ডিজিটেল সংবাদ গহপুৰঃ গহপুৰত আজি অতৰ্কিতে উপস্থিত হৈ গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ এটা ৭ জনীয়া অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰা লাট মণ্ডল নৌছাদ আলীক দলটোৱে নিশাই লৈ যায় গুৱাহাটীলৈ। উল্লেখযোগ্য যে গহপুৰ মহকুমাৰ অন্তৰ্গত গহপুৰ নগৰত থকা গহপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত অভিযান চলাবলৈ আজি বিয়লি প্ৰায় ২-৩০ বজাত উপস্থিত হোৱা দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে গহপুৰ ৰাজহ চক্ৰৰ ৫ নং লাটৰ লাট মণ্ডল নৌছাদ আলীক ঘোচ লোৱা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ কৰে।
মাটিৰ কামৰ বাবে এগৰাকী ব্যক্তিৰ পৰা উৎকোচ লোৱা অৱস্থাত গ্ৰেপ্তাৰ হয় নৌছাদ আলী।যোৱা ৪/৫ মাহ পূৰ্বে গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ত যোগদান কৰা ধুবুৰী নিবাসী নৌছাদ আলীয়ে সোণৰ কণী পৰা হাঁহলৈ পৰিণত কৰিছিল কাৰ্য্যলয়টো।
উৎকোচ অবিহনে কাম নকৰাটো তেনেই সাধাৰণ নিয়ম আছিল নৌছাদৰ বাবে।কিন্তু আজি দিন বেয়া আছিল লাট মণ্ডল নৌছাদৰ। যাৰ বাবে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলৰ ওচৰত গুলপীয়া পানীত হাত জুবুৰিয়াই হাত দাঙিবলগীয়া হয় তেওঁ।
জানিব পৰামতে-কলাবাৰীৰ চুপহীবাৰী(দীঘলীবাৰী)ৰ সুৰেণ কাকতি নামৰ এগৰাকী ব্যক্তিৰ পৰা মাটি সম্পৰ্কীয় এটা কাম কৰি দিয়াৰ বাবদ উৎকোচ হিচাপে ১০ হাজাৰ টকা দাবী কৰিছিল ঘোচখোৰ লাটমণ্ডল নৌছাদ আলীয়ে। ঘোচ নিদিয়াৰ বাবে উক্ত কাম কৰি নিদি হাৰাশাস্তি কৰি আহিছিল সুৰেণ কাকতিক।
উপায়ন্তৰ হৈ দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপিছিল সুৰেণ কাকতি। লাট মণ্ডল নৌছাদ আলীয়ে সুৰেণ কাকতিৰ পৰা দাবী কৰা ১০ হাজাৰ টকাৰ ভিতৰৰ ৪ হাজাৰ টকা উৎকোচ হিচাপে লোৱাৰ সময়তে কাৰ্য্যলয়ৰ কোঠাৰ ভিতৰত হাতে লোটে গ্ৰেপ্তাৰ হয় লাট মণ্ডল নৌছাদ আলী।
ইপিনে নৌছাদ আলীক গ্ৰেপ্তাৰৰ পিছতে বিভিন্ন জন লোকে সমালোচনাৰে থকা সৰকা কৰিছে গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ক। অজয় বৰুৱা আৰু দীপন দিহংগীয়াই কাৰ্য্যলয়টোত এনেকুৱা আৰু বহুত আছে বুলি উল্লেখ কৰাৰ বিপৰীতে শংকৰজ্যোতি বৰাই নিজ গহপুৰ লাটৰ লাট মণ্ডল দুজনকো ধৰিব লাগে বুলি উল্লেখ কৰিছে।
ৰঞ্জন কাকতিয়ে কাৰ্য্যলয়টোলৈ চালেই মন বেয়া হৈ যায় বুলি উল্লেখ কৰিছে। শ্ৰীমন্ত বৰাই তেওঁৰ লগতো দুই নম্বৰী কৰা বুলি উল্লেখ কৰাৰ বিপৰীতে তপন জ্যোতি গগৈয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, ধৃত নৌছাদ আলীয়ে তেওঁৰ পৰা দুদিন আগতে ২ কঠা ১০ লোচা মাটি জোখ মাপ কৰি দিয়াৰ নামত ৫ হাজাৰ টকা লৈছিল।
উল্লেখযোগ্য যে-একেই উৎকোচ কাণ্ডত কাৰ্য্যলয়টোৰ হেমন্ত গোঁহাই নামৰ এগৰাকী লাটমণ্ডল ২০২১ চনৰ ৩০ জুনত চাকৰিৰ পৰা নিলম্বন হৈছিল। একাংশ লাটমণ্ডলে কৰি অহা দুৰ্নীতি অনিয়মৰ অভিযোগত মাজে সময়ে গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ে সংবাদ শিৰোনামা দখল কৰি আহিছে যদিও আজিলৈকে সংস্কাৰ নহ'ল কাৰ্য্যলয়টোৰ।
কাৰ্য্যলয়টোত বছৰ বছৰ ধৰি কাৰ্য্যনিৰ্বাহ কৰি অহা লাট মণ্ডল আৰু কাননগো সকলৰ বদলিৰ দাবী কৰি সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে স্থানীয় ৰাইজে।