বৰ্ণিত ভয়ংকৰ পথ দুৰ্ঘটনা : ১জন নিহত

বৰ্ণিত ভয়ংকৰ পথ দুৰ্ঘটনা : ১জন নিহত

গুৰুতৰভাৱে আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ

ডিজিটেল ডেস্ক : হাজোৰ বৰ্ণিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বলেৰ’ পিক-আপ আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত এজন লোক থিতাতে নিহত হয়।

আনহাতে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় প্ৰায় ১০গৰাকী লোক। দুৰ্ঘটনাত নিহত লোক জন মুকালমুৱাৰ চাউলখোৱাৰ ফুলবৰ আলী বুলি জানিব পৰা গৈছে।

ইফালে আহত লোকসকলক চিকিৎসাৰ বাবে স্থানীয় লোকসকলৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ কৰা প্ৰয়োজন যে গুৰুতৰভাৱে আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

বৰ্ণিত ভয়ংকৰ পথ দুৰ্ঘটনা : ১জন নিহত
মণিপুৰত পুনৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ-বিস্ফোৰক সামগ্ৰী উদ্ধাৰ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in