বাক্সাৰ মুছলপুৰত অবড়ো নেতা জোন দাসৰ সংবাদমেল

বাক্সাৰ মুছলপুৰত অবড়ো নেতা জোন দাসৰ সংবাদমেল

ডিজিটেল সংবাদ, মুছলপুৰ: পুনৰ বিভাজিত হ'ল যোগেশ্বৰ কলিতা নেতৃত্বাধীন অবড়ো সুৰক্ষা সমিতি৷ বিটিআৰত বসবাস কৰা অবড়ো লোকসকলৰ অধিকাৰৰ বাবে গঠন হৈছিল অবড়ো সুৰক্ষা সমিতি৷ সম্প্ৰতি সংগঠনটোৰ মুখ্য সম্পাদক যোগেশ্বৰ কলিতাৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ৷

অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসে মঙলবাৰে এক সংবাদমেল যোগে মুখ্য সম্পাদক যোগেশ্বৰ কলিতাৰ বিৰুদ্ধে আনিছে ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা কৰাৰ অভিযোগ ৷ আনকি নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন জি এছ পি দলৰ সৈতে মিত্ৰতা কৰি সাত লাখ টকাৰ ঠিকা লোৱাৰো অভিযোগ কৰে অবড়ো সংগঠনটোৰ নেতা জোন দাসে ৷ সংবাদমেলত জোন দাসে বিক্ৰী যোৱা নেতাৰ সংগঠনৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই বুলিও স্পষ্ট কৰি দিয়ে৷

ইফালে সাংসদ নৱ কুমাৰ শৰণীয়াকো মুকলি প্ৰত্যাহ্বান জনাই অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসে ৷ উল্লেখ্য যে কেইদিন মান পূৰ্ৱে সাংসদ নৱ কুমাৰ শৰণীয়াই জোন দাসক চিনি নাপাও বুলি সংবাদ মাধ্যমত মন্তব্য কৰিছিল ৷ তেনেক্ষেত্ৰত আজি অবড়ো নেতাগৰাকীয়ে সাংসদগৰাকীক মুকলি প্ৰত্যাহ্বান জনায় ৷

জাতিৰ প্ৰমান পত্ৰৰ বাবে ন্যায়ালয়ৰ কাঠগঢ়াত সাংসদগৰাকী যেতিয়া থিয় হ'ব লগা হৈছিল, তেতিয়া তেওঁৰ ওচৰত কোন আছিল সেই কথা মনত কৰিবলৈ আহ্বান জনাই জোন দাসে ৷ তেওঁ কয় যে, সাংসদ নৱ কুমাৰ শৰণীয়াই জোন দাসক চিনিব নালাগে, বিটিআৰত বসবাস কৰা ২২ লক্ষ অবড়ো ৰাইজক চিনি পাই নে নাপায় সেইটোহে ডাঙৰ প্ৰশ্ন ৷ যিদিনাই বিটিআৰৰ ৰাইজে নৱ শৰণীয়াক চিনি নাপাও বুলি কব তেতিয়াই সকলো শেষ হৈ যাব বুলি প্ৰকাশ কৰে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসে ৷

বাক্সাৰ মুছলপুৰত অবড়ো নেতা জোন দাসৰ সংবাদমেল
ৰঙিয়া মহকুমাধিপতি দ্বীপন বৰ্মনৰ দেহৰক্ষী প্ৰত্যাহাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in