/asomiyapratidin/media/media_files/2024/11/17/PPY3quWEIwOOYK1YoOR9.jpg)
ডিজিটেল ডেস্ক: খাদ্যৰ প্ৰতি সচেতন নোহোৱাৰ ফলত বহু লোকে এনে খাদ্য গ্ৰহণ কৰে, যিয়ে তেওঁলোকৰ শৰীৰৰ বাবে ভয়াৱহ বিপদ মাতি আনিব পাৰে।আমি জ্ঞাতে বা অজ্ঞাতে খোৱা কিছুমান বগা খাদ্য অত্যাধিক গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। বিশেষকৈ শীতকালত।বিশেষজ্ঞৰ মতে, এইসমূহ বগা খাদ্য প্ৰকৃততে বগা বিহ। স্বাস্থ্যৰ পক্ষে অতি হানিকাৰক এনে খাদ্যৰ বিষয়ে আজি জানো আহক-
চেনি
অত্যাধিক চেনী গ্ৰহণ কৰিলে ওজন বৃদ্ধি, ডায়েবেটিচ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হ'ব পাৰে। শীতকালত আমাৰ শৰীৰে অধিক শক্তিৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, যাৰ ফলত মানুহ মিঠা খাদ্যৰ প্ৰতি অধিক আকৰ্ষিত হয়। কিন্তু ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। ডায়েবেটিক ৰোগী, হৃদৰোগত আক্ৰান্ত লোক আৰু ওজন হ্ৰাস কৰাৰ পৰিকল্পনা কৰা লোকসকলে ইয়াক গ্ৰহণ কৰিব নালাগে।
বগা চাউল
বগা চাউলত আঁহ খুব কমকৈ আৰু উচ্চ গ্লাইচেমিক সূচক থাকে, যাৰ ফলত ই দ্ৰুতগতিত ৰক্ত শৰ্কৰা বৃদ্ধি হয়।সেয়েহে পৰাপক্ষত বগা চাউল পৰিহাৰ কৰিব লাগে।
ময়দা
ময়দাত আঁহ আৰু পুষ্টি অতি কমকৈ থাকে। ইয়াৰ ফলত কোষ্ঠকাঠিন্য আৰু পেট ফুলাৰ দৰে সমস্যা হ'ব পাৰে। হজমজনিত সমস্যাত ভুগি থকা লোক, ডায়েবেটিক ৰোগী আৰু যিসকলে ওজন হ্ৰাস কৰাৰ প্ৰক্ৰিয়াত আছে তেওঁলোকে ময়দাৰ পৰা তৈয়াৰ কৰা খাদ্য গ্ৰহণ হ্ৰাস কৰিব লাগে।
নিমখ
শীতকালত উচ্চ পৰিমাণৰ নিমখ গ্ৰহণ কৰাটোয়ে কাৰ্ডিওভাস্কুলাৰ সমস্যা, উচ্চ ৰক্তচাপ আৰু বৃক্কৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।ইয়াৰ ফলত শৰীৰ ফুলা সমস্যা হ'ব পাৰে। উচ্চ ৰক্তচাপৰ ৰোগী আৰু বৃক্কৰ সমস্যা থকা লোকসকলে নিমখ গ্ৰহণ সীমিত কৰিব লাগে।
গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী
ঠাণ্ডাত গাখীৰ বা অন্যান্য দুগ্ধজাত সামগ্ৰী খোৱাটোয়ে চৰ্দি আৰু এলাৰ্জি বৃদ্ধি কৰে, যাৰ ফলত শ্লেষ্মা আৰু চৰ্দি আৰু কাহৰ সমস্যা হ'ব পাৰে। যিসকলৰ চৰ্দি-কাহ, শ্লেষ্মা বা এলাৰ্জিৰ সমস্যা আছে, তেওঁলোকে ঠাণ্ডাত দুগ্ধজাত সামগ্ৰী পৰিহাৰ কৰিব পাৰে।
Also Read: শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ একেবাৰে সহজ উপায়কেইটা জানি লওঁক