/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0e4dbbc2-a3ab-40bd-9fbd-b59a469f31e8/CRIME_09.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটীত পুনৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যু। বুধবাৰে গোসাঁইগাঁৱৰ যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
যুৱকজন গোসাঁইগাঁৱৰ শৰাইবিলৰ সুৰিবাৰী গাঁৱৰ ৰাজা নাৰ্জাৰী বুলি জানিব পৰা গৈছে। ৰাজা গোসাঁইগাঁও মহাবিদ্যালয়ৰ স্নাতকৰ পঞ্চম ষান্মাসিকৰ ছাত্র আছিল।
ৰাজাই গুৱাহাটীৰ বামুণীমৈদামৰ গুটখা কোম্পানীত কাম কৰিছিল। ২৩ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল ৰাজা নাৰ্জাৰী। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰা ৰাজাৰ মৃতদেহত আছিল আঘাতৰ চিন।ৰাজা নাৰ্জাৰীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ পৰিয়ালৰ।
Also Read: দেহত তেজ, অৰ্ধ নগ্ন অৱস্থাত সহায় বিচাৰি ১২ কিলোমিটাৰ খোজ কাঢ়িলে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে...