পাকিস্তানৰ জিডিপিতকৈও বেছি টাটা গ্ৰুপৰ মাৰ্কেট ভ্যেলু...

টাটা গ্ৰুপৰ তালিকাভুক্ত হৈ আছে ২৫ টা কোম্পানী, তালিকাভুক্ত নোহোৱা আছে আৰু বহু কেইটা কোম্পানী
পাকিস্তানৰ জিডিপিতকৈও বেছি টাটা গ্ৰুপৰ মাৰ্কেট ভ্যেলু...
পাকিস্তানৰ জিডিপিতকৈও বেছি টাটা গ্ৰুপৰ মাৰ্কেট ভ্যেলু...

ডিজিটেল ডেস্কঃ পাকিস্তানৰ জিডিপিক অতিক্ৰম কৰিলে টাটা গ্ৰুপে। টাটা গ্ৰুপৰ অধীনস্থ আটাইকেইটা কোম্পানীৰ যৌথ মাৰ্কেট ভ্যেলুয়ে অতিক্ৰম কৰিছে পাকিস্তানৰ জিডিপক। ইকনমিক টাইমছৰ এক প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে।

এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে কিদৰে নিমখৰ পৰা ছফ্টৱেৰলৈকে প্ৰতিটো খণ্ডতে তালিকভুক্ত টাটা গ্ৰুপৰ কোম্পানীয়ে শ্বেয়াৰ বজাৰত এটা বছৰত উচ্চ হাৰত লাভ আদায় কৰিছে আৰু এই আটাইকেইটা কোম্পানীৰ মুঠ মাৰ্কেট ভ্যেলু এতিয়া অৰ্থনৈতিক বিপৰ্যয় মাজেৰে ঋণগ্ৰস্ত আৰু মুদ্ৰাস্ফীতিৰ গৰাহত পৰা পাকিস্তানৰ অৰ্থনীতিক অতিক্ৰম কৰিছে।

তথ্য অনুসৰি টাটা গ্ৰুপৰ মুঠ কেন্দ্ৰিভূক মাৰ্কেট ভ্যেলু ৩৬৫ বিলিয়ন ডলাৰ। যাৰ ভাৰতীয় মূল্য ৩০ লাখ কোটিৰো অধিক। এই মাৰ্কেট ভ্যেলু পাকিস্তানৰ জিডিপিতকৈ অধিক। আই এম এফৰ মতে বৰ্তমানৰ পাকিস্তানৰ জিডিপি ৩৪১ বিলিয়ন ডলাৰ।

উল্লেখ্য যে টাটা গ্ৰুপৰ তালিকাভুক্ত কোম্পানীসমূহৰ ভিতৰত আইটি আৰু টিচিএছেই হৈছে গ্ৰুপটোৰ মুকুট সদৃশ। এই আইটি আৰু টিচিএছৰ কেন্দ্ৰীভূত মাৰ্কেট ভ্যেলু ১৭০ বিলিয়ন ডলাৰ। যাৰ ভাৰতীয় মূল্য প্ৰায় ১৫ লাখ কোটি। আইএমএফৰ মতে টাটা গ্ৰুপৰ এই আইটি আৰু টিচিএছৰ কেন্দ্ৰীভূত মাৰ্কেট ভ্যেলুয়েই হৈছে পাকিস্তানৰ নগদ ধনৰ অভাৱ, ঋণগ্ৰস্ত অৰ্থনীতিৰ আধা।

টাটা গ্ৰুপৰ মাৰ্কেট ভ্যেলু বৃদ্ধিত যদিও প্ৰাতিটো গোটৰে অংশীদাৰ আছে তথাপিও টাটা গ্ৰুপলৈ আজিৰ তাৰিখত সৰ্বোচ্চ অৱদান আগবঢ়াইছে টাটা মটৰছ আৰু ট্ৰেণ্টে। ইয়াৰে ট্ৰেণ্ট হৈছে টাটা গ্ৰুপৰ মুম্বাইস্থিত এক খুচুৰা কোম্পানী। ১৯৯৮ চনত জন্ম দিয়া এই কোম্পানীয়ে বৰ্তমান জনপ্ৰিয় হৈ পৰা ফেচন চেইন ৱেষ্টছাইড, লেণ্ডমাৰ্ক, ইটা আদিৰ দৰে সামগ্ৰীৰ শৃংখলাক পৰিচালনা কৰে।

উল্লেখ্য, টাটা মটৰ্ছৰ শ্বেয়াৰ মাত্ৰ এটা বছৰতে ১১০ শতাংশ বৃদ্ধি পাইছে। ট্ৰেণ্টে আকৌ সৰ্বাধিক ২০০ শতাংশ লাভ অৰ্জন কৰিছে। ইয়াৰোপৰি টাটা গ্ৰুপলৈ অৰিহণা আগবঢ়াইে টাটা টেকন'লজিছ, টি আৰ এফ, বেনেৰাছ হোটেল, টাটা ইনভেষ্টমেণ্ট কৰ্পোৰেচন, টাটা মটৰ্চ, অটোমোবাইল কৰ্পোৰেচন অফ গোৱা আৰু আৰ্টচন ইঞ্জিনিয়াৰিং আদিও। এইসমূহৰো শ্বেয়াৰ মাৰ্কেটত যথেষ্ট উত্থান হৈছে।

বৰ্তমান টাটা গ্ৰুপৰ অতি কমেও ২৫ টা কোম্পানী ষ্টক এক্সেঞ্জত তালিকাভুক্ত হৈ আছে। ইয়াৰে মাত্ৰ টাটা কেমিকেলৰ মাৰ্কেট ভ্যেলু এটা বছৰত ৫ শতাংশ তললৈ নামিছে।

এই কোম্পানীসমূহৰ উপৰিও টাটা গ্ৰুপৰ তালিকাবৰ্হিভুক্ত আৰু বহু কোম্পানী আছে। টাটা গ্ৰুপৰ তালিকাভুক্ত নোহোৱা তেনে কোম্পানীসমূহৰ ভিতৰত আছে টাটা ছনচ, টাটা কেপিটেল, টাটা প্লে', টাটা এডভান্সড ছিচেটেম, এয়াৰ ইণ্ডিয়া আদি।

যদিহে এইসমূহ বৃহৎ কোম্পানীৰো মাৰ্কেট ভ্যেলু টাটা গ্ৰুপৰ সৈতে কেন্দ্ৰীভূত কৰা হয় তেন্তে আৰু বহু বৃদ্ধি পাব। যদিও সন্মিলিতভাৱে বজাৰ মূলধনৰ ক্ষেত্ৰত টাটা গ্ৰুপক একক সৰ্ববৃৎ শক্তি হিচাপে গঢ়ি তোলাৰ টাটা গ্ৰুপৰ শক্তি আছে তথাপিও কিন্তু এই গোটৰ প্ৰতিটো অংশ পেছাদাৰীভাৱে পৰিচালিত হয়।

মুখ্যতঃ জনহিতকৰ ন্যাসৰ মালিকানাধীন এই গোটৰ কোনো ব্যক্তিগত প্ৰচাৰক নাই। আনকি ৰতন টাটাৰো টাটা ছনচত থকা শ্বেয়াৰ অংশ ১ শতাংশতকৈয়ো কম।

পাকিস্তানৰ জিডিপিতকৈও বেছি টাটা গ্ৰুপৰ মাৰ্কেট ভ্যেলু...
'আমাৰ শক্তি অনন্ত, সম্ভাৱনাও অপাৰ'- নৰেন্দ্ৰ মোডী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in