অসমৰ প্রাক্তন ৰাজ্যপাল অজয় সিঙৰ দেহাৱসান...

অসমৰ প্রাক্তন ৰাজ্যপাল অজয় সিঙৰ দেহাৱসান...

ডিজিটেল ডেস্ক : অসমৰ প্রাক্তন ৰাজ্যপাল অজয় সিঙৰ দেহাৱসান । অৱসৰপ্রাপ্ত লেফটেনেণ্ট জেনেৰেল আছিল অজয় সিং । ২০০৩ৰ পৰা ২০০৮ চনলৈ অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অজয় সিঙে।

অসমৰ প্ৰাক্তন ৰাজ্যপাল আৰু ১৯৬৫ আৰু '৭১ ৰ যুদ্ধৰ প্ৰবীণ লেফটেনেণ্ট জেনেৰেল অজয় সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। লেফটেনেণ্ট জেনেৰেল সিঙৰ সামৰিক কেৰিয়াৰ তথা ৰাজ্য আৰু ৰাষ্ট্ৰলৈ অমূল্য অৱদানৰ কথা সুৱৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

তদুপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড° প্ৰতাপজ্যোতি সন্দিকৈয়েও প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এইগৰাকী প্ৰবীণ নেতাৰ মৃত্যুত এতিয়া সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে।

অসমৰ প্রাক্তন ৰাজ্যপাল অজয় সিঙৰ দেহাৱসান...
উদ্ধাৰ ড্ৰোণৰ ভগ্নাৱশেষ : ভাৰত-পাকিস্তান সীমান্তত সঘন অহা-যোৱা পাকিস্তনী দুষ্টচক্ৰৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in