/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/65362e53-c380-4cf3-bcb7-0228f4781987/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে মহানগৰীৰ গান্ধী মণ্ডপত ৰাজ্য চৰকাৰে কেবিনেট বৈঠক আয়োজন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে। সিদ্ধান্ত মৰ্মে ব্রহ্মপুত্র উপত্যকাৰ চাহ শ্রমিকৰ মজুৰি বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কেবিনেট বৈঠকৰ পাছত সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে।
সিদ্ধান্ত অনুসৰি চাহ শ্রমিকৰ মজুৰি ২৫০ টকালৈ বৃদ্ধি কৰা হ’ব। তথ্য অনুসৰি পূৰ্বে ২৩২ টকাকৈ মজুৰি লাভ কৰিছিল শ্রমিকসকলে। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ। ইপিনে বৰাকভেলীৰ চাহ শ্রমিকৰ মজুৰি ২১০ টকাৰ পৰা ২২৮ টকালৈ বৃদ্ধি পাব।
তদুপৰি চাহ বাগানত পূজাৰ বোনাচ ২০ শতাংশ দিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটিছিৰ বাগানৰ ২০ শতাংশ বোনাচ চৰকাৰে দিব আৰু চাহ শ্রমিকৰ বাবে ৰাজ্য চৰকাৰৰ চৰকাৰী আসন সংৰক্ষণ থাকিব বুলিও ঘোষণা কৰে তেওঁ। আকৌ ৩ শতাংশ আসন সংৰক্ষণ থাকিব চাহ মজদুৰৰ পৰিয়ালৰ বাবে। এই কেবিনেটতে বজালী জিলা গঠনৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি ভৱাণীপুৰ আৰু সৰভোগ ক’ত চামিল হ’ব সেয়া পিছত সিদ্ধান্ত লোৱা হ’ব বুলি মন্তব্য কৰে ড০ শৰ্মাই। ১১ অক্টোবৰৰ পৰা বজালী সমষ্টিক লৈ বজালী জিলা গঠন হ’ব বুলি জানিবলৈ দিয়ে।
আনহাতে চৰকাৰী বিদ্যালয়ত পঢ়া শিক্ষাৰ্থীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা থাকিব বুলি সংবাদমেলত সদৰী কৰে। মেডিকেল, অভিযান্ত্রিক কলেজত পঢ়াৰ বাবে ৫% আসন সংৰক্ষণ হ’ব। সপ্তমৰ পৰা দশমলৈ শ্রেণীলৈ পঢ়া শিক্ষাৰ্থীৰ বাবে সংৰক্ষণ হ’ব এই আসন। উচ্চতৰ মাধ্যমিকত ৬০% নম্বৰ পোৱা ছাত্রীক স্কুটী প্ৰদান কৰা হ’ব আৰু ২৫৯ কোটি টকা ব্যয়ৰে এই স্কুটী দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি কয় ড০ শৰ্মাই। উল্লেখ্য যে, ৭৫% নম্বৰ পোৱা ছাত্রকো দিয়া হ’ব স্কুটী।
সমান্তৰালভাবে ৰাজ্যৰ ১৫ৰ পৰা ২০খন মহাবিদ্যালয়ক শাখা স্বীকৃতি দিব পাৰিব আৰু ৰবীন্দ্র নাথ ঠাকুৰ, ভত্তদেৱ বিশ্ববিদ্যালয়, মাধৱ দেৱ বিশ্ববিদ্যালয়ে এই স্বীকৃতি দিব পাৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। ইপিনে মৰাণ আৰু মটকৰ বাবে এটা ডি এছ পি আৰু এটা মেজিষ্ট্রেট পদ সংৰক্ষণ হ’ব বুলিও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
পৌৰ সভাৰ চাফাই কৰ্মচাৰীৰ বাবে দুৰ্ঘটনা আৰু মৃত্যুৰ বীমাৰ ব্যৱস্থা কৰাৰ কথাও কেবিনেটত উত্থাপন হোৱাৰ কথা সংবাদমেলত ব্যক্ত মুখ্যমন্ত্ৰীৰ। ইপিনে প্রশ্নকাকত ফাদিল হ’লে সময়মতে নিষ্পত্তি নহয় বুলি মন্তব্য কৰি তেওঁ নকল কৰা ছাত্রই পিছত পৰীক্ষা দিব পাৰিব আৰু এই ক্ষেত্রত শিক্ষা বিভাগত সংস্কাৰৰ বাবে নতুন অধ্যাদেশ দিয়ে ড০ শৰ্মাই।
উল্লেখ্য যে, মুখ্যমন্ত্রী আৰু আন মন্ত্রীৰ ভ্রমণৰ পুঁজিৰ ক্ষেত্রত বিশেষ নিয়ম হ’ব বুলিও ঘোষণা কৰিছে তেওঁ। মন্ত্রীয়ে পোৱা উপহাৰ চৰকাৰৰ সম্পত্তি, এয়া মন্ত্রীগৰাকীৰ সম্পদ নহয় বুলি মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। ইপিনে এতিয়াৰ পৰা ২৫০ মিলি লিটাৰ পানীৰ বটল বন্ধ হ’ব বুলিও স্পষ্ট কৰে।
Also Read: জাতিগত লোকপিয়লঃ প্ৰকাশ পালে হিন্দু-মুছলমানৰ জনসংখ্যা