জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত সামৰিলে CBI-য়ে

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ ৫৯ পৃষ্ঠাজোৰা চাৰ্জচীট দাখিল চি বি আইৰঃ পথ দুৰ্ঘটনাতহে নিহত হৈছিল জোনমণি ৰাভা ।
জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত সামৰিলে CBI-য়ে

ডিজিটেল সংবাদ ,নগাঁওঃ অৱশেষত সকলো জল্পনা-কল্পনা আৰু সন্দেহ-শংকাৰ ওৰ পেলাই চি বি আইৰ তদন্তকাৰী দলে দাখিল কৰিলে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ চাৰ্জচীট । সাতমাহৰ অনুসন্ধান আৰু তদন্তৰ অন্তত ৫৯ পৃষ্ঠাজোৰা চাৰ্জচীট দাখিল কৰিলে চি বি আইয়ে । এই সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৰ তদন্তকাৰী দলটোৱে সংবাদ মাধ্যমৰ আগত সকলো কথা ৰাজহুৱা কৰা নাই যদিও এক বিশ্বস্ত সূত্ৰে পোৱা খবৰ অনুসৰি হত্যা বা আত্মহত্যাৰ পৰিৱৰ্তে পথ দুৰ্ঘটনাৰ ফলতেই মৰিকলং আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ মৃত্যু হোৱা বুলি চাৰ্জচীট দাখিল কৰিছে চি বি আইয়ে ।

এই চাৰ্জচীটৰ উপৰিও ১৬ টাকৈ ভিডিঅ' ক্লিপো নগাঁও ন্যায়িক দণ্ডাধীশৰ আদালতত জমা দিছে চি বি আইৰ দলে । লগতে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলে, লখিমপুৰৰ তদানীন্তন আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা, নগাঁৱৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাকে ধৰি পোন্ধৰ গৰাকীকৈ আৰক্ষী বিষয়াক নকল সোণ আৰু জালনোটৰ গোচৰত দোষী সাব্যস্ত কৰি চৰকাৰী পক্ষক বিধিগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

২০২৩ বৰ্ষৰ ১৬ মে'ৰ মাজনিশা জখলাবন্ধাৰ সৰুভগীয়াত এক ৰহস্যজনক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল এছ আই জোনমণি ৰাভাৰ । এই ঘটনাৰ পিছতেই উদ্ৰেক ঘটিছিল বিভিন্ন প্ৰশ্নৰ । তাৰ পৰৱৰ্তী সময়ত এই তদন্তৰ দায়িত্ব অৰ্পন কৰা হৈছিল চি বি আইক । ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বত চি বি আইৰ এটা দলে বিগত সাতমাহ ধৰি নগাঁও আৰক্ষী থানাত ৰুজু হোৱা ৪৪৩ /২০২৩ আৰু জখলাবন্ধা আৰক্ষী থানাত ৰুজু হোৱা ৮৪/২০২৩ আৰু ৮৭/২০২৩ নম্বৰৰ মুঠ তিনিটাকৈ গোচৰৰ সন্দৰ্ভত বিগত ১৫ জুনৰ পৰা তদন্ত আৰম্ভ কৰি অৱশেষত চাৰ্জচীট দাখিল কৰে ।

এই চাৰ্জচীটত কেন্দ্ৰীয় অনুসন্ধানকাৰী দলটোৱে জোনমণি ৰাভাৰ সেই ঘটনা কিয় আত্মহত্যা নহয় সেই সন্দৰ্ভত ১১ টাকৈ যুক্তি আৰু কিয় সেই ঘটনা হত্যাকাণ্ড নহয় সেই সন্দৰ্ভতো ১৫ টাকৈ যুক্তি আগবঢ়োৱাৰ খবৰ পোৱা গৈছে । ইয়াৰ লগে লগেই জোনমণি ৰাভাৰ মৃত্যুৰ পিছত উদ্ৰেক ঘটা বিভিন্ন পক্ষৰ বিভিন্ন প্ৰশ্ন গুৰুত্বহীন হৈ পৰিল ।

জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত সামৰিলে CBI-য়ে
পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in