ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা নগৰৰ এখন ৰাজহুৱা শ্মশানশালী "শান্তি ধাম" । যুগ যুগ ধৰি চাৰিকড়িয়া নদীৰ দলংৰ অৱবাহিকাত অৱস্থিত আৰু ব্যৱহৃত এই "শান্তি ধাম"ক লৈ অশান্তিৰ বীজ ৰুইছে এগৰাকী ক্ষমতাশীল গেৰুৱা নেতাই ।
শাসক দলৰ নেতা তথা ঢকুৱাখনা পৌৰ সভাৰ পৌৰপতি ৰাজীৱ দাসে জনস্বাৰ্থৰ বিপৰীতে গৈ পদমৰ্যদাৰ অপপ্ৰয়োগ কৰি এই শান্তি ধামৰ ভূমি বেদখল কৰা অবিবেচকী কাৰ্যৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হৈ উঠিছে। এগৰাকী দায়িত্বশীল পৌৰপতিৰ এনে দায়িত্বহীন কৰ্মকাণ্ডত ক্ষুব্ধ অসন্তুষ্ট নাগৰিক আৰু শ্মশান পৰিচালনা ও উন্নয়ন সমিতিয়ে মুকলি জেহাদ ঘোষণা কৰি কোনো পধ্যেই পৌৰপতিৰ অভীষ্ট সিদ্ধি হ'বলৈ দিয়া নহ'ব বুলি সকীয়াই দিছে।
শান্তি ধামৰ বিপৰীতে আবন্তিত মুঠ ৫ বিঘা ভূমিৰ সন্মুখ ভাগত এটা শিৱ মন্দিৰ স্থাপনৰ বাবে পৌৰপতি দাসে একক ভাবে আৰম্ভ কৰা কুচকাৱাজে প্ৰাৰম্ভিক অগ্ৰগতি লাভ কৰা সন্দৰ্ভত দেওবাৰে এক বাতৰি "অসমীয়া প্ৰতিদিন ডিজিটেল"ত প্ৰকাশ হৈছিল। মৃতকৰ অন্তিম আশ্ৰয়থলীকনলৈকো লুলুপ দৃষ্টি দিয়া গেৰুৱা পৌৰপতি দাসৰ এনে ঘৃন্য মানসিককতা সন্দৰ্ভত বাতৰি প্ৰকাশৰ পাছ দিনাই সোমবাৰে ৰাইজ আৰু পৰিচালনা সমিতি একত্ৰিত হৈ এনে জনস্বাৰ্থ বিৰোধী কাৰ্যৰ বিৰূদ্ধে প্ৰশাসনৰ হস্তক্ষেপ কামনা কৰে ।
নাগৰিক সমাজ আৰু পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়াই সোমবাৰে মহকুমাধিপতি কাৰ্তিক কলিতা, ৰাজহ চক্ৰ বিষয়া, পৌৰসভাৰ কাৰ্য্যালয়ত উপস্থিত হৈ পৃথকে পৃথকে স্মাৰক পত্ৰ দাখিল কৰি এনে অবৈধ পদক্ষেপ বন্ধ কৰাৰ বাবে হস্তক্ষেপ দাবী কৰে। তাৰোপৰি পৰিচালনা সমিতিয়ে বিধায়ক নৱ কুমাৰ দলেকো এই স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত অৱগত কৰি জৰুৰী হস্তক্ষেপ কামনা কৰে।
পৌৰপতিৰ প্রশাসনিক ক্ষমতাৰ অপপ্ৰয়োগ কৰি পৌৰসভাৰ সহমত নোহোৱাকৈ আৰু পৰিচালনা সমিতিৰ অজ্ঞাতে পৌৰপতি দাসে মইমতালি ভাবে গ্ৰহণ কৰা এই শিৱ মন্দিৰ স্থাপনৰ সিদ্ধান্তৰ ঐক্যবদ্ধ বিৰোধিতা কৰি সোমবাৰে পৰিচালনা সমিতিৰ সভাপতি ছবিলাল জৈন, কাৰ্যকৰী সভাপতি চন্দ্ৰ কমল বড়া, সম্পাদক পূৰ্ণ চুতীয়াৰ স্বাক্ষৰিত স্মাৰক পত্ৰ সংশ্লিষ্ট প্ৰশাসনিক বিষয়া সকলক প্ৰদান কৰিছে এটা সঁজাতি দলে।
নিজ গৃহ ৱাৰ্ডৰ ৰাজহুৱা অনুষ্ঠানৰ ভূমিত মন্দিৰ স্থাপনৰ উদ্যোগলৈ ৰাইজৰ ঐক্যবদ্ধ বিৰুদ্ধাচৰণত মুখ থেকেছা খোৱা পৌৰপতিগৰাকীয়ে কি স্থিতি পৰৱৰ্তী সময়ত গ্ৰহণ কৰে আৰু প্ৰশাসন আৰু বিধায়কে কি পতিয়ন যোগ্য সুদত্তৰ ৰাইজক প্রদান কৰে সেয়া লক্ষণীয় হ'ব ।