শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাট সমাৰোহৰ বিশাল আয়োজন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাট সমাৰোহৰ বিশাল আয়োজন

ডিজিটেল সংবাদ, কামপুৰঃ উত্তৰ -পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়, সাহিত্য, সাংস্কৃতি, আধ্যাত্মিক, সামাজিক, জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱ কেন্দ্ৰীয়ভাৱে কামপুৰ জিলা শাখাৰ আতিথ্যত আৰু কামপুৰৰ ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগত অহা ২৯ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ ( ১১, ১২আৰু ১৩ আহিনত) তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।

গুৰু জয়ন্তীৰ লগত সংগতি ৰাখি নাট সমাৰোহৰো আয়োজন কৰা হৈছে। এই উপলক্ষে শ্ৰীমন্ত শংকৰ সংঘৰ তৰফৰ পৰা প্ৰকাশ কৰা কাৰ্যসূচী অনুসৰি ২৯ছেপ্টেম্বৰত পুৱা ৬ বজাত সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰন কাৰ্যসূচীৰ পিছতেই প্ৰাতঃপ্ৰসংগ অনুস্থিত হ'ব আৰু দিনৰ ১১বজাত কামপুৰ সংঘৰ কামপুৰ জিলা শাখাৰ নামঘৰত নামপ্ৰসংগ অনুষ্ঠিত  হ'ব। বিয়লি ৩ বজাত কামপুৰ জিলা শাখাৰ নামঘৰত নাট সমাৰোহৰ উদ্বোধনী সভাখন অনুষ্ঠিত হ'ব। শ্ৰী মন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই উদ্বোধন কৰিবলগীয়া অনুষ্ঠানটোত উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংস্কৃতিক বিভাগৰ সম্পাদক প্ৰৱিত্ৰ প্ৰাণ বৰা।

৩০ছেপ্টেম্বৰত পুৱাৰ  ভাগত সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ  নিকাকৰন, প্ৰাতঃপ্ৰসংগ আৰু ১১ বজাৰ পৰা কামপুৰ কেন্দ্ৰীয় নামঘৰত নাম প্ৰসংগ আৰু সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ'ব নাট সমাৰোহ। ১ অক্টোবৰত পুৱাৰ  ভাগত সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰন, প্ৰাতঃপ্ৰসংগ অনুষ্ঠিত হ'ব। ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব শ্ৰী মন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই আৰু ৯-৩০ মিনিটৰ পৰা কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰৰ পৰা ভাগৱত আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ'ব সমাৰোহৰ।

একেদিনাই বিয়লি ১১ বজাৰ পৰা  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত  কামপুৰ ৰাসপথাৰত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাখন উদ্বোধন কৰিব প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই। সভাখনত উপস্থিত থাকিব প্ৰাক্তন মূলৰ সদস্য ভৰত ডেকা, মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপদেষ্টা কমলা কান্ত গগৈ, সন্মানীয় অতিথি হিচাবে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্ত, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু  ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাস।

মুকলি সভাখনত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকিব শ্ৰী মন্ত শংকৰদেৱ সংঘৰ উপ-পদাধিকাৰদ্বয় চক্ৰধৰ সোনোৱাল আৰু বসুন্ধৰা ডেকা, যুটীয়া সম্পাদকদ্বয় দিলীপ বৰা আৰু দেৱাঞ্জন বৰা, প্ৰাক্তন প্ৰধান সম্পাদকদ্বয় প্ৰফুল্ল চন্দ্ৰ বৰা আৰু বাবুল বৰাৰ লগতে কামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অসীম  বৰা আৰু কামপুৰৰ সমাজকৰ্মী সূধাময় দাস উপস্থিত থাকিব।

সভাখনত আমন্ত্ৰিত  অতিথি হিচাবে উপস্থিত থাকিব কামপুৰৰ ৰাজহ চক্ৰবিষয়া  অনন্যা লহকৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি ড০ জগত কলিতা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংস্কৃতিক বিভাগৰ সম্পাদক প্ৰৱিত্ৰ প্ৰাণ বৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ বিভাগৰ সভাপতি টংকেশ্বৰ বৰগোহাঁই, গ্ৰিফট এণ্ড ক্ৰেডিক কো-অপাৰটিভ চ'চাইটিৰ লিমিটেডৰ হৰেন্দ্ৰ বৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ  শিশু -আই মাতৃ কল্যান শাখা সমিতিৰ সভানেত্ৰী কিৰন শইকীয়া বৰা,  কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন কলিতা, শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়ক সঞ্জীৱ বৰা আদি।

ইফালে ২৮ছেপ্টেম্বৰত শংকৰদেৱ সংঘৰ অন্যতম প্ৰতিস্থাপক, পদাধিকাৰ তথা লোকসেৱক কামপুৰৰ হলধৰ ভূঞাৰ জন্ম জয়ন্তী পালন কৰাৰ লগতে কামপুৰৰ আন এগৰাকী পদাধিকাৰ লক্ষেশ্বৰ শইকীয়া, সংঘৰ প্ৰথম গৰাকী কেন্দ্ৰীয়  সাংস্কৃতিক সম্পাদক লক্ষেশ্বৰ গোহাঁই আৰু আন এগৰাকী সাং স্কৃতিক সম্পাদক শংকৰী সাধক গোলাপ মহন্তৰ স্মৃতিচাৰণ সভা আয়োজন কৰা হৈছে বুলি শংকৰদেৱ সংঘৰ কামপুৰ জিলা শাখাই জানিবলৈ দিছে। অনুষ্ঠানটোৰ তিনিদিনৰ কাৰ্যসূচীত সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগীতা কামনা কৰিছে আদৰনী সমিতিয়ে।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাট সমাৰোহৰ বিশাল আয়োজন
মণিপুৰত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in