Tourist Places in North-East
Tourist Places in North-East 
মুখ্য-পৃষ্ঠা

15 Tourist Places in North-East: নতুন বছৰত ভ্ৰমণৰ পৰিকল্পনা? ফুৰক উত্তৰ-পূৱৰ এইসমূহ ঠাই

Asomiya Pratidin

ডিজিটেল ডেস্ক: ভাৰতৰ পৰ্যটন ক্ষেত্ৰৰ উত্তৰনত উত্তৰ পূৱৰ ৰাজ্যকেইখনে এক গুৰুতৰ ভূমিকা পালন কৰি আহিছে।পাহাৰ, সেউজীয়া উপত্যকা, নদ-নদী, আপুৰুগীয়া জীৱ-জন্তু,বিবিধ থলুৱা খাদ্য, সংস্কৃতি, ঐতিহ্যকে ধৰি এজন পৰ্যটকৰ মনে বিচৰা প্ৰায় সকলো বোৰই আছে উত্তৰ পূৱ ভাৰতত।অসমৰ পৰা অৰুণাচল প্ৰদেশলৈকে উত্তৰ পূৱৰ গোটেই কেইখন ৰাজ্যই প্ৰকৃতিৰ আশীৰ্বাদপুষ্ট।উত্তৰ-পূৱৰ পৰ্যটনৰ স্থানসমূহ প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰা যিকোনো ব্যক্তিয়েই উৎসাহিত তথা আচৰিত হোৱাটো প্ৰায় নিশ্চিত।

আপুনি যদি উত্তৰ-পূৱ ভাৰত ভ্ৰমণৰ পৰিকল্পনা কৰিছে, তেতিয়া আপোনাৰ সুবিধাৰ বাবে উত্তৰ-পূৱ ভাৰতৰ ১৫ খন পৰ্যটনস্থলীৰ বিষয়ে তলত উল্লেখ কৰা হৈছে-

কামাখ্যা মন্দিৰ

গুৱাহাটী হৈছে উত্তৰ-পূৱৰ প্ৰৱেশদ্বাৰ।তদুপৰি গুৱাহাটী অসমৰ অন্যতম বৃহৎ তথা ডাঙৰ চহৰ।এই চহৰখনতেই আছে উত্তৰ-পূৱ তথা অসমৰ পৰিচয় বহন কৰা কামাখ্যা মন্দিৰ। কামাখ্যা দেৱীৰ নামত উৎসৰ্গিত কামাখ্যা মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত।এই মন্দিৰটো দেশৰ ৫১ টা শক্তিপীঠৰ আটাইতকৈ পুৰণি।এই মন্দিৰটো তথা ইয়াৰ মূল প্ৰৱেশদ্বাৰটোৰ কাৰুকাৰ্য অতি চমৎকাৰী।কামাখ্যা মন্দিৰৰ দেৱালবোৰতো বহু ভাস্কৰ্যশিল্প খোদিত হৈ আছে। অম্বুবাচী মেলাৰ সময়ত এই মন্দিৰত দেশ-বিদেশৰ লাখ-লাখ ভক্তৰ সমাগম হয়।বিশেষকৈ অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত কামাখ্যা মন্দিৰত ভক্তই ভিৰ কৰা দেখা যায়।কামাখ্যা মন্দিৰৰ লগতে গুৱাহাটীত পৰ্যটকসকলে ব্ৰহ্মপুত্ৰ নদী, উমানন্দ দ্বীপ, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, অসম ৰাজ্যিক সংগ্ৰহালয়, অসম ৰাজ্যিক চিৰিয়াখানাৰো সৌন্দৰ্য্য উপভোগ কৰিব পাৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল। এই উদ্যানখন নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত।এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি  ৮৫৮.৯৮ বৰ্গ কিলোমিটাৰ। ১৯৮৫ চনত ইউনেস্ক’য়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, বাঘ, হলৌ বান্দৰ, শিহু, বনৰীয়া মহ,হাতী,হৰিণ, বনৰীয়া গাহৰি,বন কুকুৰা আদি জীৱ-জন্তৱে বাস কৰে।উল্লেখ্য, ২০০৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে।  

মাজুলী

মাজুলী বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ আৰু অসমৰ এখন উল্লেখনীয় জিলা।ব্ৰহ্মপুত্ৰ নদীৰ এই দ্বীপটো পূৰ্বতে যোৰহাট জিলাৰ এটা মহকুমা আছিল যদিও ২০১৬ চনত মাজুলীক জিলা হিচাপে ঘোষণা কৰা হয়। সত্ৰ নগৰী খ্যাত মাজুলী সত্ৰীয়া-সংস্কৃতিৰো পীঠকেন্দ্ৰ।মাজুলীত বছৰটোৰ সকলো সময়তে পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয়। মাজুলীৰ সত্ৰ তথা মুখা শিল্পইও পৰ্যটকক বাৰুকৈয়ে আকৰ্ষিত কৰে।

শিৱসাগৰ

টাৱাং

টাৱাং উত্তৰ-পূৱৰ অন্যতম মনোমোহা ৰাজ্য অৰুণাচল প্ৰদেশত অৱস্থিত।সমুদ্ৰপৃষ্ঠৰ পৰা ১০,০০০ ফুট উচ্চতাত অৱস্থিত টাৱাং মঠ ৪৫০ সন্ন্যাসীৰ বাসস্থান।টাৱাং মঠ ভাৰতৰ অন্যতম বৃহৎ মঠ।টাৱাঙক পৃথিৱীৰ স্বৰ্গ বুলিও আখ্যা দিয়া হয়। তুষাৰপাতৰ ঋতুত টাৱাঙলৈ দেশ-বিদেশৰ অসংখ্য পৰ্যটক অহা দেখা যায়। টাৱাঙৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ ইয়াত পৰ্যটকৰ আটাইতকৈ বেছি ভিৰ পৰিলক্ষিত হয়। টাৱাঙলৈ শোণিতপুৰ জিলাৰ বালিপাৰা,চেলা গিৰিপথ হৈ যাব পাৰি। ২০০৮ চনৰ জুন মাহৰ পৰা অৰুণাচল প্ৰদেশৰ চৰকাৰৰ পৃষ্ঠপোষকতাত গুৱাহাটীৰ পৰা টাৱাঙলৈ দৈনিক হেলিকপ্টাৰ সেৱাও আৰম্ভ কৰা হয়।

বমডিলা

পৰ্যটকৰ উত্তৰ-পূৱৰ গন্তব্যস্থানসমূহৰ ভিতৰত অন্যতম অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ সদৰ বমডিলা।ঐতিহ্য আৰু সংস্কৃতিৰে সমৃদ্ধ বমডিলাৰ জনপ্ৰিয় পৰ্যটকআকৰ্ষণবোৰ হৈছে ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য, দিৰাং ভেলী, বমডিলা ভিউ পইণ্ট, ক্ৰাফ্ট চেণ্টাৰ, এথনোগ্ৰাফিক মিউজিয়াম, আৰু এপল অৰ্চাৰ্ড।

আগৰতলা

বৃহৎ সংখ্যক পৰ্যটকক আকৰ্ষিত কৰা আগৰতলা ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী।আগৰতলা  উত্তৰ-পূৱৰ দ্বিতীয় বৃহত্তম চহৰ।মুম্বাই আৰু চেন্নাইৰ পিছত আগৰতলা ভাৰতৰ তৃতীয় আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেট গেটৱে। আগৰতলাৰ উজজয়ন্ত প্ৰাসাদ, নীৰমহল, ত্ৰিপুৰা চৰকাৰী সংগ্ৰহালয়ৰ লগতে পৰ্যটকৰ মাজত অতি জনপ্ৰিয় আন ঠাইবোৰ হৈছে ৰ’জ ভেলী বিনোদন উদ্যান, ডাম্বুৰ হ্ৰদ আৰু চেপাহিজালা বন্যপ্ৰাণী অভয়াৰণ্য।

কহিমা

নাগালেণ্ডৰ ৰাজধানী চহৰ কোহিমা হৈছে উত্তৰ-পূব ভাৰতৰ আটাইতকৈ বেছি ভ্ৰমণৰ উপযোগী ঠাই। কহিমাত ডিচেম্বৰ মাহত বাৰ্ষিক হৰ্ণবিল উৎসৱ আয়োজন কৰা হয়। এই  উৎসৱত হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ ভিৰ হোৱা পৰিলক্ষিত হয়। কহিমাত থকা আন পৰ্যটনস্থলী সমূহৰ ভিতৰত আৰাদুৰা পাহাৰৰ কেথলিক কেথেড্ৰেল, দ্বিতীয় বিশ্বযুদ্ধৰ সমাধিক্ষেত্ৰ, নাগালেণ্ড ৰাজ্যিক সংগ্ৰহালয়, ডিজুকৌ ভেলী আৰু জুলজিকেল পাৰ্ক বিশেষভাৱে উল্লেখনীয়।

চেৰাপুঞ্জী

চেৰাপুঞ্জী অসমৰ কাষৰীয়া ৰাজ্য মেঘালয়ত অৱস্থিত।চেৰাপুঞ্জীৰ মুখ্য আকৰ্ষণ হৈছে জলপ্ৰপাত আৰু গুহা। ইয়াৰ ভিতৰত নোহস্ঙ্গিথিয়াং জলপ্ৰপাত, নোহকালিকাই জলপ্ৰপাত, ডেইন্থলেন জলপ্ৰপাত আৰু মাওচমাই গুহা অন্যতম।ইয়াৰ সমানেই আকৰ্ষণীয় চেৰাপুঞ্জীৰ আন দৰ্শন ক্ষেত্ৰবোৰ হৈছে মাওকডক ডিমপেপ ভেলী, ডাবল ডেকাৰ লিভিং ৰুট ব্ৰীজ আৰু থাংখাৰাং পাৰ্ক।

মৌচিনৰাম

মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা প্ৰায় ৫৬ কিলোমিটাৰ নিলগত অৱস্থিত মৌচিনৰাম এখন সৰু খাচী গাওঁ। মৌচিনৰাম ভাৰতৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই। তথ্য মতে, ইয়াত বাৰ্ষিক প্ৰায় ১১,৮৭২ মিলিমিটাৰ বা ৩৯ ফুট বৰষুণ হয়। ঠাইখন ভ্ৰমণ কৰা পৰ্যটকসকলক সতেজ বতাহ, স্লাইডিং ঢাল আৰু সেউজীয়া পৰ্বতবোৰে বাৰুকৈয়ে আকৰ্ষিত কৰে।উল্লেখ্য, মৌচিনৰামৰ অন্যতম মুখ্য আকৰ্ষণ হৈছে মাওজিম্বুইন গুহা। 

শ্বিলং

শ্বিলঙৰ কথা উল্লেখ নকৰাকৈ উত্তৰ-পূব ভাৰতত ভ্ৰমণ কৰিব লগীয়া সৰ্বশ্ৰেষ্ঠ স্থানসমূহৰ কোনো তালিকাই সম্পূৰ্ণ নহয়।পাহাৰ আৰু সদায় কুঁৱলীৰ দ্বাৰা আৱৰি থকা শ্বিলং সকলোৰে সপোনৰ ঠাই।শ্বিলং ৰোমাঞ্চকৰ সংগীত উৎসৱ আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ বাবেও বিখ্যাত।শ্বিলঙৰ মুখ্য আকৰ্ষণসমূহৰ ভিতৰত শ্বিলং পিক, গল্ফ কোৰ্চ, ডন বস্ক’ চেণ্টাৰ ফৰ ইণ্ডিজেনাছ চেণ্টাৰ তথা এলিফেণ্ট ফলছ আদি বিশেষভাৱে উল্লেখযোগ্য।

আইজল

আইজল মিজোৰামৰ ৰাজধানী আৰু এক অত্যাধিক ধুনীয়া পাহাৰীয়া চহৰ।আইজৱালত পৰ্যটকসকলে পেৰাগ্লাইডিঙৰ পৰা ৰাফ্টিংলৈকে দুঃসাহসিক অভিযানবোৰ কৰাৰ সুবিধা লাভ কৰে।লামচিয়েল পুক (গুহা), বাকটাৱং আৰু চলোমনৰ মন্দিৰ আইজলৰ জনপ্ৰিয় পৰ্যটকস্থলীৰ অন্যতম।আনহাতে, পৃথিৱীৰ সৰ্ববৃহৎ পৰিয়ালটোও আছে আইজলতে।৩৮ গৰাকী পত্নী, ৮৯ টা সন্তান আৰু বহুতো নাতি-নাতিনী থকা পু জিয়নাৰ নেতৃত্বত এই পৰিয়ালটোৰ নাম গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভূক্ত হৈছে।

মোককচাং

নাগালেণ্ড ৰাজ্যৰ এখন জিলা মোককচাং।জিলাখনত মুঠ ছটা পৰ্বতশ্ৰেণী আছে৷ পৰ্বতসমূহ প্ৰায় ইটো সিটোৰ সমান্তৰাল ভাৱে অৱস্থিত।পৰ্বতৰ লগতে বহুকেইটা উপত্যকাৰে সমৃদ্ধ মোককচাং।মোককচাং উদ্ভিদ,ৰন্ধনপ্ৰণালী তথা আন বহু বস্তুৰ বৈচিত্ৰ্যৰ বাবেও জনপ্ৰিয়।

গেংটক

ছিকিমৰ গেটৱে গেংটক হৈছে ছিকিম ৰাজ্যৰ ৰাজধানী চহৰ। গেংটক উত্তৰ-পূৱ ভাৰতৰ শীৰ্ষ পৰ্যটন স্থানসমূহৰ ভিতৰত অন্যতম। পূৱ হিমালয় পৰ্বতমালাত অৱস্থিত গেংটকে বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত কাঞ্চনজংঘাৰ অবিশ্বাস্য দৃশ্য প্ৰদান কৰে। ১৮৪০ দশকত বৌদ্ধ তীৰ্থস্থান হিচাপে স্থাপিত এই চহৰখন ব্ৰিটিছ শাসন সমাপ্ত হোৱাৰ পিছত এখন স্বাধীন ৰাজতন্ত্ৰৰ ৰাজধানী হৈ পৰে।সম্প্ৰতি তিব্বতীয় বৌদ্ধ কেন্দ্ৰ গেংটকত বছৰটোৰ প্ৰায় সকলো সময়তে পৰ্যটকে ভিৰ কৰে।

ইম্ফল

অৰণ্যযুক্ত পাহাৰৰ মাজত অৱস্থিত ইম্ফল মণিপুৰৰ ৰাজধানী।ইম্ফলত কেইবাটাও ঐতিহাসিক স্মাৰক আছে যিয়ে ৰাজ্যখনৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰমাণ দিয়ে।ইম্ফলৰ ভ্ৰমণৰ উপযোগী মূল ঠাইসমূহৰ ভিতৰত কাংলা দুৰ্গ, শ্বহীদ মিনাৰ, লাংথাবাল, থাৰন গুহা, সিংদা বান্ধ, মণিপুৰ জুলজিকেল গাৰ্ডেন, শ্ৰী গোবিন্দজী মন্দিৰ, এবুধৌ থাংজিং মন্দিৰ, শ্বহীদ মিনাৰ, লোকটক হ্ৰদ, লাংথাবাল, কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান আৰু ফুবালা অন্যতম।