
ডিজিটেল সংবাদ চিৰাংঃ আজি দুপৰীয়াৰ ভাগত চিৰাং জিলা সদৰ কাজলগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । পৰিবহন আইন নমনাসকলৰ বিৰুদ্ধে জিলা পৰিবহন বিভাগ আৰু আৰক্ষীৰ কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতো হেলমেটবিহীন দুই মটৰচাইকেল আৰোহীয়ে তীব্ৰ বেগত বিপৰীত দিশৰ পৰা আহি থকা এখন মাৰুতি ছুইফ্ট বাহনত খুন্দা মাৰে।
ফলত দুই মটৰচাইকেল আৰোহী গুৰুতৰ ভাৱে আহত হয় । আহত যুৱক দুজনক কাজলগাঁৱৰ ইউ এন ব্ৰহ্ম কলেজৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ক্ৰমে ছবেন ব্ৰহ্ম, (১৯) আৰু ধনজয় নাৰ্জাৰী, (১৮) ।
স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে সংকটজনক অবস্থাত দুয়োকে কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত দুয়োকে উন্নত চিকিৎসাৰ বাৱে বঙাইগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
দুৰ্ঘটনাত পতিত হোৱা মাৰুতি ছুইফ্টখনৰ পঞ্জীয়ন নং এ এছ ২৬ ডি ৪৮০০ । আনহাতে দুৰ্ঘটনাত পতিত হোৱা মটৰচাইকেলখনত কোনো পঞ্জীয়ন ফলক নাছিল ।