/asomiyapratidin/media/media_files/2025/06/24/1xcfcfc-2025-06-24-23-31-36.jpg)
ডিজিটেল সংবাদ, ধেমাজি: বিজেপি চৰকাৰে অসমৰ যুৱ প্ৰজন্মৰ ডেকা গাভৰুক কৰ্মসংস্থাপন দিয়াত বিফল হোৱাৰ বাবে আজি অসমৰ বিভিন্ন স্থানৰ বহু সংখ্যক ডেকা লৰাই কেৰেলা, বেংগালুৰু, চেন্নাইত গৈ শ্ৰমিকৰ কাম কৰিব লগা হৈছে ৷ এই ডেকা-গাভৰু নিবনুৱা সকলৰ কাৰণে কোনো এখন চৰকাৰেই কৰ্মসংস্থাপনৰ চিন্তা নকৰে - এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ৷
দুদিনীয়া ভ্ৰমণসূচীৰে ধেমাজিলৈ অহা অখিল গগৈয়ে মঙলবাৰে ধেমাজি সাহিত্য সভা ভৱনত অনুষ্ঠিত এখন ৰাইজৰ দলৰ বৃহৎ যোগদান সভাত অংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে কয় যে, যি মানুহে বিজেপি কৰে তেওঁৰ দেশপ্ৰেম নাই। বিজেপি কৰা মানে শাসন , শোষণ আৰু লুণ্ঠন কৰাকে বুজায় ৷ মোৰ বিৰুদ্ধে ১৬৫ টা গোচৰ আছে, আৰু সেই আটাইবোৰ হিমন্তৰ বিজেপি চৰকাৰে দিছে ৷
কাৰণ মই হিমন্তৰ কুকীৰ্তিবোৰ আৰু কেলেংকাৰীবোৰৰ লগতে বিজেপিৰ এই দুৰ্নীতি সমুহ অসমৰ ৰাইজৰ আগত উদঙাই আহিছো ৷ অসমৰ আটাইটকৈ দুই নম্বৰী আৰু কেলেংকাৰী মানুহজনেই হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এই কেলেংকাৰী মুখ্যমন্ত্ৰীজনৰ পৰা অসমৰ শাসনভাৰ অহা ২০২৬ চনত আমি কাঢ়ি লব লাগিব বুলি গগৈয়ে কয় ৷
উত্তৰ অসমৰ ধেমাজি জিলা তিনিটাও গুৰুত্বপূ বিধান সভা সমষ্টিৰ ভিতৰত ধেমাজি আৰু চিচিবৰগাঁও সমষ্টি দুটা ৰাইজৰ দলে জয়ী হবই লাগিব বুলি উল্লেখ কৰি সভাত উপস্থিত থকা সহস্ৰাধিক ৰাইজক বিজেপিৰ অপ শাসনৰ বিৰুদ্ধে শ্লো'গান দি ৰাইজৰ দলৰ সাংবিধানিক শপত বাক্য পাঠ কৰে ৷
ইয়াৰ বাবে অসমৰ ৰাইজ অধীৰ আগ্ৰহেৰে বাট চাই আছে বুলি উল্লেখ কৰি ২০২৬ ত আমাৰ সহযোগিতা অবিহনে কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি দাবী কৰি আমি অসমৰ পৰা কমেই এইবাৰ ২০ জন বিধায়ক জয়ী কৰাব বিছাৰোঁ বুলি উল্লেখ কৰে ৷ অসম বিধান সভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অকলে মই মাত লগা হৈছে যদিও এইবাৰ যদি ২০ গৰাকী বিধায়কে দিছপুৰ গৰকে তেনেহলে অসমত আৰু কোনো চৰকাৰে দৰিদ্ৰ ৰাইজক শাসন আৰু শোষণ কৰিব নোৱাৰিব, কৰৰ বুজা জাপি দিব নোৱাৰিব, টোলগেট উঠাই দিব লাগিব, পেট্ৰল আৰু ডিজেলৰ কৰ অসম চৰকাৰে এশ শতাংশ পাব লাগিব ৷
যদি মই মুখ্যমন্ত্ৰী হওঁ দিল্লীৰ বিৰুদ্ধে গৰজি থাকিম ৷ ২০২৬ চনত অসমৰ জনগণক এটা গণতান্ত্ৰিক শাসন ব্যৱস্থা ঘূৰাই দিবই লাগিব তাৰ বাবে আমি ৰাইজৰ দলে কংগ্ৰেছৰ লগত মিত্ৰতা বিছাৰিছো। কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাই স্বেচ্ছাচাৰী হিমন্তৰ শাসনৰ পৰা অসমীয়া জাতিক ৰক্ষা কৰিবই লাগিব।
আমি যিমান পাৰিছো আন সকলোবোৰ মিত্ৰতাৰ বাবে ত্যাগ কৰিবলৈ সাজু আছো, তাৰ বিপৰীতে কংগ্ৰেছ বা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মিত্ৰতাৰ প্ৰতি ইতিবাচক সঁহাৰি দিয়া নাই বুলি উল্লেখ কৰি বিলম্বিত মিত্ৰতাই জাতিদ্ৰোহী বিজেপিকহে সুযোগ দিব।
ইয়াৰ বিপৰীতে আমি বিজেপিক ২০২৬ ত বিদায় দিবলৈ মিত্ৰতাৰ পক্ষত আছিলোঁ, আছোঁ আৰু থাকিম বুলি উল্লেখ কৰি গৌৰৱ গগৈ বা কংগ্ৰেছ দলৰ বিৰুদ্ধে নেতিবাচক প্ৰশ্নৰ অৱতাৰন নকৰিবলৈ ৰাইজৰ দলে আহ্বান জনায় ৷ ২০২৬ চনত বিৰোধী চৰকাৰ হবৰ বাবে ৰাইজৰ দলেই নহয়, সমগ্ৰ অসমৰ মানুহে ৰৈ আছে যে, কংগ্ৰেছে নিজৰ দল শক্তিশালী কৰাৰ লগে লগে সকলো বিৰোধী দল লগহৈ ২০২৬ চনত বিজেপিক পৰাভূত কৰিবলৈ ঐক্যবদ্ধ হব বুলি উল্লেখ কৰে ৷
ভাষনত গগৈয়ে কয় যে, অসমত ৰাইজৰ দলৰ বা সমৰ্থনত চৰকাৰ হলে ৪ টা মুখ্য কাম কৰিব ৷ তাৰ ভিতৰত অসমত আকাশলৈ চাই কঠিয়া পৰাৰ নিয়ম বাতিল কৰি অসমৰ প্ৰতিখন গাঁৱৰ খেতিপথাৰলৈ পানীৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা, অসমৰ খেতিয়কৰ যিকোনো খেতিৰ যি শস্য উৎপাদন কৰে চৰকাৰী আইন বনাই তাৰ উচিত মুল্য দিয়া হব, অসমৰ প্ৰত্যেকখন গাঁৱত সৰু সৰু উদ্যোগ স্থাপন কৰি কেৰেলা, বেংগালুৰু, চেন্নাইলৈ অসমৰ যুৱক হাজিৰা কৰিবলৈ যোৱা ব্যৱস্থা বন্ধ কৰা আৰু অসমৰ পথাৰ আৰু বজাৰ অসমীয়াৰ হাতলৈ আনিব লাগিব বুলি ভাষনত অখিল গগৈয়ে উল্লেখ কৰে ৷
দুগ্ধ উন্নয়ন খণ্ডত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰকৃত দুগ্ধ উন্নয়ন খণ্ডৰ হিতাধিকাৰী সকলক বঞ্চিত কৰি নিজে মন্ত্ৰী, বিধায়ক হৈ পৰিয়ালৰ নামত ৫০ লাখকৈ টকালৈ চৰকাৰী নীতিৰ পৰিপন্থীৰ কাম কৰিছে বুলি অভিযোগ কৰি এনে ভূল কৰ্মৰ বাবে দুয়োকে ৰাইজৰ ওচৰত আঠু লৈ সেৱা কৰিবলৈ আহ্বান জনায় ৷
লগতে এই সমাজ বিৰোধী কাৰ্য্য অথবা ভুল কামৰ বাবে সমৰ্থন জনোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাম উকীল বুলি আখ্যা দি তেওঁকো ৰাইজৰ ওচৰত আঠু কাঢ়ি ভুল স্বীকাৰ কৰিবলৈ অখিল গগৈয়ে আহবান জনায় ৷
ৰাইজৰ দলৰ ধেমাজি জিলা সমিতিৰ সভাপতি আনন্দৰাম দলেৰ সঞ্চালনাত অনুষ্ঠিত আজিৰ যোগদান সভাত ধেমাজিৰ যুৱ নেতা তথা ধেমাজি জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি বাবুল সোনোৱাল, জিলা সমিতিৰ উপসভাপতি মামনি কলিতা, সাধাৰণ সম্পাদক খগেন শইকীয়া, মনিকা সোনোৱাল, জিন্টু হাজং, গৌৰী শংকৰ, শৰৎ বৰদলৈ, অধীৰ শইকীয়া, ঋতুৰাজ চুতীয়া, জিলা আই টি চেলৰ সমন্বয়ক হোমন শইকীয়াসহ ধেমাজি ব্লকৰ সভাপতি জয়ন্ত বৰা , বৰদলনি ব্লকৰ সভাপতি সুবেন দেউৰী, গোগামুখ, মাছখোৱা, চিচিবৰগাঁও ব্লক সমিতিৰ সভাপতি আৰু সম্পাদক সহ দুই শতাধিক দলীয় সমৰ্থক সহ আজি অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলত যোগদান কৰে ৷
বিধায়ক অখিল গগৈয়ে বাবুল সোনোৱালক ৰাইজৰ দললৈ আদৰনী জনায় ৷ ইয়াৰোপৰি কংগ্ৰেছ দলৰ পদ্মা দলেৰ নেতৃত্বত দহ গৰাকী, মাছখোৱা আঞ্চলিক অসম গন পৰিষদৰ নেতা বুদ্বেশ্বৰ কোঁৱৰৰ নেতৃত্বত ১১ গৰাকী, বেতনীপাম পঞ্চায়তৰ বিজেপি দলৰ নেতা ভোগেশ্বৰ বৰাৰ নেতৃত্বত ৯ গৰাকী বিজেপি দলৰ কৰ্মীয়ে আজি আনুষ্ঠানিকভাৱে আজি অখিল গগৈৰ সাক্ষাৎতত ৰাইজৰ দলত যোগদান কৰে ৷
আনহাতে উত্তৰ ধেমাজিৰ নাৰায়ণ বৰাৰ নেতৃত্বত ২৫ গৰাকী আৰু চিচিবৰগাঁও সমষ্টিৰ ৰুদ্ৰ ভুঞাৰ নেতৃত্বত ৫৫ গৰাকী নেতাই আজি ৰাইজৰ দলত যোগদান কৰে ৷ উল্লেখ্য যে, ধেমাজিৰ যুৱনেতা বাবুল সোনোৱালে বিগত ২০১৭ চনৰ উপনিৰ্বাচনত ধেমাজি সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্ব্বিতা কৰি ৬৫৯৩২ টা ভোট লাভ কৰি মাত্ৰ ৯২৮৫ টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল ৷
ৰাইজৰ দলৰ জিলা সভাপতি আনন্দৰাম দলেৰ উপৰিও সাধাৰণ সম্পাদক বীৰেন্দ্ৰ বুল গগৈ, সম্পাদক পুলেন চুতীয়া, চিচিবৰগাঁও সমষ্টিৰ সভাপতি ভদ্ৰেশ্বৰ চুতীয়া, কাৰ্যকৰী সভাপতি প্ৰসন্ন বড়া, ভাষিক সংখ্যালঘু আহ্বায়ক ৰঞ্জিত কুমাৰ ৰয়, সাংগঠনিক সম্পাদক নৱজিৎ গগৈ, জিলা সভাপতি প্ৰাঞ্জিত বুঢ়াগোহাঁই, জাতীয় নাৰী বাহিনীৰ সভানেত্ৰী টুটুমনি শইকীয়া, সাধাৰণ সম্পাদক মঞ্জু গগৈ, জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞাঁ উপস্থিত থাকে।