/asomiyapratidin/media/media_files/2025/04/20/NstlTj6Iqu1MrT1K80RY.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ চিমেন চাপৰি খেৰণি গাঁৱৰ নামঘৰত আজি জোনাই জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘ জোনাই জিলা আইমাতৃ কল্যাণ সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। জিলা সম্পাদিকা মঞ্জু দাসে আঁতধৰা সভাখন সভাপতিত্ব কৰে জিলা আই মাতৃ কল্যাণ সমিতিৰ জিলা সভানেত্ৰী মণি বৰাই।
উপদেষ্টা স্বৰ্ণলতা ফুকনে সমজুৱা প্ৰাৰ্থনাৰ আঁত ধৰে। পূৰ্বাঞ্চল,চিমেন চাপৰি, শংকৰ মাধৱ,চিচি শিৰোমণি আৰু মৰিধল আঞ্চলিক শাখাৰ ৭৫ খন প্ৰাথমিক শাখাৰ অৰ্ধশতাধিক বিষয়ববীয়া আৰু সদস্যাই অংশ গ্ৰহণ কৰা সভাখনত জিলা সম্পাদক লোকনাথ বৰদলৈ,জিলা সাহিত্য শাখাৰ সভাপতি ভুবন দাস,আই মাতৃ কল্যাণ সমিতিৰ কেন্দ্ৰীয় সদস্যা নিভা নেওঁগ,প্ৰাক্তন কেন্দ্ৰীয় সদস্যা ৰিংকুমণি ৰাজবংশী,উপদেষ্টা দুৰ্গেশ্বৰী মহন আদিয়ে শংকৰদেৱ সংঘৰ বিভিন্ন দিশৰ ওপৰত তত্ব গধূৰ ভাষণ দিয়ে ।
নাম প্ৰসঙ্গৰে মুখৰিত হৈ ৰ'ল ব'হাগৰ দুপৰীয়া। সভাত নৱ নিৰ্বাচিত বিষয়ববীয়া সকলক উপদেষ্টা স্বৰ্ণলতা ফুকনে শপত গ্ৰহণ কৰায়। সভাৰ সিদ্ধান্ত অনুসৰি অহা ৫ জুন তাৰিখে চিচিবৰগাঁও মহাবিদ্যালয়ত জিলা শাখাই পৰিবেশ দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
লগতে জিলা শাখাই অনাগত দিনবোৰত আয়োজন কৰিব লগীয়া সকলো কাৰ্যসূচীতে পূৰ্ণ পৰ্যায়ৰ সহযোগ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে। সভাত দূৰ্লভ মণিকা বৰা ফুকনৰ নেতৃত্বত আই সকলে দিহা নাম পৰিবেশন কৰে। শেষত গুৰু বন্দনাৰে সভানেত্ৰীয়ে সভা ভঙ্গ ঘোষণা কৰে ।