জাতিগত লোকপিয়লঃ প্ৰকাশ পালে হিন্দু-মুছলমানৰ জনসংখ্যা

জাতিগত লোকপিয়লঃ প্ৰকাশ পালে হিন্দু-মুছলমানৰ জনসংখ্যা

ডিজিটেল ডেস্কঃ সকলো বাধা নেওচি বিহাৰত প্ৰকাশ পালে জাতিগত লোকপিয়লৰ প্ৰতিবেদন। গান্ধী জয়ন্তীৰ দিনটোতেই জাতিগত লোকপিয়লৰ প্ৰতিবেদন ৰাজহুৱা কৰিছে ৰাজ্যখনৰ চৰকাৰে। প্ৰকাশিত প্ৰতিবেদনত প্ৰকাশ পাইছে কেইবাটাও তথ্য। যাক লৈ ৰাজ্যখনৰ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

তথ্য অনুসৰি জাতিগত লোকপিয়লৰ মতে বিহাৰৰ মুঠ জনসংখ্যা ১৩কোটি ৭লাখ ২৫হাজাৰ ৩১০গৰাকী বুলি প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি, বিহাৰত আটাইতকৈ পিছপৰা শ্ৰেণীৰ লোক ৩৬শতাংশ আৰু পিছপৰা শ্ৰেণীৰ লোক ২৭শতাংশ আছে। একে সময়তে, ৰাজ্যখনত অনুসূচীত জাতিৰ জনসংখ্যা ১৯শতাংশতকৈ অধিক, আনহাতে অনুসূচীত জনজাতিৰ জনসংখ্যা ১.৬৮ শতাংশ বুলি জনা গৈছে। আকৌ ৰাজ্যখনত ১৫.৫২ শতাংশ উচ্চ বৰ্ণৰ লোক আছে, য'ত ভূমিহাৰৰ জনসংখ্যা ২.৮৬ শতাংশ। প্ৰতিবেদন অনুসৰি, জনসংখ্যাৰ ৩.৬৬ শতাংশ ব্ৰাহ্মণ হোৱাৰ বিপৰীতে ৰাজপুতৰ সংখ্যা ৩.৪৫ শতাংশ আৰু কায়স্থ ০.৬০১১ শতাংশ।

প্ৰতিবেদন মতে বিহাৰত হিন্দুসকলৰ জনসংখ্যা সৰ্বাধিক। ৰাজ্যখনৰ জনসংখ্যাৰ ৮১.৯৯ শতাংশ লোক হিন্দু। আনহাতে মুছলমান জনসংখ্যাৰ বিষয়ে ক'বলৈ গ'লে, ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ১৭.৭০ শতাংশ লোক মুছলমান ধৰ্মী। ইপিনে ৰাজ্যখনত খ্ৰীষ্টান ধৰ্মত বিশ্বাস কৰা লোকৰ সংখ্যা ১ শতাংশতকৈও কম। ইয়াৰ বিপৰীতে ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ মাত্ৰ ০.০৫ শতাংশ খ্ৰীষ্টান।

উল্লেখৰ প্ৰয়োজন যে, হিন্দুসকলৰ ভিতৰত সৰ্বাধিক জনসংখ্যা আটাইতকৈ পিছপৰা শ্ৰেণীৰ। তেওঁলোকৰ অংশ হৈছে ৩৬ শতাংশ। ইয়াৰ পিছত আছে ১৭শতাংশ পিছপৰা শ্ৰেণী, ১৯শতাংশতকৈ অধিক অনুসূচীত জাতি আৰু ১.৬৮ শতাংশ অনুসূচীত জনজাতি। প্ৰতিবেদনত কুৰ্মিছৰ জনসংখ্যা ২.৮৭ শতাংশ, মুছাহাৰৰ জনসংখ্যা ৩ শতাংশ আৰু যাদৱৰ সংখ্যা ১৪ শতাংশ বুলি প্ৰকাশ পাইছে।

প্ৰণিধান যোগ্য যে, জাতি ভিত্তিক লোকপিয়লক লৈ বিহাৰত যথেষ্ট হুলস্থূলৰ সৃষ্টি হৈছিল। যাৰ বাবে বিষয়টো উচ্চ ন্যায়ালয়ৰ পৰা উচ্চতম ন্যায়ালয় পৰ্যন্ত পাইছিল গৈ। সেয়েহে ৰাজ্যখনৰ চৰকাৰে এই লোকপিলৰ তথ্য প্ৰকাশ কৰি ইয়াক এক ডাঙৰ সফলতা বুলি বিবেচনা কৰিছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু আৰজেডিৰ সভাপতি লালু প্ৰসাদ যাদৱে জাতি-ভিত্তিক লোকপিয়লৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছত আনন্দ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই সন্দৰ্ভত শীঘ্ৰেই সৰ্বদলীয় বৈঠক আহ্বান কৰা হ'ব। ইপিনে লালু প্ৰসাদ যাদৱে কয় যে- যদি ২০২৪ চনত মহাজোট জয়ী হয় আৰু চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়, তেন্তে সমগ্ৰ দেশতে জাতিগত লোকপিয়ল অনুষ্ঠিত কৰা হ'ব।

জাতিগত লোকপিয়লঃ প্ৰকাশ পালে হিন্দু-মুছলমানৰ জনসংখ্যা
মিজোৰামত কাৰ পক্ষত নিৰ্বাচনী বতাহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in