মেৰাপানীত ভূমি বিবাদক কেন্দ্ৰ কৰি অসম-নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশৰ বৈঠক

মেৰাপানীত ভূমি বিবাদক কেন্দ্ৰ কৰি অসম-নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশৰ বৈঠক

author-image
Asomiya Pratidin
New Update
মেৰাপানীত ভূমি বিবাদক কেন্দ্ৰ কৰি অসম-নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশৰ বৈঠক

ডিজিটেল সংবাদ,মেৰাপানী: অসম-নাগালেণ্ডৰ ভূমি বিবাদ আলোচনাৰ বাবে দুই ৰাজ্যৰ সীমান্ত দণ্ডাধীশৰ বৈঠক। গড়বস্তিত চলি থকা দীৰ্ঘদিনীয়া ভূমি বিবাদক কেন্দ্ৰ কৰি নগাই অসমৰ মাটি বেদখল কৰি আকোৰগোজ স্থিতিত থকাৰ বিপৰীতে ভূক্তভোগী তৰামাই গড়ে সীমান্তত নিয়োজিত চি আৰ পি এফ বাহিনীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

সেই মৰ্মেই মেৰাপানীস্থিত ১৪২ নং চি আৰ পি এফৰ শিৱিৰত অসম আৰু নাগালেণ্ডৰ দুয়োখন ৰাজ্যৰে সীমান্ত দণ্ডাধীশৰ মাজত ভূমি বিবাদক কেন্দ্ৰ কৰি গঢ়ি উঠা সংঘাতৰ নিষ্পতিৰ বাবে এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়। উল্লেখ্যযোগ্য যে, ১৯৭১ চনত অসম চৰকাৰৰ হাফ মাইল ব্লেটৰ অধীনত নন্দলাল গড়ে লাভ কৰা ভূমিত ২০১২ চনৰ পৰাই চুবুৰীয়া আগ্ৰাসী নগাই বেদখলৰ চেষ্টা চলাই আহিছিল।

সেই অনুসৰি তেতিয়াৰে পৰা বিবদমান ভূমি হিচাপে চিহ্নিত ভূমিত দুই ৰাজ্যৰ প্ৰশাসনে কোনো এটা পক্ষকে মাটি নিদি জব্দ কৰি ৰাখিছিল। এইক্ষেত্ৰত প্ৰয়াত নন্দলাল গড়ৰ পৰিয়ালৰ তৰফৰ পৰা সেই নিৰ্দেশনা মানি অঞ্চলটোত কোনো খেতি বাতি কৰা নাছিল যদিও শেহতীয়াকৈ একাংশ নগালোকে গোপনে আহি সেই ভূখণ্ডত হাল-কোৰ বাই আহু ধানৰ খেতি কৰাত নামি পৰিছিল।

ইয়াৰ পিচতে তৰামাই গড়ে নগাৰ বেদখলৰ কথা জানিব পাৰি গোলাঘাট প্ৰশাসনৰ লগতে সীমাত নিয়োজিত চি আৰ পি এফক অৱগত কৰিছিল। সেই সন্দৰ্ভত উক্ত বিষয়টো বিষয়টো মীমাংসাৰ বাবে মেৰাপানীৰ চি আৰ পি এফৰ শিৱিৰত কেইবাবাৰো দুই পক্ষই আলোচনাত মিলিত হৈছিল যদিও কোনো সিদ্ধান্তত উপনীত হোৱা নাছিল।

যোৱা ১৭ মে'ত দুই ৰাজ্যৰ সীমান্ত দণ্ডাধীশ পৰ্যায়ৰ আলোচনা বিফল হোৱাৰ পাছত জিলা উপায়ুক্ত পৰ্যায়ৰ আলোচনাৰ দাবী কৰিছিল ভুক্তভোগী পৰিয়ালে। এই আলোচনাৰ বাবে আজি পুনৰ মেৰাপানীস্থিত চি আৰ পি এফৰ মুখ্য শিবিৰত মেৰাপানীৰ সীমান্ত দণ্ডাধীশ আৰু নগালেণ্ডৰ ভাণ্ডাৰীৰ সীমান্ত দণ্ডাধীশৰ মাজত আলোচনাত বহে।

আলোচনাত দুই গৰাকী দণ্ডাধীশে দুয়ো পক্ষৰ পৰা শুনানি গ্ৰহণ কৰে। নগাৰ পক্ষৰ হৈ বিৰ্তকিত ভূমিৰ সন্দৰ্ভত বিভিন্ন নথি পত্ৰ প্ৰদৰ্শন কৰি উক্ত ভূখণ্ড নগাৰ বুলি দাবী কৰে। ইফালে তৰামাই গড়েও সেই ভূখণ্ড তেওঁলোকৰ পৈত্ৰিক সম্পত্তি বুলি দাবী কৰাৰ লগতে নগাই প্ৰদৰ্শন কৰা কাগজ পত্ৰ জাল কৰা বুলি অভিহৃত কৰে।

তৰামাই গড়ে তেজ দি হ'লেও উক্ত ভূমি খণ্ড কোনো কাৰণতে নগাৰ দখললৈ যাবলৈ নিদিওঁ বুলি হুংকাৰ প্ৰদান কৰে। ইফালে অসমৰ মাটি ৰক্ষণাবেক্ষণত অসম চৰকাৰ থকা প্ৰশাসনে হেমাহি কৰাৰ অভিযোগ তোলে তৰামাই গড়ে। বিৰ্তকিত ভূখণ্ডৰ সন্দৰ্ভত কোনো মীমাংসা নোহোৱাত আলোচনাৰ বাবে পুনৰ পৰৱৰ্তী দিন ধাৰ্য কৰে। বিষয়টোৰ সন্দৰ্ভত মেৰাপানী সীমান্ত দণ্ডাধীশে সকলোখিনি তথ্য পুঙ্খানুপুঙ্খভাৱে অধ্যয়ণ কৰি পৰৱৰ্তী সময়ত আলোচনা কৰা হ'ব সাংবাদিকক জানিবলৈ দিয়ে।

Also Read: মাতৃহাৰা 'কৃষ্ণ'ই ভৰি দিলে ২ বছৰত : গাখীৰ এৰি ঘাঁহ খাবলৈ লৈছে পোৱালিটোৱে

nagaland Assam-Nagaland border