/asomiyapratidin/media/media_files/2025/07/20/1-2025-07-20-20-48-29.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ অৰুণাচল প্ৰদেশৰ লিকা বালিৰ সমীপৰ পৰা চিলাসুতি পঞ্চায়তৰ মাজেৰে বৈ অহা মেকুৰী নলাৰ তাণ্ডৱত যমৰ যাতনা ভূগিছে গঞাই। নলাৰ নামনি অংশত চেদেলী ভেদেলী হৈ পৰা নলাই অঞ্চলটোৰ জীপু,ঘগৰা,দাৰা, ব্ৰীজবাৰী,বৰহ্মপুৰ,চিলা ব্ৰহ্মপুৰ আদি আধাকুৰি গাঁৱৰ ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰা কৰি তুলিছে।
চিলাসুতিৰ পৰা মালিনীপুৰ লৈকে প্ৰসাৰিত একমাত্ৰ পকী পথছোৱা পুতি পেলালে মেকুৰী নলাই। চতুৰ্দিশে মাথো পানী আৰু পলস। যান বাহনৰ কথাটো বাদেই এখন চাইকেল অথবা পদব্ৰজে যোৱাতো অসম্ভৱ। প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা কেইবাটাও অংশৰ বৰ্তমান নাই কোনো চিন মোকাম।
এই পৰিস্থিতিত চৰম হৰাশাস্তিৰ সন্মুখীন হৈছে সাধাৰণ ৰাইজ। ৰোগত আক্ৰান্ত বহু লোক, প্ৰসূতি আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰী। নলাটোৰ ধাৰাবাহিক তাণ্ডৱৰ বাবেই ঘৰ-বাৰী এৰি স্থানান্তৰ হ'ল বহু পৰিয়াল। বালিৰ পলসে পুতি পেলাইছে বিস্তৃত কৃষিভূমি। সকলোতে পানী আৰু পলস। গঞাৰ চোতালৰ পৰা পাক ঘৰলৈ একাঠু পৰ্যন্ত পলস।
ইফালে ৰাইজৰ এই সমস্যাৰ পাছতো কোনো গুৰুত্ব নাই জন প্ৰতিনিধিৰ। ৰাইজৰ অভিযোগ অনুসৰি, কেৱল নিৰ্বাচনৰ সময়তহে মনত পৰে এই অঞ্চলৰ ৰাইজক। পৰিবৰ্তন আৰু উন্নয়নৰ বৰ বৰ ভাষণ দিয়া জন প্ৰতিনিধিৰ চলাহী কথাত এইবাৰ পতিয়ণ নাযাই গঞা। সমাগত নিৰ্বাচনৰ আগতে অঞ্চলটো পৰিদৰ্শন কৰি পথচোৱা নিৰ্মাণৰ লগতে পাহাৰীয়া মেকুৰী নলা নিয়ন্ত্ৰণৰ ব্যৱস্থা নকৰিলে সমাগত নিৰ্বাচনত ভোট বৰ্জন কৰিব বুলি সকীয়াই দিলে গঞাই।