ৰামদিয়াত বেংক চি এচ পি'য়ে প্ৰহাৰ কৰিলে লাড়ু গোপাল সত্ৰৰ সভাপতিক

ৰামদিয়াত বেংক চি এচ পি'য়ে প্ৰহাৰ কৰিলে লাড়ু গোপাল সত্ৰৰ সভাপতিক

author-image
Asomiya Pratidin
New Update
ৰামদিয়াত বেংক চি এচ পি'য়ে প্ৰহাৰ কৰিলে লাড়ু গোপাল সত্ৰৰ সভাপতিক

ডিজিটেল সংবাদ, হাজোঃ হাজো ৰামদিয়াত বেংক চি এচ পিয়ে সত্ৰৰ সভাপতিৰ লগত কৰা এক মাৰপিটৰ কাণ্ড পোহৰলৈ আহিছে। হাজোৰ উজানকুৰি বেজপাৰাৰ পঞ্চায়ত দালাল বুলি পৰিচিত সুভাষ মজুমদাৰে ঐতিহাসিক লাড়ু গোপাল সত্ৰৰ সভাপতি ইন্দ্ৰকান্ত ডেকাক মাৰপিট কৰি গুৰুতৰভাৱে আঘাত কৰে।

Advertisment

ইন্দ্ৰ ডেকাক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি হাত ভাঙিলে সুভাষ মজুমদাৰে। সত্ৰৰ সভাপতি ইন্দ্ৰকান্ত ডেকা বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে, চি এচ পি তথা পঞ্চায়ত দালাল সুভাষ মজুমদাৰে MGNREGA ৰ জৰিয়তে লাড়ু গোপাল সত্ৰৰ চৌহদ উন্নীতকৰণৰ নামত অহা ধন কাম নকৰাকৈ জালিয়াতিৰে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল। সভাপতি গৰাকীয়ে সত্ৰত সভা অনুষ্ঠিত কৰি ৰাইজৰ সন্মুখতে সুভাষ মজুমদাৰৰ পৰা এই সন্দৰ্ভত জানিব বিচৰাটোই কাল হ'ল সভাপতি গৰাকীৰ।

ইতিমধ্যেই ঘটনা সন্দৰ্ভত ৰাইজে ৰামদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও ৰামদিয়াৰ আৰক্ষী নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ তুলিছে। আৰক্ষীৰ সন্দেহজনক ভূমিকাত অতিষ্ঠ হৈ ৰাইজ ওলাই আহি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে।

"সুভাষ মজুমদাৰৰ গুণ্ডাগিৰি নচলিব", "সুভাষ মজুমদাৰক গ্ৰেপ্তাৰ কৰক", "ৰামদিয়া আৰক্ষীৰ দাদাগিৰি নচলিব" ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে ৰামদিয়াবাসী ৰাইজে।

Also Read: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাট সমাৰোহৰ বিশাল আয়োজন

hajo