
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ তিতাগুৰী হাইস্কুলৰ নিকটৰ জেডি পথত কালি নিশা প্ৰায় ৯:৩০ মান বজাত সংঘটিত হোৱা এক ভয়ানক দুৰ্ঘটনাত অলংবাৰ নাৰ্জাৰী (৩২) নামৰ এগৰাকী যুৱক থিতাতে নিহত হয় । নিজৰ দোকান বন্ধ কৰি তিতাগুৰীৰ স্বগৃহলৈ ওভতাৰ পথতে পিছপিনৰ পৰা দুখন গাড়ীয়ে অলংবাৰ নাৰ্জাৰী (৩২)ক মহতিয়াই নিয়ে আৰু ঘটনাস্থলীতে তেওঁৰ কৰুণ মৃত্যুক সাৱটি লয় ।
প্ৰাপ্ত বাতৰি অনুসৰি অলংবাৰ নাৰ্জাৰীয়ে নিজ দোকান বন্ধ কৰি এ এছ ২৬ ডি ২৭২৪ স্কুটীৰে নিজ ঘৰলৈ গৈ থাকোতে তিতাগুৰী পশু চিকিৎসালয় আৰু তিতাগুৰী হাইস্কুলৰ মাজৰ জেডি পথত পিছপিনৰ পৰা এখন আই-২০ গাড়ীয়ে( AS 16 K 2780) প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। গাড়ীৰ প্ৰচণ্ড খুন্দাৰ ফলত অলংবাৰ নাৰ্জাৰী পথৰ ওপৰতে ছিটিকি পৰে আৰু পিছমুহূৰ্ততে আন এখন ভেন্যু গাড়ী ( নং - AS 19 T 1782) অলংবাৰ নাৰ্জাৰীৰ মূৰৰ ওপৰেদি গুচি যায় ।
বালাগাঁও আৰক্ষীয়ে খবৰ লাভ কৰিয়ে ঘটনাস্থলীত উপস্থিত হৈ অলংবাৰ নাৰ্জাৰীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। তদুপৰি আৰক্ষীয়ে দুয়োখন গাড়ীকে জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে বিকাশ নাৰ্জাৰী নামৰ এগৰাকী চালকক আটক কৰিছে ।
চালকগৰাকী সুৰাসক্ত হৈ আছিল বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, প্ৰায় তিনিমাহ পূৰ্বে অলংবাৰ নাৰ্জাৰী বিবাহপাশত আৱদ্ধ হৈছিল আৰু অতি নিৰ্জু স্বভাৱৰ অলংবাৰ নাৰ্জাৰীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে ।