"শিলসাঁকোত গায়ত্ৰীক দিয়া নাছিল ডিউটি, লাভ কৰা নাই ছুইছাইড নোট"- মহানগৰ আৰক্ষী

মহানগৰ আৰক্ষীৰ স্পষ্টীকৰণঃ শিলসাঁকোত ডিউটি দিয়া নাছিল গায়ত্ৰীক, ঘটনাৰ সন্দৰ্ভত লাভ কৰা নাই কোনো ছুইছাইড নোট...
"শিলসাঁকোত গায়ত্ৰীক দিয়া নাছিল ডিউটি, লাভ কৰা নাই ছুইছাইড নোট"- মহানগৰ আৰক্ষী

ডিজিটেল ডেস্কঃ গায়ত্ৰী হাজৰিকাৰ আত্মহত্যাৰ সন্দৰ্ভত মুখ খুলিছে মহানগৰ আৰক্ষীয়ে। মহানগৰ আৰক্ষীৰ ডিপুটি কমিচনাৰ তথা জনসংযোগ বিষয়াই প্ৰকাশ কৰা এক প্ৰেছ বিবৃতি অনুসৰি গায়ত্ৰী হাজৰিকাৰ আত্মহত্যাৰ সন্দৰ্ভত কোনো "ছুইচাইড নোট" লাভ কৰা নাই আৰক্ষীয়ে। সমান্তৰালভাবে শিলসাঁকো উচ্ছেদস্থলীতো গায়ত্ৰীক কৰ্ম সম্পাদনৰ বাবে দায়িত্ব দিয়া হোৱা নাছিল বুলি স্পষ্টীকৰণ দিয়ে।

প্ৰেছ বিবৃতিটোৰ বিৱৰণ অনুসৰি ০৪ ছেপ্টম্বৰ পৰাই সন্ধানহীন হৈ আছিল গায়ত্ৰী। উক্ত দিনা নিশা প্ৰায় ১১:৪৫ বজাত আৰক্ষীৰ কনিষ্টবল তথা গায়ত্ৰীৰ ৰুমমেট জুৰি বৈশ্যই পল্টন বজাৰ থানাত গায়ত্ৰী ৰুমত উপস্থিত নোহোৱাৰ কথা অৱগত কৰিছিল। পল্টন বজাৰ থানাত নিযুক্ত গায়ত্ৰীৰ সৈতে সন্ধিয়া ৬ বজাৰ পৰা যোগাযোগ কৰিব নোৱাৰাৰ কথাও অৱগত কৰিছিল জুৰি বৈশ্যই।

এইগৰাকী জুৰি বৈশ্যই পৰাই আৰক্ষীয়ে গায়ত্ৰীয়ে স্বাস্থ্যজনিত সমস্যাত ভুগি থকা তথা হতাশাগ্ৰস্ত হোৱাৰ কথা জানিব পাৰিছিল পল্টন বজাৰ আৰক্ষী। প্ৰেছ বিবৃতিটোত উল্লেখ কৰা অনুসৰি, গায়ত্ৰীয়ে ৰুমৰ পৰা যোৱাৰ সময়ত কৰ্তব্যৰ বাবে আমিনগাঁওলৈ যোৱাৰ কথা ব্যক্ত কৰি গৈছিল।

ইয়াৰ পাছতেই গায়ত্ৰীৰ সন্ধানত নামি পৰা আৰক্ষীয়ে ৫ ছেপ্টম্বৰৰ পুৱা প্ৰায় ৪ বজাত শৰাইঘাট দলঙৰ ওপৰত এটা ম'বাইল ফোন, চশমা আৰু চেণ্ডল উদ্ধাৰ কৰি উক্ত সামগ্ৰী গায়ত্ৰীৰ বুলি চিনাক্ত কৰে। আৰু সেয়ে গায়ত্ৰীয়ে আত্মজাহ দিয়াৰ সন্দেহত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধান চলায়।

বৰ্তমানলৈ গায়ত্ৰীৰ সন্ধান নোপোৱাৰ কথা উল্লেখ কৰি আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত কোনো "ছুইচাইড নোট" লাভ কৰা নাই আৰু বাতৰিত প্ৰকাশ পোৱা অনুসৰি শিলসাঁকোৰ উচ্ছেদ স্থলীত গায়ত্ৰীক কৰ্তব্য প্ৰদান কৰা হোৱা নাছিল বুলি উল্লেখ কৰে।

"শিলসাঁকোত গায়ত্ৰীক দিয়া নাছিল ডিউটি, লাভ কৰা নাই ছুইছাইড নোট"- মহানগৰ আৰক্ষী
শিহৰণকাৰী ! গুগল-ইউটিউব চাৰ্চ কৰি পৰিকল্পিতভাবে হত্যা কৰিলে মাতৃ-ভাতৃক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in