হাজোত ১২২বছৰীয়া লক্ষ্মী পূজা

হাজো শুৱালকুচি সমষ্টিৰ অন্তৰ্গত পছৰীয়াত লক্ষ্মী পূজা উপলক্ষে উদুলি মুদুলি পৰিৱেশ।

author-image
Asomiya Pratidin
New Update
হাজোত ১২২বছৰীয়া লক্ষ্মী পূজা

ডিজিটেল সংবাদ, হাজোঃ হাজো শুৱালকুচি সমষ্টিৰ অন্তৰ্গত পছৰীয়াত লক্ষ্মী পূজা উপলক্ষে উদুলি মুদুলি পৰিৱেশ। আবতৰীয়া ১২২বছৰীয়া লক্ষ্মী পূজা উপলক্ষে লোকে লোকেৰণ্য পৰিৱেশ বিৰাজমান সমগ্ৰ পছৰীয়া অঞ্চলত ।

Advertisment

এক সপোনৰ পম খেদি ১২২বছৰ পূৰ্বে স্থাপন হোৱা এই লক্ষ্মী পূজাত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তই অংশ লয়। সনাতনী সংস্কৃতিৰ সভ্যতাৰ অংশ হিচাপে পছৰীয়া বাসী ৰাইজে বছৰ বছৰ ধৰি এই আবতৰীয়া লক্ষ্মী পূজা উদযাপন কৰি আহিছে।

তিনিদিনীয়কৈ আয়োজন কৰা এই পূজা ভাগত বাৰে ৰহনীয়া ধৰ্মীয় সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। এই অনুষ্ঠানত বি জে পি নেতা প্ৰকাশ দাসকে ধৰি বিশিষ্ট ব্যৱসায়ী কেশৱ কলিতাক সম্বৰ্ধনা জনোৱা হয়। উপস্থিত থকা ৰাইজক মহাভোগ বিতৰণ কৰাৰ লগতে বিশ্ব শান্তিৰ হকে ৰাজহুৱা হোম যজ্ঞ অনুষ্ঠিত কৰা হয়।

Also Read: পাকিস্তানৰ জিডিপিতকৈও বেছি টাটা গ্ৰুপৰ মাৰ্কেট ভ্যেলু...

lakshmi puja hajo