মণিপুৰত পুনৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ-বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

চূৰাচান্দপুৰ আৰু কাঙপোকপি জিলাৰ বিভিন্ন স্থানৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ
মণিপুৰত পুনৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ-বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

ডিজিটেল সংবাদ,শিলচৰ : চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে শনিবাৰে চূৰাচান্দপুৰ আৰু কাঙপোকপি জিলাৰ বিভিন্ন স্থানৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে।

কাঙপোকপি জিলাত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই মেগজিনসহ আমেৰিকাত নিৰ্মিত এটা এম ১৬ ৰাইফল, এটা ১২ ব'ৰ বেৰেল গান, এটা হেণ্ড গ্ৰেণেড, ১২ ব'ৰ বেৰেল গানৰ ৩৩ টা সতেজ কাৰ্টিজ, ৬টা ৫.৫৬ এম এমৰ গুলিসহ যথেষ্ট বাৰুদ জব্দ কৰে। ইফালে, চূৰাচান্দপুৰ জিলাত চলোৱা আন এক অভিযানত ১১টা এছ বি বি এল বন্দুক, মেগজিনসহ এটা ৯এম এম পিস্তল, ৩ টা ইম্প্ৰোভাইজড হেভি মৰ্টাৰ গান, ৪টা শক্তিশালী বোমা আৰু,৭.৬২ এম এমৰ ১৭ টা সতেজ গুলি উদ্ধাৰ কৰে।

মণিপুৰত পুনৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ-বিস্ফোৰক সামগ্ৰী উদ্ধাৰ
গুৱাহাটী-কামাখ্যা ৰে'ল ষ্টেচনত হেৰ’ইন জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in