শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ একেবাৰে সহজ উপায়কেইটা জানি লওঁক

ঠাণ্ডাৰ দিনকেইটাত চৰ্দি, ভাইৰেল ফ্লুৰ দৰে সংক্ৰমণবোৰ যথেষ্ট পৰিমাণে বৃদ্ধি হয়। এই ঋতুত ৰোগ প্ৰতিৰোধ ক্ষমতাও যথেষ্ট দুৰ্বল হৈ পৰে।এনে পৰিস্থিতিত আপুনি আপোনাৰ আহাৰত কেৱল মাত্ৰ ৫বিধ ফল অন্তৰ্ভুক্ত কৰিয়েই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী তথা ভাইৰেল সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

author-image
Asomiya Pratidin
New Update
শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ একেবাৰে সহজ উপায়কেইটা জানি লওঁক

ডিজিটেল ডেস্ক: ঠাণ্ডাৰ দিনকেইটাত চৰ্দি, ভাইৰেল ফ্লুৰ দৰে সংক্ৰমণবোৰ যথেষ্ট পৰিমাণে বৃদ্ধি হয়। এই ঋতুত ৰোগ প্ৰতিৰোধ ক্ষমতাও যথেষ্ট দুৰ্বল হৈ পৰে।এনে পৰিস্থিতিত আপুনি আপোনাৰ আহাৰত কেৱল মাত্ৰ ৫বিধ ফল অন্তৰ্ভুক্ত কৰিয়েই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী তথা ভাইৰেল সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। ভাইৰেল সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আপুনি কোনকেইটা ফল খোৱাটো দৰকাৰী, আজি জানো আহক-

Advertisment

কমলা 

কমলা ভিটামিন-চিৰ এক অতি ভাল উৎস। ই শৰীৰক ঋতুগত সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে। শীতকালত নিয়মীয়াকৈ কমলা খোৱাটোৱে শৰীৰটোক শক্তিশালী কৰি তোলে। এই ঋতুত আপুনি কমলা ৰসো খাব পাৰে।   

প্লাম 

প্লাম এণ্টিঅক্সিডেণ্টৰ উৎস। ইয়াত পোৱা গুণাগুণবোৰে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। শীতকালত প্লাম খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়।

মধুৰিআম 

ইয়াক ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ বুলি গণ্য কৰা হয়। ই শৰীৰক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে আৰু যিকোনো ধৰণৰ ক্ষতিৰ পৰা কোষবোৰক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত মধুৰিআমঅতি উপকাৰী বুলিও বিবেচনা কৰা হয়। ইয়াত যথেষ্ট পৰিমাণৰ আঁহ থাকে, যি হৃদযন্ত্ৰ আৰু ডায়েবেটিচত ভুগি থকা লোকসকলৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হয়।

মৌচুমী

মৌচুমী হৈছে এক নেমুজাতীয় ফল, যি ভিটামিন-চি সমৃদ্ধ। সুস্বাদু মৌচুমী আপুনি ৰস তৈয়াৰ কৰিও খাব পাৰে। ইয়াত আঁহ থাকে যিয়ে পেটৰ সমস্যাৰ পৰা শৰীৰটোক সুৰক্ষিত কৰে। 

নাচপতি

নাচপতিত ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট সমৃদ্ধ। ইয়াত থকা প্ৰদাহ-প্ৰতিৰোধী গুণাগুণে শৰীৰটোক বিভিন্ন সমস্যাৰ পৰা সুৰক্ষা দিয়ে।সেয়েহে, যদি আপুনি এই ঋতুত স্বাস্থ্যৱান হৈ থাকিবলৈ বিচাৰে, তেন্তে নাচপতি খাব পাৰে।

Also Read: সাৱধান ! আজিৰ পৰা আৰু এই ফল মুখত নিদিব