/asomiyapratidin/media/media_files/2025/03/18/wWnYvqwJMSWzJ59mjY22.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ বেংগলী জনগোষ্ঠীৰ জলন্ত সমস্যাৱলী সমাধানৰ স্বাৰ্থত আপোচবিহীন সংগ্ৰাম চলাই যোৱা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ মাজৰবাৰী আৰু অনন্দনগৰ আঞ্চলিক সমিতিৰ যৌথ অষ্টম দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি তুংগত উঠিছে।
চিমেনমুখৰ নলাপাৰ বিবেকানন্দ সমন্বয় ক্ষেত্ৰত ২৭ আৰু ২৮ মাৰ্চত অনুষ্ঠিত হ'ব এই অধিবেশন। পুৰোহিতৰ মন্ত্ৰোচাৰণ, আয়তিৰ উৰুলি আৰু মাংগলিক নিয়মৰ মাজেৰে আজি স্থাপন কৰা হয় অধিৱেশনৰ লাইখুঁটা। মুকলি কৰা হয় আদৰণী সমিতিৰ অস্থায়ী কাৰ্যালয়।
এই অধিৱেশনতে মাজৰবাৰী আৰু আনন্দনগৰ আঞ্চলিক সমিতিক একত্ৰিত কৰি নতুন আঞ্চলিক সমিতি গঠন কৰা হ'ব। কাৰ্যসূচী সফল কৰি তুলিবলৈ সকলোকে সহযোগৰ আহ্বান জনালে আদৰণী সমিতিয়ে। অনুষ্ঠানত সংগঠনটোৰ জিলা, ৰাজ্যিক সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় গণমান্য ব্যক্তি উপস্থিত থাকে।