/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/1ed7a555-53de-4c9a-8b05-c888b6d07f3b/3.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এইচ আই ভি/এইডছ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষ আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ সহযোগত বিশ্ববিদ্যালয় চৌহদত এইচ আই ভি/এইডছ সম্পৰ্কীয় বাটৰ নাট আৰু ৰিল প্ৰতিযোগিতাৰ আয়োজন কৰে।
কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক তথা অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা উপদেষ্টা ননী গোপাল মহন্তই তেওঁৰ বক্তব্যত সমাজত এইচ আই ভি/এইডছৰ সৈতে জড়িত বিভিন্ন মূল কথাৰ ওপৰত আলোকপাত কৰে আৰু যুৱক-যুৱতীসকলক সমাজৰ পৰা এই কু-কৰ্মসমূহ নিৰ্মূল কৰিবলৈ আহ্বান জনায়। অধ্যাপক মহন্তই আৰু কয় যে এইচ আই ভি ৰোগত আক্ৰান্ত হোৱা লোকসকলেও আনলৈ এই ভাইৰাছ সংক্ৰমিত হোৱাৰ সম্ভাৱনা সৰ্বাধিক। সেইবাবেই পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ।
কাৰ্যসূচী উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলাগুৰু অধ্যাপক জয়ন্ত কৃষ্ণ শৰ্মাই এই মাৰাত্মক ভাইৰাছৰ বিষয়ে ব্যাখ্যা কৰে আৰু সজাগতা সম্পৰ্কীয় সেৱাৰ প্ৰসাৰ আৰু এইচ আই ভি/এইডছ সম্পৰ্কীয় কলংক আৰু বৈষম্য হ্ৰাস কৰাটো প্ৰয়োজনীয়। অতিথি আৰু অংশগ্ৰহণকাৰীসকলক আদৰণী জনাই ছাত্ৰকল্যাণৰ সঞ্চালক তথা এন এছ এছৰ কাৰ্য্যসূচী সমন্বয়ক ড° ৰঞ্জন কুমাৰ কাকতিয়ে কয় যে এইচ আই ভি হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক আক্ৰমণ কৰা ভাইৰাছ, এইচ আই ভিৰ চিকিৎসা নকৰিলে এইডছ (একোৱাইৰেড ইমিউন’ডেফিচিয়েন্সি চিণ্ড্ৰম) হ’ব পাৰে। যেতিয়া এজন ব্যক্তি এইচ আই ভি ৰোগত আক্ৰান্ত হয়, তেতিয়া ই তেওঁলোকৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক আক্ৰমণ কৰে, সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰা ৰক্তকণিকাবোৰ ধ্বংস কৰে। যদি এইচ আই ভিয়ে এই ৰক্তকণিকাবোৰ পৰ্যাপ্ত পৰিমাণে ধ্বংস কৰে, যিবোৰক চিডি৪ বা টি-চেল বুলি জনা যায়, তেন্তে ব্যক্তিজনৰ এইডছ ৰোগ হয়।
বিশ্ববিদ্যালয়খনৰ শ্ৰেণীসমূহৰ সাচিব অধ্যাপক জগদীশ শৰ্মাই পুৰস্কাৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজয়ীসকলক পুৰস্কাৰৰ ধন আৰু ট্ৰফী প্ৰদান কৰে। সংগীত নাটক একাডেমী বঁটা বিজয়ী মইনুল হক, এন এছ ডিৰ জ্যোতি নাৰায়ণ নাথ, ৰাষ্ট্ৰীয় বঁটা বিজয়ী কৃপাল কলিতাই এই প্ৰতিযোগিতাসমূহত জুৰী সদস্য হিচাপে অংশগ্ৰহণ কৰে। পুৰস্কাৰৰ ধন দহ হাজাৰ, আৰু সাত হাজাৰ পাঁচ হাজাৰ শ্ৰেষ্ঠ বিজয়ী তিনিগৰাকীক প্ৰদান কৰা হয়।
বাটৰ নাট প্ৰতিযোগিতাত ১ম স্থান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ , ২য় বি বৰুৱা কলেজ আৰু ৩য় স্থান দক্ষিণ কামৰূপ কলেজ। ৰিল প্ৰতিযোগিতাত ১ম স্থান নগাঁও কলেজৰ মুস্কান কুমাৰী সিং, ২য় স্থান গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ এন এছ এছ গোটৰ ডলী চৌধুৰী, ৩য় স্থান দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ মো ইনচান আলী আৰু বাবলী দাসে লাভ কৰে। এই কাৰ্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায় ২০ খন ভিন্ন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰে।
Also Read: ফাকুৱাৰ উৎসাহৰ মাজতেই ধুমুহাৰ তাণ্ডৱ...