বংগসেনাৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস

বংগসেনাৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস

author-image
Asomiya Pratidin
New Update
বংগসেনাৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ, হাওৰাঘাটঃ বাংলাদেশৰ পৰা নিৰ্যাতিত আৰু নিপিড়িত হৈ ভাৰতবৰ্ষত বসতি স্থাপন কৰি থকা বংগভাষী লোকৰ দ্বাৰা পৰিচালিত হোৱা বংগসেনা নামৰ এটা সংগঠনৰ নেতৃত্বই সোমবাৰে বংগসেনাৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত স্বাধীন বংগভূমিৰ দাবী উত্থাপন কৰিছে।

Advertisment

এই সন্দৰ্ভত বংগসেনা নামৰ সংগঠনটোৰ কলকাতাৰ পৰা অহা নেতা ক্ৰমে সাংগঠনিক সম্পাদক অনিমেষ শিকদাৰ, বংগসেনাৰ মুখপত্ৰ বিমল মাজি, সেনানায়ক ৰঞ্জিত ৰায় আৰু কেন্দ্ৰীয় সমিতিৰ সভাপতি গুণধৰ দাস, সেনানায়ক নাৰায়ণ দাস, পূব কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক নকুল দাস, প্ৰচাৰ সম্পাদক অনুপ দাসে উত্তৰ বৰবিলত আজি সংবাদ মাধ্যমৰ জৰিয়তে কয় যে বাংলাদেশৰ ছয়খন জিলা ক্ৰমে খোলনা, বৰিশাল, ফৰিদপুৰ, কুষ্টিয়া, যশূৰ আৰু পটুৱা খালিক লৈ এখন স্বাধীন বংগভূমি গঠনৰ দাবী উত্থাপন কৰিছে ।

১৯৮২ চনৰ পৰাই হেনো ভাৰতবৰ্ষত বসবাস কৰি থকা বংগভাষী একাংশ লোকসকলে বাংলাদেশৰ ছয়খন জিলাক লৈ স্বাধীন বংগভূমি গঠনৰ দাবী কৰি আহিছে। কাৰ্বিআংলং, অসম তথা ভাৰতৰ একো বস্তুৰ ওপৰত তেওঁলোকৰ দাবী নাই কিন্তু বাংলাদেশৰ ছয়খন জিলাক লৈহে তেওঁলোকৰ স্বাধীন বংগভূমিৰ দাবী বুলি সংবাদ মাধ্যমৰ জৰিয়তে বংগসেনাৰ নেতৃত্বই প্ৰকাশ কৰে।

বংগসেনাৰ এই অনুষ্ঠানত কাৰ্বিআংলং জিলাৰ বিভিন্ন প্ৰান্তৰ শতাধিক পুৰুষ-মহিলা বংগসেনাৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰাৰ লগতে কলকাতাৰ পৰা অহা চাৰিগৰাকী বংগসেনাৰ নেতা উপস্থিত থাকে ।

Also Read: গুৱাহাটী বিশ্ববিদ্যালয়ত এইডছ সম্পৰ্কে সজাগতা শিবিৰ

assam bangladesh