এইয়া পুখুৰী নহয় পথহে; তাকো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ...

চাবুৱাৰ ডিকমত মৰণফাণ্ডলৈ পৰিণত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। পুখুৰী সদৃশ গাঁতত একাঁঠু পানী, বিপদ সংকুল যাত্রা হাজাৰ হাজাৰ যাত্ৰীৰ...
এইয়া পুখুৰী নহয় পথহে; তাকো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ...

ডিজিটেল সংবাদ, চাবুৱা : যি সময়ত শাসনাধিস্থ চৰকাৰখনে সততেই পৰিৱৰ্তনৰ জয়গান গাইছে সেই সময়তে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই সৰ্বসাধাৰণ ৰাইজক জ্বলাকলা খুৱাইছে।

ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ মধ্যভাগৰ নাদুৱা, চাইডিং আৰু ডিকমৰ কেইবাঠাইতো প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। ফলত সেই পথেৰে অহা যোৱা কৰা হাজাৰ হাজাৰ যাত্ৰীয়ে দুৰ্ভোগ ভুগিব লগীয়া হৈছে। বৰ্তমান একাঁঠু একাঁঠু পানী জমা হৈ থকা গাঁত সমূহত ইতিপূর্বে একাধিক দুৰ্ঘটনা সংঘটিত হৈছে।

উল্লেখযোগ্য যে, এই পথেৰে তিনিচুকীয়া জিলাৰ উপৰিও চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰাও নিতৌ হাজাৰোধিক যান-বাহন আৰু ছাত্র-ছাত্রীসহ বিভিন্ন পৰ্যায়ৰ যাত্ৰী অহা যোৱা কৰে।

বিশেষকৈ অসম চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী আৰু অৰুণাচলৰ অন্যতম মূল সংযোগী পথ হিচাবেও বিবেচিত হোৱা এই জৰাজীৰ্ণ পথছোৱা অনতি পলমে মেৰামতি নকৰিলে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

এইয়া পুখুৰী নহয় পথহে; তাকো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ...
বোকাখাতৰ কুৰুৱাবাহীত মৰ্মান্তিক ঘটনা: গছৰ পাত কাটিবলৈ গৈ সলিল সমাধি শিশুৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in