ৰঙিয়া মহকুমাধিপতি দ্বীপন বৰ্মনৰ দেহৰক্ষী প্ৰত্যাহাৰ

ৰঙিয়া মহকুমাধিপতি দ্বীপন বৰ্মনৰ দেহৰক্ষী প্ৰত্যাহাৰ

author-image
Asomiya Pratidin
New Update
ৰঙিয়া মহকুমাধিপতি দ্বীপন বৰ্মনৰ দেহৰক্ষী প্ৰত্যাহাৰ

ডিজিটেল ডেস্কঃ আৰক্ষীক উদ্দেশ্যি বিৰূপ মন্তব্য কৰি গৃহ বিভাগৰ ৰোষত পৰিছে ৰঙিয়াৰ মহকুমাধিপতি SDO(CIVIL) দ্বীপন বৰ্মন। এখন সভাত অসম আৰক্ষীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য প্ৰদান কৰিছিল মহকুমাধিপতিগৰাকীয়ে। পৰৱৰ্তী সময়ত মহকুমাধিপতিগৰাকীয়ে মন্তব্য কৰা ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

Advertisment

সামাজিক মাধ্যমত ভিডিঅটো ভাইৰেল হোৱাৰ পাছতেই গৃহ বিভাগে পদক্ষেপ গ্ৰহণ কৰে দ্বীপন বৰ্মনৰ বিৰুদ্ধে। বিষয়াগৰাকীৰ পি এচ অৰ লগতে গৃহৰক্ষীসহ ৫ জন আৰক্ষী জোৱানক প্ৰত্যাহাৰ কৰে গৃহ বিভাগে।

উল্লেখ্য যে, দেহৰক্ষী জোৱানৰ প্ৰত্যাহাৰৰ কথা স্বীকাৰ কৰিছে মহকুমাধিপতি দ্বীপন বৰ্মনে। ইতিমধ্যেই সমগ্ৰ ঘটনা সন্দৰ্ভত ক্ষমা প্ৰাৰ্থনা কৰিছে ৰঙিয়াৰ মহকুমাধিপতি গৰাকীয়ে।

Also Read: অভিলেখ : অষ্টমবাৰৰ বাবে বেলন ডি অৰ বঁটা লাভ ফুটবল তাৰকা লিয়নেল মেছিৰ

rongia