আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত ধেমাজি জিলা আছুৰ ১০ ঘন্টীয়া অনশন..

আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত ধেমাজি জিলা আছুৰ ১০ ঘন্টীয়া অনশন..
আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত ধেমাজি জিলা আছুৰ ১০ ঘন্টীয়া অনশন..

ডিজিটেল সংবাদ ধেমাজিঃ অত্যাৱশ্যকীয় খাদ্য বস্তু আৰু নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধত অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত আৰু অতিশীঘ্ৰেই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত মঙ্গলবাৰে পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজাৰলৈ ধেমাজি থানা তিনিআলি সমীপৰ শ্বহীদ বেদীৰ সন্মুখত ধেমাজি জিলা ছাত্ৰ সন্থাই অনশন তথা ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰায় ডেৰ শতাধিক আছু কৰ্মীয়ে যোগান বিভাগ নামত আছে, কামত নাই, প্ৰেট্ৰল-ডিজেলৰ ওপৰত আৰোপ কৰা অত্যাধিক কৰ পৰিহাৰ কৰক, বজাৰত লাগিছে জুই, বিজেপি চৰকাৰ আছে শুই, ক'লা বেপাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক,নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰক, অসম চৰকাৰ হায় হায়, চাউলৰ দাম হ্ৰাস কৰক, জীৱনদায়িনী ঔষধৰ দাম হ্ৰাস কৰক, যোগান বিভাগ লেই লেই ছেই ছেই ইত্যাদি শ্লোগান লিখা বেনাৰ, পোষ্টাৰ প্ৰদৰ্শন কৰে।

অনশনৰ সামৰণিত ধেমাজি উচ্চতৰ মাধ্যিমক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী তথা সাংস্কৃতিক কৰ্মী জোনমনি হাজৰিকাই খীৰ খোৱাই অনশন ভংগ কৰে ৷ কাৰ্য্যসূচীৰ শেষত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷

ধেমাজি জিলা ছাত্ৰ সন্হাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে আঁতধৰা প্ৰতিবাদী সভাত ধেমাজি জিলা ছাত্ৰ সন্হাৰ সভাপতি সঞ্জীৱ দাস, জিলা উপদেষ্টাদ্বয় দিপক শৰ্মা আৰু কল্যাণ গগৈ আছুৰ কেন্দ্ৰীয় তথ্য সম্পাদক মন্টুৰাজ বৰুৱা, কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহকদ্বয় ৰাজীৱ গগৈ আৰু ৰবি কছাৰীয়ে উপস্থিত থাকে ৷

আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত ধেমাজি জিলা আছুৰ ১০ ঘন্টীয়া অনশন..
ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ত কৰ্কট ৰোগৰ সজাগতা সভা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in