হাজোত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ তেৰ ঘন্টীয়া অনশন

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত ১৩ ঘণ্টীয়া অনশন কাৰ্যসূচী
হাজোত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ তেৰ ঘন্টীয়া অনশন

ডিজিটেল সংবাদ, হাজোঃ হাজোত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ তেৰ ঘন্টীয়া অনশন কাৰ্যসুচী ৰূপায়ন কৰে। ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী হঠকাৰী ভূমিকাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰতিবাদ ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই তেৰ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।

এই অনশন কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় কার্যলয় সম্পাদক ভৱজ্যোতি ডেকা, কামৰূপ আছুৰ সভাপতি নবজ্যোতি দাস, সম্পদক তাফিকুৰ ৰহমানকে ধৰি বহু নেতা উপস্থিত থাকে।

অসমীয়া মাধ্যমৰ প্ৰতি চৰকাৰে লোৱা সিদ্ধান্তক কঠোৰ সমালোচনা কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই। আদম চৰকাৰৰ শিক্ষা বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ আছুৰ নেতৃত্বৰ।

হাজোত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ তেৰ ঘন্টীয়া অনশন
জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত সামৰিলে CBI-য়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in