দেৱীপ্ৰসাদ বাগড়োদিয়ালৈ অসম সাহিত্য সভাৰ "বাসুদেৱ জালান সোঁৱৰণি বঁটা-২০২২"...

দেৱীপ্ৰসাদ বাগড়োদিয়ালৈ অসম সাহিত্য সভাৰ "বাসুদেৱ জালান সোঁৱৰণি বঁটা-২০২২"...

লেখক দেৱীপ্ৰসাদ বাগড়োদিয়ালৈ অসম সাহিত্য সভাৰ বাসুদেৱ জালান সোঁৱৰণি বঁটা ২০২২, ডিব্ৰুগড়ত বঁটা প্ৰদানৰ বিশেষ আয়োজন...

ডিজিটেল ডেস্ক : অসম সাহিত্য সভাই প্ৰতি দুটাবছৰৰ মূৰে মূৰে বাসুদেৱ জালান সোঁৱৰণি বঁটা প্ৰদান কৰি আহিছে। পাঠশালা তথা বৃহত্তৰ অঞ্চলৰ সমাজ-সংস্কৃতিৰ লগত ওতপ্ৰোত:ভাৱে জড়িত সমাজসেৱী বাসুদেৱ জালানৰ সোঁৱৰণিত এই বঁটা প্ৰদান কৰে। এইবাৰো দুটা বছৰৰ অন্তত এই বঁটা প্ৰদান কৰা হ'ব।

এইবাৰৰ অৰ্থাৎ "বাসুদেৱ জালান সোঁৱৰণি বঁটা-২০২২" প্ৰদান কৰাৰ বাবে সাজু হৈছে অসম সাহিত্য সভা। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিৰ মতে, এইবাৰৰ "বাসুদেৱ জালান সোঁৱৰণি বঁটা-২০২২" প্ৰদান কৰা হ'ব ডিব্ৰুগড়ৰ বিশিষ্ট লেখক তথা সমাজ সেৱক দেৱীপ্ৰসাদ বাগড়োদিয়াক। অহা ৭ মে' ২০২৩ তাৰিখে ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত লেখক গৰাকীক প্ৰদান কৰা হ'ব এই বঁটা।

উল্লেখ্য যে, দেৱীপ্ৰসাদ বাগড়োদিয়াই বহু কেইখন অসমীয়া গ্ৰন্থ হিন্দী ভাষা লৈ অনুবাদ কৰি পাঠকৰ সমাদৰ লাভ কৰিছে। ইয়াৰ ভিতৰত তেওঁ অনুবাদ কৰা মূল কেইখনমান গ্ৰন্থ হ'ল শ্ৰীশ্ৰী শংকৰদেৱ ৰচিত ধৰ্মীয় গ্ৰন্থ গুণমালা, বৰগীত, শ্ৰীশ্ৰী মাধৱদেৱৰ নামঘোষা, ড° নগেন শইকীয়াৰ মিতভাষ আদি।

দেৱীপ্ৰসাদ বাগড়োদিয়ালৈ অসম সাহিত্য সভাৰ "বাসুদেৱ জালান সোঁৱৰণি বঁটা-২০২২"...
জঘন্য! ৰাজপথতে দুই যুৱতীক বাঁহ, লাঠীৰে প্ৰহাৰ একাংশ উদণ্ডলোকৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in