শিক্ষক দিৱসৰ দিনাই চিলাপথাৰতো শিক্ষক-কৰ্মচাৰীৰ প্ৰতিবাদ

পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চিলাপথাৰতো প্ৰতিবাদত নামিল কলেজৰ কৰ্মচাৰী।

author-image
Asomiya Pratidin
New Update
শিক্ষক দিৱসৰ দিনাই চিলাপথাৰতো শিক্ষক-কৰ্মচাৰীৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, চিলাপথাৰঃ পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চিলাপথাৰতো প্ৰতিবাদত নামিল কলেজৰ কৰ্মচাৰী। অসম স্নাতক মহাবিদ্যালয় অনা- শিক্ষক কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে চিলাপাথৰ বিজ্ঞান মহািদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীয়েও কৰ্মবিৰতি পালন কৰে। তিনি দিনীয়াকৈ হাতত লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰাপ্য দৰমহাৰ লগতে অন্যান্য ভাট্টা প্ৰদানৰ দাবীত শ্লগান দি পৰিবৱেশ উত্তাল কৰি তোলে।

Advertisment

এই কৰ্মবিৰতিৰ বাবে অচল হৈ পৰে অনুষ্ঠানখনৰ স্বাভাৱিক কাম-কাজ। চৰকাৰে অনা শিক্ষকসকলক চাকৰিৰ নামত চৰম প্ৰতাৰণা কৰিছে। সামান্য দৰমহাত গেবাৰি খাতিছে প্ৰাদেশীকৃত কলেজৰ অনা কৰ্মচাৰীসকলে। চৰম অভাৱ অনাটনত পৰিয়াল চলাবলৈ অসুবিধাৰ সন্মুখীন হৈ পৰিছে বুলি মন্তব্য কৰে প্ৰতিবাদীসকলে।

ইতিমধ্যে ৬ জনকৈ কৰ্মচাৰীয়ে অভাৱত চিকিৎসা ব্যয় বহন কৰিব নোৱাৰি ইহলীলা সম্বৰণ কৰিছে বুলিও মত প্ৰকাশ কৰি কৰাৰ লগতে শেহতীয়াকৈ নতুনকৈ কলেজত যোগদান কৰা তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও যথেষ্ঠ পৰিমাণে দৰমহা লাভ কৰে বুলি ব্যক্ত কৰে। মহাবিদ্যালৰ প্ৰতিষ্ঠাকালৰ পৰা ২০-২৫ বছৰে অতি কষ্টৰে কৰ্তব্যত জড়িত অনা শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত চৰকাৰে চৰম পক্ষপাতিত্ব ভূমিকা লৈ প্ৰাপ্য পৰা বঞ্চিত কৰাৰ অভিযোগ।

Also Read: "শিলসাঁকোত গায়ত্ৰীক দিয়া নাছিল ডিউটি, লাভ কৰা নাই ছুইছাইড নোট"- মহানগৰ আৰক্ষী

teacher protest