্চালনা কৰা অনুষ্ঠানত দলগাওঁ ডায়েটৰ অৱসৰী অধ্যক্ষ দেবেন্দ্ৰ কুমাৰ কলিতা, শিক্ষক তৰুণ চন্দ্ৰ শৰ্মা, চপাই সাহিত্য সভাৰ সভাপতি সূৰ্য কুমাৰ ডেকা, মঙলদৈ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কালিন্দ্ৰ বৰুৱা, সমাজসেৱিকা অনিমা চহৰীয়া, একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ শিল্পীকা শৰ্মা, ডেইজী ভৰদ্বাজ, দীপশিখা শইকীয়া, ৰাহুল কুমাৰ ডেকা আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত শিল্পী অনিমা চহৰীয়া আৰু সংগীবৃন্দই দৰঙৰ স্বাধীমান চিয়াগীত পৰিৱেশন কৰে।

Also Read: দেৱীপ্ৰসাদ বাগড়োদিয়ালৈ অসম সাহিত্য সভাৰ "বাসুদেৱ জালান সোঁৱৰণি বঁটা-২০২২"...

asom sahitya sabha darrang