পৰিত্যক্ত অৱস্থাত স্কৰপিঅ' গাড়ী উদ্ধাৰ

ধনশিৰি মহকুমাৰ উৰিয়ামঘাট থানাৰ আৰক্ষীয়ে বুধবাৰে এখন স্কৰপিঅ' গাড়ী পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা ঘটনাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
পৰিত্যক্ত অৱস্থাত স্কৰপিঅ' গাড়ী উদ্ধাৰ

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ উৰিয়ামঘাট থানাৰ আৰক্ষীয়ে বুধবাৰে এখন স্কৰপিঅ' গাড়ী পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা ঘটনাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণীত প্ৰকাশ যে বুধবাৰে পুৱা প্ৰায় আঠ বজাত উৰিয়ামঘাট আৰক্ষীয়ে এক খবৰৰ ভিত্তিত উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত ধূপগুৰিৰ পৰা এ এছ ১৫ এফ ৮৯৭৮ নম্বৰৰ বগা ৰঙৰ স্কৰপিঅ' গাড়ী উদ্ধাৰ কৰি থানালৈ আনে।

Advertisment

উল্লেখ্য যে জিলাখনৰ ধনশিৰি মহকুমাটোক গাড়ী চোৰ বিলাকে বিভিন্ন সময়ত নিৰাপদ কৰিডৰ ৰূপে ব্যৱহাৰ কৰি আহিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা গাড়ী চুৰি কৰি নি থকা অৱস্থাত কাৰিকৰী বিজুতিৰ বাবে ধূপগুৰি অঞ্চলত এৰি থৈ যায় বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয়লোকে ।উল্লেখ্য যে আৰক্ষীয়ে গাড়ীখন উদ্ধাৰ কৰাৰ সময়ত গাড়ীখনৰ ষ্টেৰিং ভঙা অৱস্থাত আছিল।সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আৰু পঢ়ক: APSC কেলেংকাৰী! আৰু শ'ল, বৰালী পৰিব জালত, অচিৰেই নেপালৰ পৰা অনা হ'ব ৰাকেশ পালৰ ভাতৃক

scorpio