বোকাখাতৰ কুৰুৱাবাহীত মৰ্মান্তিক ঘটনা: গছৰ পাত কাটিবলৈ গৈ সলিল সমাধি শিশুৰ...

বোকাখাতৰ কুৰুৱাবাহীত মৰ্মান্তিক ঘটনা: গছৰ পাত কাটিবলৈ গৈ সলিল সমাধি শিশুৰ...
Published on
Updated on

ডিজিটেল সংবাদ, বোকাখাত : বোকাখাতৰ কুৰুৱাবাহী সত্ৰত মৰ্মান্তিক ঘটনা। দুটি শিশুৱে খেলি থকাৰ মাজতে গছৰ পাত কাটিবলৈ যাওঁতে এটি শিশু পুখুৰীত পৰি শোকাৱহ ভাৱে মৃত্যু সাৱতি লয়।

জানিব পৰা মতে, কুৰুৱাবাহী সত্ৰ নিবাসী বলীন্দ্ৰ দাসৰ জ্যেষ্ঠ পুত্ৰ ভাগ্যজ্যোতি দাসে লগৰ এটি শিশুৰ লগত গাঁওখনৰ এটি উন্মোক্ত পুখুৰীৰ পাৰত মঙ্গলবাৰৰ পুৱাৰ ভাগত গছৰ পাত কাটিবলৈ যাওঁতেই পিছলি পৰাত পানীত পৰি সংঘটিত হয় শোকাৱহ ঘটনাটো।

পুৱাৰ ভাগত সংঘটিত ঘটনাটো বিয়লিহে অভিভাৱক আৰু স্থানীয় গাঁওবাসীয়ে জানিব পাৰি বোকাখাত আৰক্ষীক অৱগত কৰে। পৰৱৰ্তী সময়ত বোকাখাত আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত নিশা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাটোৰ প্ৰতি লক্ষ্য ৰাখি নেৰানেপেৰা বৰষুণৰ ফলত পানীৰে ওপচি থকা অঞ্চলটোৰ উন্মোক্ত পুখুৰীসমূহত তাৎক্ষণিক ভাৱে বেৰা দিবলৈ গাঁওবাসীক বোকাখাত আৰক্ষী প্ৰশাসনে আহ্বান জনাইছে।

মৃত ভাগ্যজ্যোতি দাস আছিল কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। শিশুটিৰ মৃত্যুত অঞ্চলটোত এক অবৰ্ণনীয় শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। উল্লেখযোগ্য যে, চলিত মাহত কুৰুৱাবাহীত সংঘটিত এইটো দ্বিতীয়টো সলিল সমাধিৰ ঘটনা। ইয়াৰ পূৰ্বে ধনশিৰি নদীত সাঁতুৰী পাৰ হ'বলৈ লওঁতে বিগত ৬ জুনত অঞ্চলটোৰ চিনাকান আদৰ্শ গাঁৱৰ ভীম ছেত্ৰী নামৰ এজন যুৱকৰ সলিল সমাধি ঘটিছিল।

বোকাখাতৰ কুৰুৱাবাহীত মৰ্মান্তিক ঘটনা: গছৰ পাত কাটিবলৈ গৈ সলিল সমাধি শিশুৰ...
ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা; নিহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in