/asomiyapratidin/media/media_files/2025/05/19/6uhqttEJDAHExquac0Rs.jpg)
ভাৰত-পাকিস্তান সংঘাতে সম্পূৰ্ণৰূপে অশান্ত কৰি তুলিলে দক্ষিণ এছিয়া। এই অঞ্চলটোক অশান্ত কৰাৰ আঁৰত কোন? কাৰ কি উদ্দেশ্য? কিয় ভাৰতৰ চাৰিওফালে বৃদ্ধি হৈছে শত্ৰু? কি হ'ব ভাৰতৰ পৰৱৰ্তী কূটনৈতিক স্থিতি? আমেৰিকা নে চীন, কোনে চলাইছে ষড়যন্ত্ৰ? এই সকলো বিষয় সামৰি তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।
ম্যানমাৰ, শ্ৰীলংকা, বাংলাদেশৰ পিছত অশান্ত হৈ উঠিল ভাৰত আৰু পাকিস্তানো। অৰ্থনৈতিক বিপৰ্যয়ৰ মাজেৰে কোনোমতে চলি থকা পাকিস্তানে ভাৰতৰ দৰে বিশ্বত নতুনকৈ উজ্জীৱিত হৈ উঠা শক্তিৰ বিৰুদ্ধেও যুদ্ধত লিপ্ত হ’বলৈ সাহাস কৰিলে।
বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিৰ অন্যতম ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ এই সাহসৰ আঁৰত আছিল নেকি কোনো তৃতীয় শক্তি? পাকিস্তানৰ আঁৰত থাকি কোন শক্তিয়ে ভাৰতৰ বিৰুদ্ধে এই যুদ্ধত সাৰ-পানী যোগালে? এনে কিছু চিন্তাই সাধাৰণ মানুহৰ মনতো ক্ৰিয়া কৰিছে যদিও ইয়াৰ কোনো নিৰ্ভৰযোগ্য তথ্য উপলব্ধ নাই।
অৱশ্যে একাংশ ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰনেতাই কৰা মন্তব্য আৰু তেওঁলোকৰ কিছু কাম কাজে বহু বিষয়ত নতুনকৈ চিন্তাৰ বাট মুকলি কৰিছে। নিৰ্ভৰযোগ্য তথ্য উপলব্ধ নহ’লেও সমগ্ৰ দক্ষিণ এছিয়া অশান্ত হৈ পৰাৰ আঁৰত যে কোনো মহা শক্তিৰেই কোপদৃষ্টি আছে সেই বিষয়েও সন্দেহ গাঢ় কৰি তোলে।
ভাৰত-পাকিস্তানৰ সংঘাত আৰু আমেৰিকা-চীনৰ ভূমিকা
সন্ত্ৰাসবাসবাদক পোহপাল দি থকা পাকিস্তানৰ ভিতৰত যোৱা ৭ মে’ত প্ৰৱেশ কৰি ভাৰতীয় সেনাই ৯টা কৈ স্থানত ১১ টা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাৰ পিছতে পাকিস্তানী সেনাই ভাৰতৰ বিৰুদ্ধে সামৰিক আক্ৰমণ কৰিলে। ভাৰতীয় সেনায়ো ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিলে।
ভাৰত-পাকিস্তানৰ মাজৰ এই যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে হঠাৎ ১০ মে’ত ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল ভাৰত আৰু পাকিস্তানে আমেৰিকাৰ মধ্যস্থতাত যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছে। পিছত ট্ৰাম্পে পুনৰ ভাৰত আৰু পাকিস্তানে যুদ্ধ বিৰতি ঘোষণা কৰাৰ বাবে অভিনন্দন জনাই দুয়োখন দেশৰ সৈতে বাণিজ্য বৃদ্ধিৰ কথা ঘোষণা কৰাৰ লগতে কাশ্মীৰ প্ৰসংগত আলোচনাৰ বাবে মধ্যস্থতা কৰিবলৈয়ো সাজু বুলি ঘোষণা কৰিছিল।
ট্ৰাম্পে এই যুদ্ধ বিৰতিৰ বাবে ‘ক্ৰেডিট’ ল’বলৈ বাৰে বাৰে চেষ্টা কৰিলে যদিও অৱশ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যুদ্ধ বিৰতিৰ সন্দৰ্ভত ট্ৰাম্প আৰু আমেৰিকাৰ কোনো ভূমিকাৰ কথাই উল্লেখ নকৰিলে। লক্ষ্যণীয়ভাৱে ৭ মে’ৰ পৰা ১০ মে’ৰ এই যুদ্ধ বিৰতিৰ সময়লৈকে আৰু ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজত আমেৰিকাৰ প্ৰবেশৰ পূৰ্বলৈকে চীনৰ ভাৰত প্ৰসংগত তেওঁলোকৰ স্থিতি আৰু মন্তব্য, পাকিস্তানৰ ক্ষেত্ৰত তেওঁলোকৰ স্থিতিৰো বৈসাদৃশ্যও মন কৰিবলগীয়া।
ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধ সদৃশ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰু সংঘাত দূৰ কৰিবলৈ বেইজিঙে প্ৰথমে দুয়োখন দেশক শান্ত হ’বলৈ আহ্বান জনাই পিছত মধ্যস্থতাৰ বাবেও সাজু হৈছিল। সেই সময়ত চীনৰ ভূমিকা আছিল স্পষ্ট।
কোনো এটা পক্ষৰ সপক্ষে অথবা বিপক্ষে স্থিতি নোলোৱাকৈ বেইজিঙে এই বাৰ্তা প্ৰেৰণ কৰিছিল যদিও পৰৱৰ্তী সময়ত বিষয়টোত ড’নাল্ড ট্ৰাম্পৰ প্ৰৱেশৰ লগে লগেই ১০ মে’ত বেইজিঙে স্পষ্টকৈ ইছলামাদৰ পক্ষত থিয় হোৱা পৰিলক্ষিত হৈছিল। এই বিষয়টোৱেই বহু কথাই ইংগিত দিয়ে।
মন কৰিবলগীয়া চীনৰ আমেৰিকাৰ সৈতে শুল্ক যুদ্ধ আৰম্ভ হোৱাৰ পিছত কেইবা বাৰু ভাৰতলৈ মুকলিকৈ বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়াইছিল। অৱশ্যে ভাৰতে এই ক্ষেত্ৰত কোনো আনুষ্ঠানিক মন্তব্য কৰা নাছিল। ইফালে পাকিস্তানতো চীনে যথেষ্ট বিনিয়োগ কৰিছে। আছে কেইবাটাও প্ৰকল্প।
এছিয়াৰ পৰা বিশ্বলৈ চীন-ভাৰতৰ শক্তি বৃদ্ধি
আমেৰিকা আৰু চীনৰ শেহতীয়াকৈ যি শুল্ক যুদ্ধ সেয়া বিশ্বই দেখিছে। চীনৰ উত্থানে বিশ্ব ৰাজনীতিৰ পৰিবেশ সলনি কৰিছে। বিশ্বৰ দ্বিতীয় বৃহ্ত্তম অৰ্থনীতি চীন বিশ্বৰ সৰ্ববৃহৎ উৎপাদনকাৰী আৰু ৰপ্তানিকাৰী দেশলৈ পৰিণত হৈছে।
চীনৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক বৃদ্ধিয়ে ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বিশ্ব সংস্থাসমূহত দেশখনৰ প্ৰভাৱ বৃদ্ধি কৰিছে আৰু বিশ্ব শাসনত সক্ৰিয় হৈ পৰিছে। ফলত চীনৰ কূটনৈতিক শক্তিশালী প্ৰভাৱ বিশ্বজুৰি বৃদ্ধি হৈছে। চীনৰ এনে উত্থানৰ ফলত আমেৰিকাৰে বাণিজ্যিক বিবাদ আৰু ভূ-ৰাজনৈতিক উত্তেজনা বৃদ্ধি হৈছে।
চুবুৰীয়া চীনৰ দৰেই ভাৰতো এতিয়া বিশ্বৰ অন্যতম উজ্জীৱিত শক্তি। ভাৰতো বিশ্বৰ শীৰ্ষ ৫ খন অৰ্থনীতিৰ অন্যতম হিচাপে আত্মপ্ৰকাশ কৰিছে। বিশ্ব ৰাজনীতিত এতিয়া ভাৰতৰ আছে নিৰ্দিষ্ট প্ৰভাৱ।
ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ বিভিন্ন সংস্থা আদিত ভাৰতৰ গুৰুত্ব বৃদ্ধি হৈছে। ইউৰোপীয় ইউনিয়নকে ধৰি ইছলামিক ৰাষ্ট্ৰসমূহৰ সৈতেও ভাৰতৰ ঘনিষ্ঠ সম্পৰ্কই ইয়াৰ বৰ্ধিত প্ৰভাৱৰ দিশটোকেই ইংগিত দিয়ে।
যিদৰে আমেৰিকাৰ বাবে চীন এতিয়া মূল প্ৰতিদ্বন্দি ঠিক সেইদৰেই ভাৰত চীনৰ বাবেও প্ৰতিদ্বন্দি হৈ পৰিছে। বিশেষকৈ এই দুয়োখন মহাশক্তিশালী দেশ চুবুৰীয়া হোৱাত এছিয়াত দুয়োখনৰ দেশৰ কূটনৈতিক প্ৰভাৱৰ বিষয়টোও অতি সংবেদনশীল হৈ পৰিছে।
দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক পট পৰিবৰ্তন
দক্ষিণ এছিয়াৰ ৮ খন দেশৰ উপৰিও ইয়াৰ চুবুৰীয়া দেশসমূহত শেহতীয়াকৈ যি ভূ-ৰাজনৈতিক পট পৰিবৰ্তন হৈছে সেই পৰিবৰ্তনেও বহু ইংগিত দিছে। আফগানিস্তান তালিবানৰ দখললৈ যোৱাৰ পিছত তালিবানী চৰকাৰে শাসন চলাই আছে।
ছাত্ৰ আন্দোলনৰ মাজতে বাংলাদেশত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ পতন ঘটিছে। ঘৰুৱা বাণিজ্যৰে অৰ্থনৈতিক ভাৱে টনকিয়াল হৈ উঠা দেশখন ইয়াৰ পিছতেই সম্পূৰ্ণৰূপে ধ্বংস হৈছে আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ আমোলত মৌলবাদী শক্তিৰ উত্থান ঘটিছে।
পৰ্যটনক কেন্দ্ৰ কৰিয়েই অৰ্থনৈতী গঢ়ি উঠা মালদ্বীপৰ আভ্যন্তৰীণ ৰাজনৈতিক সংকট, পৰ্যটন উদ্যোগলৈ অহা প্ৰত্যাহ্বানে দেশখনক জুৰুলা কৰিছে। শ্ৰীলংকাৰ অৰ্থনৈতিক বিপৰ্যয় আৰু ৰাজনৈতিক পৰিবৰ্তনৰ পিছত এতিয়া মূৰ তুলি উঠিব নোৱৰা এক অৱস্থা।
ভগ্ন অৰ্থনীতিৰ মাজতে ঋণ লৈ চলি থকা পাকিস্তানে আভ্যন্তৰীণ সমস্যাৰাজিৰে যুঁজ দি থকাৰ মাজতেই ভাৰতৰ বিৰুদ্ধে সামৰিক যুদ্ধত লিপ্ত হ’ল। ভাৰতক যুদ্ধৰ বাবে প্ৰৰোচিত কৰি পাকিস্তানে যুদ্ধ সদৃশ এক পৰিবেশৰ সূচনা কৰিলে যদিও তাৰ সঠিক উত্তৰ লাভ কৰিলে।
বিশ্বত শান্তিৰ বাৰ্তা কঢ়িয়াই ফুৰা ভাৰতকো যুদ্ধৰ বাবে বাধ্য কৰি তোলাৰ পিছত দক্ষিণ এছিয়া সম্পূৰ্ণৰূপে অস্থিৰ হৈ পৰিল। ইফালে ভাৰত আৰু বাংলাদেশৰ চুবুৰীয়া ম্যানমাৰো গৃহ যুদ্ধত বিধ্বস্ত। দক্ষিণ এছিয়াক এইদৰে সম্পূৰ্ণৰূপে অস্থিৰ কৰি তোলাৰ আঁৰত আছে নেকি কোনো মহা শক্তি?
বাংলাদেশত আমেৰিকাৰ বৃহৎ সামৰিক ঘাটি আৰু ম্যানমাৰৰ বিদ্ৰোহীলৈ আমেৰিকাৰ সাহায্য
ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ মাজতেই ঢাকাত আহি উপস্থিত হৈছিল আমেৰিকা বায়ুসেনাৰ এটা বিষয়াৰ দল। তেওঁলোকৰ ভ্ৰমণৰ উদ্দেশ্য আছিল গধুৰ মালবাহী বিমান অহাৰ পূৰ্বে ব্যৱস্থাৰ পৰিদৰ্শন।
৮ মে’ত কাটাৰ এয়াৰৱেজৰ বিমান অ’ আৰ-৬৪১ৰ জৰিয়তে ঢাকাৰ শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছিল আমেৰিকাৰ চাৰিজনীয়া দলটোৱে। এই বিষয়াসকল প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থা (ডি আই এ)ৰ সৈতে জড়িত বুলি দাবী কৰা হৈছে।
ঢাকাত উপস্থিত হ’বলগীয়া বৃহৎ মালবাহী বিমানখনে বাংলাদেশ সীমান্তৰ মাজেৰে ম্যানমাৰলৈ সামগ্ৰী কঢ়িয়াই নিব বুলি জানিব পৰা গৈছে। সেই সামগ্ৰীসমূহৰ ভিতৰত অত্যাধুনিক মাৰণাস্ত্ৰই থাকিব বুলি সন্দেহ কৰা হৈছে।
শেহতীয়াকৈ আমেৰিকাই বাংলাদেশৰ সীমান্তৰ মাজেৰে ম্যানমাৰৰ বিদ্ৰোহী সংগঠনলৈ সামৰিক সাহায্য প্ৰেৰণ কৰা বুলিও অভিযোগ উঠি আহিছে। বাংলাদেশৰ নিৰাপত্তা সেৱাৰ সূত্ৰৰ দ্বাৰা প্ৰকাশিত খবৰ অনুসৰি ঢাকাত উপস্থিত হোৱা ইউ এছ এ এফৰ বিষয়াসকলে আল উডেইড বিমান ঘাটিৰ সৈতে জড়িত।
এই বিমান ঘাটিটো দোহাৰ পৰা প্ৰায় ৬৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। আল উডেইড এয়াৰ বেছক আবু নাখলাহ বিমানবন্দৰ বুলিও জনা যায়। এই বিমান ঘাটিয়ে ইৰাকত আমেৰিকাৰ কাৰ্য্যকলাপৰ মুখ্য কাৰ্যালয় আৰু লজিষ্টিক ঘাটি হিচাপে কাম কৰে। এই ঘাটিটোত আছে উপসাগৰীয় অঞ্চলৰ আটাইতকৈ দীঘল ৰাণৱে।
বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামান যোৱা ৩ মে’ত কাটাৰলৈ দুদিনীয়া ভ্ৰমণলৈ গৈছিল। তাৰ পিছতেই বাংলাদেশলৈ এই যুদ্ধ সামগ্ৰীৰ আগমণে চৰ্চা লাভ কৰিছে। এই যুদ্ধ অস্ত্ৰই হয়তো ম্যানমাৰৰ ভূ-ৰাজনৈতিক পৰিস্থিতিক এক নতুন গতি দিব।
মন কৰিবলগীয়া যে, ম্যানমাৰৰ সামৰিক জুণ্টাৰ বেইজিঙৰে আছে সুসম্পৰ্ক। বেইজিঙে ম্যানমাৰত কেইবাটাও প্ৰকল্প হাতত লৈছে। গৃহ যুদ্ধত বিধ্বস্ত ম্যানমাৰৰ ৰখাইন প্ৰদেশকে ধৰি বৃহৎ ভূ-খণ্ড এতিয়া বিদ্ৰোহীৰ দখলত। এই ম্যানমাৰ অথবা ইয়াৰ এটা বৃহৎ অংশ যদি আমেৰিকাৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণলৈ আনিব পৰা যায় তেন্তে এছিয়াত যে আমেৰিকাৰ প্ৰভূত্ব পূৰ্বতকৈ বৃদ্ধি পাব সেয়া নিশ্চিত।
ইতিমধ্যে বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই স্পষ্টকৈ উল্লেখ কৰিছে ছেইণ্ট মাৰ্টিনছ আইলেণ্ড আমেৰিকাৰ হাতত গতাই নিদিয়াৰ বাবেই তেওঁ ক্ষমতাৰ পৰা আঁতৰিবলগীয়া হ’ল। হয়তো বিশ্ববাসীয়ে অতি সোনকালেই এখন নতুন ৰাষ্ট্ৰকো দেখিবলৈ পাব। ইতিমধ্যে ম্যানমাৰ সীমান্তৰ বাংলাদেশৰ আমেৰিকাৰ এক বৃহৎ সামৰিক ঘাটি নিৰ্মাণৰ কুচকাৱাজৰ বিষয়েও খবৰ আহিছে।
চীন-আমেৰিকাৰ শুল্ক যুদ্ধ আৰু ভাৰতৰ বৈদেশিক নীতি
এই কথা স্পষ্ট যে চীন আৰু আমেৰিকাৰ মাজৰ যি বাণিজ্যিক সংঘাত সেই সংঘাতৰে হয়তো ফল ভূগিছে দক্ষিণ এছিয়াই। এই অঞ্চলটোক অশান্ত কৰি ৰাখিব পাৰিলেই আমেৰিকাৰ দৰে ৰাষ্ট্ৰৰ সকলো দিশৰ পৰাই লাভ।
একেদৰে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহত চীনৰ প্ৰভূত্ব বৃদ্ধিয়ে ভাৰতক যথেষ্ট প্ৰভাৱিত কৰিছে। আমেৰিকাৰ ড’নাল্ড ট্ৰাম্পৰ দৰে বেপাৰী ৰাষ্ট্ৰনেতাৰ বাবে বন্ধুত্ব কেৱল বাণিজ্যৰে জোখা এক শব্দ।
এই মুহূৰ্তত সেয়ে ভাৰতে কাৰ সৈতে কেনে বৈদেশিক সম্পৰ্ক ৰক্ষা কৰিব সেয়া অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে। দক্ষিণ এছিয়াৰ প্ৰায় কেইখন দেশৰ সৈতেই ভাৰতৰ কূটনৈতিক সম্পৰ্ক দুৰ্বল।
ইউৰোপীয় ইউনিয়ন আৰু কিছু সংখ্যক ইছলামিক ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ যি ঘনিষ্ঠ সম্পৰ্ৰ সেয়া চুবুৰীয়াৰ সৈতে নথকা বিষয়টো স্বাভাৱিকতে অতি গুৰুতূপূৰ্ণ। ভাৰত-পাকিস্তানৰ মাজৰ সংঘাতৰ সময়ত সৃষ্টি হোৱা পৰিস্থিতি আৰু চীন, আমেৰিকাৰ ভূমিকাই বহু কথাৰে ইংগিত দিয়ে।
কোনোবাই যদি এই অঞ্চলটো নিজা উদ্দেশ্যৰ বাবে অশান্ত হৈ থকাটোৱেই বিচাৰি সাপ হৈ খুটি বেজ হৈ জাৰে ঠিক তেনেকৈয়ে আন কোনোবাই আকৌ আন কাৰোবাৰ হস্তক্ষেপ সহ্য নকৰি নিজা স্বাৰ্থক অগ্ৰাধিকাৰ দি ভাৰতৰ বিৰুদ্ধে যাবলৈয়ো কুণ্ঠাবোধ নকৰে। এই মুহূৰ্তত ভাৰতে কাক বিশ্বাসত ল’ব, কাৰ সৈতে ঘনিষ্ঠতা ৰক্ষা কৰিব আৰু পৰৱৰ্তী কূটনৈতিক পদক্ষেপ কি হ’ব সেয়া লক্ষ্যণীয় হ’ব।