সুৰা বিপ্লৱ...

সুৰা বিপ্লৱ...
সুৰা বিপ্লৱ...

মদ বা সুৰা খোৱাতো বেয়া। সুৰা সেৱন স্বাস্থ্যৰ পক্ষে হানিকাৰক। বহু ৰাজ্যই নিষিদ্ধ কৰিছে সুৰাৰ বিক্ৰী। কিন্তু অসম ব্যতিক্ৰম। সুৰাৰ বিক্ৰী কিয় কম হৈছে তাক লৈ চিন্তিত ৰাজ্যখনৰ বৰমূৰীয়া।

এদিন আবকাৰী বিভাগৰ দায়িত্বত থকা উচ্চ পদস্থ বিষয়াগৰাকীক মাতি আনিলে তেওঁ।সুৰাৰ বিক্ৰীৰ পৰা সংগৃহীত ৰাজহ কিয় ইমান কম হৈছে বুলি জবাবদিহি কৰিলে। সেয়া বৃদ্ধি কৰিব লাগিব বুলিও মৌখিক নিৰ্দেশ দিলে।

ৰজাৰ নিৰ্দেশ অমান্য কৰাৰ সাহস কাৰ? তলতীয়া বিষয়াসকললৈ তেওঁ যাৱতীয় নিৰ্দেশনা জাৰি কৰিলে। বৃদ্ধি কৰিব লাগিব সুৰাৰ বিক্ৰী, বঢ়াব লাগিব ৰাজহ। বছৰৰ শেষৰফালে এনে নিৰ্দেশনা জাৰি হয়। কিন্তু এইবাৰ পৃথক।

ৰাজ্যৰ কেইখনমান জিলাক এনে নিৰ্দেশ জাৰি কৰিলে যে, সেই নিৰ্দেশ দেখি জিলা কেইখনৰ আবকাৰী বিষয়াসকলৰে চকু কপালত উঠিল। ইমান টকাৰ সুৰা বিক্ৰী যে সম্ভৱ নহয় সেয়া জানিও আবাকাৰী বিভাগৰ পৰিদৰ্শক সকলে সুৰা বিপণীৰ মালিকলৈ ফোন লগালে।

এনেকৈয়ে দিয়া হ'ল টাৰ্গেত। ২০২৩ ৰ তুলনাত এপ্ৰিল মাহত ২০২৪ ত ভাবিব নোৱাৰা ধৰণে সুৰাৰ বিক্ৰী হ্ৰাস হৈছে। সেইহে চিন্তিত ঋণগ্ৰস্ত চৰকাৰ। প্ৰতিদিনে অতি কমেও ডেৰশ লিটাৰকৈ সুৰা বিক্ৰী এখন বিপণীয়ে কৰিলেহে সেই টাৰ্গেট বিপণীৰ মালিকে পূৰণ কৰিব পাৰিব।

সুৰা বিক্ৰীৰ বৃদ্ধিৰ এই নিৰ্দেশৰ খবৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। সেই সময়ত এজন সুৰা বিপণীৰ মালিকে কিয় বিক্ৰী কমিগৈছে তাৰো কাৰণ ব্যাখ্যা কৰিলে। তেওঁৰ মতে ২০২৩ ত ধৰক এটা কোৱাৰ্টাৰ গ্ৰাহকে ১১৫ টকাত কিনিছিল। সেই বছৰৰ ১ জুনত ইয়াৰ দাম বৃদ্ধি কৰিলে ১৩০ টকালৈ। তাৰ পাছত অতি শেহতীয়াকৈ সেই কোৱাৰ্টাৰৰ বটলৰ মূল্য ১৬০ টকা কৰিলে।

সাধাৰণতে পৰিশ্ৰম কৰা শ্ৰমিক, ঠেলাৱালা, ৰিক্সাৱালা আদিয়ে নিয়মিতকৈ সুৰা সেৱন কৰে। মূল্যবৃদ্ধিৰ পাছত তেওঁলোকৰ হিচাপৰ অংক নিমিলা হৈছে। সেয়েহে বিলাতী সুৰা বাদ দি দেশীয় চুলাই বা আন নিচাত ধৰিছে।

কেৱল বিক্ৰী হ্ৰাসৰ এয়াই কাৰণ নহয়। কিন্তু ইয়ো এক অন্যতম কাৰণ। যিমানে মূল্যবৃদ্ধি কৰি ৰাজহ সংগ্ৰহ কৰাৰ কথা ভাবিছে, সিমানেই বিক্ৰী কমাত চৰকাৰ চিন্তিত হৈ কেনেদৰে সুৰা বিক্ৰী বৃদ্ধি কৰিব পাৰি তাৰ হেঁচা দিয়াত লাগিছে।

এই সুৰা ব্যৱসায়ী জনেই শেহতীয়াকৈ দিয়া টাৰ্গেটক লৈ অসন্তুষ্টি ব্যক্ত কৰি ক'লে বিক্ৰী আমাৰ ৩০ ৰ পৰা ৪০ শতাংশ দোকানবোৰত কমিছে। এতিয়া যি নতুন টাৰ্গেট মৌখিকভাৱে হ'লেও দিয়া হৈছে সেই টাৰ্গেট পূৰণ কৰিবলৈ আমি কিমান মদ বিক্ৰী কৰিব লাগিব সেই হিচাপটো কিন্তু বৰ সহজ নহয়।

ব্যৱসায়ীজনৰ মতে এটা ফুল মদৰ বটলত ৭৫০ মিলি লিটাৰ থাকে। এক কেছ এনে ফুলত ১২ টা বটল অৰ্থাৎ ৯ লিটাৰ থাকে। সেই হিচাপত এতিয়া আপুনি হিচাপ কৰি লওক দৈনিক ডেৰশ লিটাৰ সুৰা বিক্ৰী কৰিবলৈ মই কিমান ফুল বটল বিক্ৰী কৰিব লাগিব।

একেদৰে এক কেছ মদত ১৮ টা হাফ বটল থাকে। সেই এক কেছ হাফ বটলেৰ পৰিমাণ ৯ লিটাৰ।কিমান হাফ মদৰ বটল বিক্ৰী কৰিলে মোৰ সেই টাৰ্গেট পূৰণ হ'ব? এদিনত ইমান সুৰাৰ বটল বিক্ৰী আমাৰ দৰে ঠাইত কেতিয়াও সম্ভৱ নহয়।

বীয়েৰ বা কোৱাৰ্টাৰৰ ক্ষেত্ৰতো এই অংক কৰি চালে ইয়াৰ পৰিমাণ বহু বেছি হয়। কিন্তু চৰকাৰে মানুহক মদ খোৱাম বুলি লাগিছে আৰু মদ খোৱাইহে এৰিব। এতিয়া টকাৰ বাদে চৰকাৰক একোৱেই নালাগে।

আবকাৰী বিভাগেই চৰকাৰৰ সোণৰ কণী পৰা হাঁহ। মন গ'লে দাম বঢ়াব পাৰে, বাধা দিওঁতা প্ৰতিবাদ কৰোঁতা কোনো নাথাকে। সুৰাপায়ীক বাধা দিয়াৰ বাবেই দাম বৃদ্ধি কৰা চৰকাৰে সুৰা বিক্ৰীৰ বৃদ্ধিৰ নিৰ্দেশ সন্দৰ্ভত কি যুক্তি দিব সেয়া চৰকাৰেহে জানে।

চুবুৰীয়া অৰুণাচল, নাগালেণ্ড আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰাও অহা অবৈধ মদে অসম ভৰি আছে। অসমৰ মাজেদিয়েই দেশৰ বিভিন্ন প্ৰান্তলৈ সেই অবৈধ সুৰাৰ ৰমৰমীয়া চোৰাং বেপাৰ চলে। সেইবোৰৰ দিশত চৰকাৰে বিফলতাৰ বাদে আন একো সফলতা দাবী কৰিব নোৱাৰে।

মাজে সময়ে দুই এখন গাড়ী, দুই এজন সুৰা সৰবৰাহকাৰী আটক কৰাতেই দায়িত্ব অন্ত পৰে। সুৰাৰ সম্ৰাটসকলে ক্ষমতাবানসকলক হাতৰ মুঠিত লৈ এই ব্যৱসায় চলাই গৈছে আৰু উঠি অহা প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে।

যিকোনো নিচাই সমাজৰ বাবে ক্ষতিকাৰক। ড্ৰাগছ যেনেকৈ আমাৰ বাবে বৰবিহ সুৰাও সেই একে শাৰীৰে। কিন্তু এই জনস্বাস্থ্যৰ প্ৰতি অতি ভাবুকি সৃষ্টি কৰিব পৰা সিদ্ধান্ত এইসকল লোকে কোনখন মুখেৰে ল'ব পাৰিছে?

ইতিমধ্যে মদৰ দোকানেৰে উপচায় পেলোৱা হৈছে ৰাজ্য। নতুনকৈ দিয়া হৈছে সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ। বৃদ্ধি কৰা হৈছে সুৰাৰ বিপণীৰ নবীকৰণ মূল্য। চহৰ অঞ্চলত থকা একোখন সুৰাৰ বিপণীয়ে পূৰ্বৰ ২ লাখ টকাৰ ঠাইত ৪ লাখ টকা নবীকৰণ মূল্য দিব লাগে এতিয়া। গ্ৰাম্য অঞ্চলত সেই মূল্য ১ লাখৰ পৰা ২ লাখ কৰা হৈছে।

গুৱাহাটীৰ মাজমজিয়াতে থকা ৩০ খনৰো অধিক সুৰাৰ বিপণীয়ে নবীকৰণ মূল্য আদায় দিব পৰা নাই। অসম বিধানসভাত দাখিল কৰা তথ্য অনুসৰি অসমত ২০২৩ ৰ মে' মাহলৈকে ৰাজ্যখনত সুৰাৰ দোকান আছিল ২৪৮৯ খন। তাৰ পাছতো চৰকাৰে আকৌ নতুনকৈ জিলাই জিলাই সুৰাৰ বিপণীৰ নতুন অনুজ্ঞাপত্ৰ দিছে।

বজালীত ৫ খন, বঙাইগাঁৱত ৬ খন, কাছাৰত ৪ খন, চিৰাঙত ৬ খন, দৰঙত ৯ খন, ধেমাজিত ৮ খন, ধুবুৰীত ৯ খন, গোলাঘাটত ১ খন, ডিমা হাচাওত ১ খন, ডিব্ৰুগড়ত ৩ খন, হাইলাকান্দিত ২ খন, হোজাইত ৩ খন, যোৰহাটত ৩ খন, কামৰূপ (গ্ৰাম্য)ত ৪ খন, কামৰূপ (মহানগৰ)ত ২৯ খন, কাৰ্বি আংলঙত ১৫ খন, কোকৰাঝাৰত ১১ খন, লখিমপুৰত ১৯ খন, মৰিগাওঁত ২ খন, নগাওঁত ৫ খন, শিৱসাগৰত ৪ খন, শোণিতপুৰত ১২ খন, তিনিচুকীয়াত ১১ খন, ওদালগুৰিত ৪খন পশ্চিম কাৰ্বি আংলঙত ২ খন মদৰ দোকানৰ নতুনকৈ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত লৈছিল কিছু দিনৰ পূৰ্বে।

এইবোৰ কৰাৰ মূল লক্ষ্য ৰাজ্যবাসীক সুৰাৰ প্ৰতি আসক্ত কৰা। খোজে প্ৰতি সুৰা উপলব্ধ কৰি দিয়া। নহলেনো জনকল্যাণকামী এখন চৰকাৰে সুৰাৰ বিক্ৰীৰ পৰা আহৰণ কৰা কৰৰ ধনেৰে ৰাজ্য চলোৱাৰ পৰিকল্পনা কৰেনে?

ৰাজ্যত গাখীৰৰ অভাৱ। কিন্তু অভাৱ নহয় মদৰ। সেই সুবিধা চৰকাৰে কৰি দিছে। সুৰাৰ বিপ্লৱেৰে সুৰাপায়ী সৃষ্টি কৰাৰ লক্ষ্যৰে চৰকাৰ আগবাঢ়িছে। চৰকাৰৰ সেই লক্ষ্যত সহযোগ কৰিবলৈ সুৰাৰ বিপণীৰ মালিকবোৰে বাটে পথে মানুহকো ধৰি ধৰি সুৰাৰ বটল বিক্ৰী কৰাৰ অৱস্থা যেন এতিয়া আহি পৰিছে।

সুৰা বিপ্লৱ...
‘কণ্ঠ’ ঘূৰাই দিয়া যন্ত্ৰ আৱিষ্কাৰ অসমীয়া বিজ্ঞানীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in