/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/1aae741f-3e1b-4521-9c3b-c7f1dbe81046/baksha_11.jpg)
বাক্সাত ৰাষ্ট্ৰীয় লোক আদালতত বিভিন্ন গোচৰৰ ব্যয়হীন নিষ্পত্তি...
ডিজিটেল সংবাদ বাক্সাঃ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত তথা বাক্সা জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি বাক্সা জিলাৰ বাথৌফুৰিস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ চৌহদত বাক্সা আৰু তামুলপুৰ জিলাৰ বিভিন্ন গোচৰ নিষ্পত্তি কৰা হয় ।
ক্ষীপ্ৰ, ব্যয়হীন আৰু সৌহাদ্যপূৰ্ণ নিষ্পত্তি প্ৰক্ৰিয়াত উপস্থিত থাকে কেন্দ্ৰীয় ন্যায়িক দণ্ডাধীশ অৰূপ জ্যোতি বৈশ্য আৰু জিলা আৰু সত্ৰ ন্যায়াধীশ নইম উদ্দিন আহমেদ। এই ৰাষ্ট্ৰীয় লোক আদালতত বিজুলী বিভাগ, বেংক সম্পৰ্কীয়, যান-বাহন আইনৰ অধীনৰ গোচৰ তথা আদালতত থকা আপোচ কৰিব পৰা গোচৰ ইত্যাদিৰ লগতে পাৰিবাৰিক কন্দলজনিত গোচৰ, দেৱানী গোচৰ, চেক বাউঞ্চৰ গোচৰ ইত্যাদি নিষ্পত্তি কৰে।
এই লোক আদালতত ব্যয়হীন নিষ্পত্তিৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ৰাইজৰ সহায় হয় বুলি মন্তব্য কৰে বাক্সা জিলা আইন সেৱা প্ৰাধিকৰণ সচিব মনশ্ৰীপৰ্ণা খাউণ্ডে।
Also Read: সুৰা বিপ্লৱ...