/asomiyapratidin/media/media_files/2026/02/17/4-2026-02-17-12-51-22.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি নগৰৰ এৰাধলৰ নিবাসী তথা প্রজাপিতা ব্রহ্ম কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় ধেমাজি শাখাৰ এগৰাকী একান্ত সাধক, ধৰ্মপ্ৰাণ মহিলা পুতলী চুতীয়াৰ দেওবাৰে ৰাতি ডিব্ৰুগড় ব্যক্তিগত সঞ্জীৱনী নাৰ্চিংহোমত চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে। দেওবাৰে পুৱাই ঘৰত থকা অৱস্থাতে হঠাতে উচ্চ ৰক্তচাপত আক্ৰান্ত হয়। ততাতৈয়াকৈ মহিলাগৰাকীক ধেমাজি ব্যক্তিগত নাৰ্চিংহোম কেয়াৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ধেমাজি চিকিৎসকে ডিব্ৰুগড়ৰ লৈ প্ৰেৰণ কৰিছিল ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/17/whatsapp-im-2026-02-17-12-49-02.jpeg)
ডিব্ৰুগড়ত কেইবা ঘন্টা ধৰি চিকিৎসাধীন অন্তত ৰাতি ১১.৪৫ মিনিটত চিকিৎসকে ধৰ্মপ্ৰাণ মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷ ১৯৯৯ চনৰ পৰাই একেৰাহে ২৭ বছৰ ধৰি প্ৰজাপিতা ব্ৰম্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত জড়িত হৈ থকা ধেমাজি শাখাৰ একান্ত সাধক ধৰ্মপ্ৰাণ মহিলা গৰাকীৰ মৃত্যুৰ খৱৰে সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us