"সত্যপাল মালিকৰ অভিযোগৰ তদন্ত কৰক উচ্চতম ন্যায়ালয়ে"- অসম জাতীয় পৰিষদ...
ডিজিটেল ডেস্ক : অসম জাতীয় পৰিষদে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক পুলৱামা আৰু দুৰ্নীতি সন্দৰ্ভত জম্মু আৰু কাশ্মীৰৰ পূৰ্বৰ ৰাজ্যপাল সত্যপাল মালিকে উত্থাপন কৰা অভিযোগৰ উত্তৰ দিবলৈ আহ্বান জনায় ৷ অন্যথা প্ৰধান মন্ত্ৰীৰ মৌনতাই দেশৰ সেনা বাহিনীৰ নিৰাপত্তাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আপোচ কৰিছিল বুলি পতিয়ন যাবলৈ দেশবাসীক বাধ্য কৰিব ৷
মঙ্গলবাৰে এক সংবাদ মেল যোগে এই কথা ব্যক্ত কৰে অসম জাতীয় পৰিষদে। পৰিষদটোৰ সাধাৰণ সম্পাদক শ্ৰী জগদীশ ভূঞাই কয় যে, প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে পুলৱামা ঘটনাৰ চাৰি বছৰৰ মূৰত দেশবাসীৰ আগত ভাৰতীয় জোৱানৰ ওপৰত মাৰাত্মক আক্ৰমণ চলোৱাৰ আঁৰৰ কাহিনী সদৰি কৰা কাৰ্যই দেশবাসীক স্তম্ভিত কৰি তুলিছে ৷ ৰাজ্যপালগৰাকীয়ে দ্বিধাহীন ভাষাত প্ৰকাশ কৰিছে যে, কেন্দ্ৰীয় চৰকাৰৰ ভুলৰ বাবে ৪০ জনকৈ চি আৰ পি এফ জোৱানে প্ৰাণ বিসৰ্জন দিব লগা হৈছিল ৷
সমগ্ৰ ঘটনাটোৰ বেলিকা প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় উপদেষ্টা অজিত ডোভালে ৰাজ্যপাল গৰাকীক মনে মনে থাকিবলৈ কোৱা কথাটোৱে দেশত অতি অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰিছে ৷ সেয়েহে প্ৰধান মন্ত্ৰীয়ে মৌনতা পৰিহাৰ কৰিলেহে কথাবোৰ অধিক স্পষ্টতৰ হ’ব আৰু এই ক্ষেত্ৰত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰো ভূমিকা সন্দেহৰ উদ্ধৰ্ত নহয় বুলি মত প্ৰকাশ কৰে। জাতীয় পৰিষদৰ নেতাগৰাকীয়ে লগতে কয় যে, পুলৱামাৰ ঘটনাত মৃত্যু হোৱা ৪০ গৰাকী নিৰাপত্তাৰক্ষী জোৱানৰ জীৱনৰ সৈতে আপোচ কৰি বিজেপিয়ে ২০১৯ চনৰ নিৰ্বাচন খেলিছে আৰু জিকিছে ৷
তদুপৰি তেওঁ কয়, প্ৰাক্তন ৰাজ্যপালগৰাকীয়ে পুলৱামাৰ ঘটনাৰ ক্ষেত্ৰত নিৰাপত্তামূলক ব্যৱস্থাবোৰ কেনেকৈ শিথিল কৰা হৈছিল তাৰ সবিশেষ দাঙি ধৰিছে ৷ এই সকলো কথাই পতিয়ন নিয়াই যে, ক’ৰবাত জোৱানৰ নিৰাপত্তাৰ বেলিকা আপোচ কৰা হৈছিল ৷ এই দায়িত্ব প্ৰধান মন্ত্ৰীয়ে মূৰ পাতি লোৱাৰ বাহিৰে কোনো গত্যন্তৰ নাই৷ মালিকে অভিযোগসমূহ উত্থাপন কৰাৰ কেইবাদিনৰ পিছতো বৰ্তমানলৈকে প্ৰধান মন্ত্ৰীয়ে কোনো উত্তৰ নিদিয়া বাবে সন্দেহ দিনক দিনে ঘনীভূত হ’ব ধৰিছে ৷ অসম জাতীয় পৰিষদে প্ৰধান মন্ত্ৰীক আৰু অধিক পলম নকৰিবলৈ আহ্বান জনাইছে ৷ অন্যথা প্ৰধান মন্ত্ৰীৰ নেতৃত্বত দেশৰ গোটেই শাসন ব্যৱস্থাটোৰ ওপৰতে জনসাধাৰণে আস্থা হেৰুৱাব ৷
তদুপৰি মালিকে দাঙি ধৰা আন এটা দিশৰ ওপৰত মন্তব্য কৰি ভূঞাই কয় যে– মালিক গোৱাৰ ৰাজ্যপাল হৈ থাকোঁতে দুৰ্নীতিৰ কাৰ্যকলাপত বাধা দিছিল আৰু সেইবাবেই তেওঁক মাত্ৰ এসপ্তাহমানৰ মূৰতে গোৱাৰ পৰা অপসাৰণ কৰিছিল ৷ জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল হৈ থাকোঁতে দুখন ডাঙৰ আঁচনি অনুমোদন জনাবলৈ আৰএছএছৰ এজন উচ্ছপদস্থ কৰ্মকৰ্তাই মালিকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল ৷ দুয়োখন আঁচনিৰ অনুমোদন কৰাৰ লগত তিনিশ কোটি টকা অবৈধভাৱে আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি কৰ্মকৰ্তাগৰাকীয়ে দিছিল ৷
আচৰিতভাৱে মালিকে অনুমোদন নজনোৱা আঁচনি প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অনুমোদিত হৈছিল ৷ মালিকে অকপটে কৈছে যে, মোডীয়ে দুৰ্নীতিৰ সকলো কথা জানি-শুনিও কোনো হকা-বাধা কৰা নাছিল ৷ বৰঞ্চ কোন কোন ব্যক্তিয়ে অসাধু উপায়েৰে প্ৰধান মন্ত্ৰীৰ অনুগ্ৰহত ঠিকাবোৰ হস্তগত কৰিছিল সেই কথাও শ্ৰী মালিকে প্ৰকাশ কৰিছে ৷ প্ৰধান মন্ত্ৰীয়ে দুৰ্নীতি নিৰ্মূল কৰাৰ নামত বিৰোধী পক্ষক ই ডি আৰু চি বি আইৰ জৰিয়তে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ কিন্তু আম্বানি, আদানিকে ধৰি ঘনিষ্ঠসকলক প্ৰধান মন্ত্ৰীয়ে সকলো অপকৰ্মত লিপ্ত হৈ থাকিবলৈ সুযোগ দিছে ৷ এইয়া মালিকৰে অভিযোগ ৷ অসম জাতীয় পৰিষদে দুৰ্নীতিৰ বিষয়তো দেশবাসীক সঁচা কথা ক’বলৈ প্ৰধান মন্ত্ৰীক আহ্বান জনাইছে ৷
অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীয়ে লগতে কয় যে, প্ৰধান মন্ত্ৰীয়ে নিজাববীয়াকৈ পূৰ্বৰ ৰাজ্যপাল গৰাকীৰ অতি গুৰুত্বপূৰ্ণ অভিযোগৰ উত্তৰ নিদিলে উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গোটেই বিষয়টো নিৰপেক্ষ আৰু উচ্চস্তৰীয় তদন্তৰ বাবে হাতত লোৱা উচিত ৷ উচ্চতম ন্যায়ালয়ৰ বাহিৰে আন কোনেও প্ৰধান মন্ত্ৰীক প্ৰশ্ন কৰিবলৈ সাহস নকৰিব ৷ মালিকৰ অভিযোগসমূহৰ লগত জোৱানৰ নিৰাপত্তাৰ লগতে দেশৰ নিৰাপত্তা অখণ্ডতা জড়িত হৈ আছে ৷
বিশ্ববাসীয়ে জানিব যে ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে নিজৰ জোৱানৰ নিৰাপত্তাৰ বিষয়তো আপোচ কৰে ৷ লগতে দুৰ্নীতিৰ বিষয়ত বিশ্ববাসীৰ আগত দেশৰ গৌৰৱো অধঃপতিত হ’ব ৷ ইতিমধ্যে দেশত গণতান্ত্ৰিক মূল্যবোধ অৱনমিত হোৱাৰ কথা বিশ্ববাসীয়ে জানিবলৈ লৈছে ৷ জনসাধাৰণৰ বাবে দেশৰ স্বাৰ্থ যি কোনো দলৰ আৰু যি কোনো ব্যক্তিৰ স্বাৰ্থতকৈ বহু উদ্ধৰ্ত বুলি অসম জাতীয় পৰিষদে মত প্ৰকাশ কৰে ৷
আনহাতে, ৰাষ্ট্ৰপতিৰ কাম-কাজত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে হস্তক্ষেপ কৰা বুলি সত্যপাল মালিকে কৰা অভিযোগ সন্দৰ্ভত ভূঞাই কয় যে, ৰাষ্ট্ৰপতি হৈছে দেশৰ সাংবিধানিক মুৰব্বী আৰু নিজৰ কাম-কাজ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি স্বাধীন ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৰাষ্ট্ৰপতিৰ কাম-কাজত হস্তক্ষেপ কৰি ৰাষ্ট্ৰপতিৰ মর্যাদা লাঘৱ কৰিছে৷
ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত যিসকল উপাচাৰ্য নিযুক্ত কৰা হৈছে সেই আটাইকেইগৰাকী সংঘৰ লগত সম্পৰ্ক থকা আৰু তেওঁলোকৰ কলেজৰ অধ্যক্ষ হোৱাৰো যোগ্যতা নাই বুলি সত্যপাল মালিকে কোৱা কথাখিনিলৈ আঙুলিয়াই দি জাতীয় পৰিষদৰ নেতাগৰাকীয়ে এইয়া অতি গুৰুত্বপূৰ্ণ অভিযোগ আৰু ইয়াৰ তদন্ত হোৱা উচিত বুলি দাবী কৰে।