মাতৃহাৰা 'কৃষ্ণ'ই ভৰি দিলে ২ বছৰত : গাখীৰ এৰি ঘাঁহ খাবলৈ লৈছে পোৱালিটোৱে

মাতৃহাৰা 'কৃষ্ণ'ই ভৰি দিলে ২ বছৰত : গাখীৰ এৰি ঘাঁহ খাবলৈ লৈছে পোৱালিটোৱে

author-image
Asomiya Pratidin
New Update
মাতৃহাৰা 'কৃষ্ণ'ই ভৰি দিলে ২ বছৰত : গাখীৰ এৰি ঘাঁহ খাবলৈ লৈছে পোৱালিটোৱে

ডিজিটেল সংবাদ,কাজিৰঙা : দুবছৰীয়া হ’ল কাজিৰঙাৰ 'কৃষ্ণ' নামৰ গড় পোৱালিটো ৷ ২০২১ বৰ্ষৰ আজিৰ দিনটোত বানত উদ্ধাৰ হোৱা মাতৃহাৰা গঁড় পোৱালিটোৱে অতিক্ৰম কৰিলে এটা বছৰ ৷

Advertisment

কাজিৰঙাৰ ২০২১ বৰ্ষৰ প্ৰলয়ংকাৰী বানত কহঁৰা বনাঞ্চলৰ মিহিমুখৰ পৰা CWRC কৰ্তৃপক্ষই উদ্ধাৰ কৰিছিল এটা গঁড়ৰ পোৱালি ৷ উদ্ধাৰ কৰা গঁড় পোৱালিটোৰ তেতিয়া বয়স আছিল মাত্ৰ ৫-১০ দিন ৷ মাতৃহাৰা হোৱা কণমানিটোক উদ্ধাৰ কৰি মাতৃস্নেহেৰে ডাঙৰ দীঘল কৰিছে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ ও পুনঃসংস্থাপন কেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰীসকলে ৷

কৃষ্ণ নামৰ কণমানি গঁড়পোৱালিটোৱে ২ বছৰ সম্পূৰ্ণ কৰাত আনন্দিত CWRC কৰ্তৃপক্ষ ৷ চিকিৎসক চামচুল আলীয়ে জানিবলৈ দিয়ে যে, কৃষ্ণই এতিয়া গাখীৰ এৰি ঘাহঁ খাবলৈ লৈছে ৷ লগতে তেওঁ কয়- শীতকালত এজন কৰ্মচাৰীক নিশা গঁড় পোৱালিটোৰ লগত থাকিবলৈ দিয়া হয় ৷ যাতে মাকক হেৰুওৱা বেদনা পোৱালিটোৱে উপলব্ধি কৰিব নোৱাৰে ৷

সমান্তৰাললৈ ২০২০ বৰ্ষত উদ্ধাৰ হোৱা 'চন্দ্ৰ' নামৰ আন এটা গঁড় পোৱালীয়েও অতিক্ৰম কৰিলে ৩টি বছৰ ৷ চন্দ্ৰ নামৰ সেই ৩বছৰীয়া পোৱালিটোৰ লগত এতিয়া একেলগে উমলিছে কৃষ্ণই ৷ কিছুদিনৰ পাছত দুয়োটা গঁড় পোৱালিক পুনৰ উদ্যানত মুকলি কৰি দিব CWRC কৰ্তৃপক্ষই ৷

Also Read: নাট্যশিল্পী ৰাজ মেধিৰ সোৱঁৰণত অনুষ্ঠিত নাট কৰ্মশালাৰ সামৰণি

kaziranga