জামুগুৰিহাটৰ নবিল গাঁৱত বিবাহিত যুৱকৰ আত্মহত্যা...

জামুগুৰিহাটৰ নবিল গাঁৱত বিবাহিত যুৱকৰ আত্মহত্যা...

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

জামুগুৰিহাটৰ নবিল গাঁৱত বিবাহিত যুৱকৰ আত্মহত্যা...

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ নবিল গাঁৱৰ এখন বাৰীত এগৰাকী বিবাহিত যুৱকে চিপজৰী লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চিপজৰি লৈ আত্মহত্যা কৰা যুৱকজন নবিল গাঁৱৰে ২৯ বছৰীয়া অৰ্জুন মুণ্ডা বুলি চিনাক্ত কৰা হৈছে৷

Advertisment

মঙ্গলবাৰে দুপৰিয়াৰ পৰা নিৰুদ্দেশ হৈ থকা যুৱকজনক চুবুৰীয়া কোনো লোকে সন্ধিয়া বাৰীখনৰ এজোপা গছত চিপজৰী লৈ আত্মহত্যা কৰা প্ৰত্যক্ষ কৰে৷ পিছত গাঁওৰক্ষী বাহিনীৰ লোক উপস্থিত হৈ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷

ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে৷ তিনি সন্তানৰ পিতৃ অৰ্জুন মুণ্ডাই কি কাৰণত আত্মহত্যা কৰিলে সেই লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷

Also Read: মৰুভূমি হৈ যাওঁক অসম ! মোডীক দিয়া কথা মতেই হ'ব লাগিব পাম খেতি...

জামুগুৰিহাট