ঢকুৱাখনাত জিঅ' টাৱাৰ জ্বলি বিধ্বস্ত

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত জিঅ' টাৱাৰ জ্বলি বিধ্বস্ত

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ২নং হিলৈদাৰীৰ সমীপৰ দীঘলা গাঁওত অৱস্থিত এটা জিঅ' টাৱাৰত দেওবাৰে বিয়লি সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড। গাঁওখনৰ টোষেশ্বৰ গগৈৰ বাৰীত অৱস্থিত জিঅ' কোম্পানীৰ টাৱাৰটোৰ মূল যন্ত্ৰপাতি থকা অংশত বিয়লি  প্ৰায় ২ বজাত অকস্মাত  বিধ্বংসী জুয়ে আৱৰি ধৰে ।

Advertisment

স্থানীয় ৰাইজে এই আকস্মিক অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি ঢকুৱাখনাস্থিত ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ কাৰ্য্যালয়ত অৱগত কৰে। ঢকুৱাখনাৰ এছ ডি আৰ এফ বিভাগৰ দুখন গাড়ীয়ে তৎক্ষণাত গৈ জুই নিৰ্বাপিত কৰে যদিও ৭ লক্ষাধিক টকা মূল্যৰ ক্ষয় ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।  অগ্নিকাণ্ডৰ সঠিক কাৰণ জানিব পৰা নাই যদিও বৈদ্যুতিক 'স্বৰ্ট চাৰ্কিত' বুলি ধাৰণা কৰা হৈছে ।

assam dhakuakhana